এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২
[৩য় অ ২য় দৃ
সীতা
২য় দৃশ্য—বাল্মিকিৰ অশ্ৰম
[সীতা আৰু নিবেদিতা]
(নিবেদিতাৰ গীত)
ফুলৰে তৰণি নাই,
পাহি কুমলীয়া হাঁহে মিচিকীয়া
কিহৰে বতৰা পাই।
আহিছে মলয়া ৰেণু মেলি দিয়া
দেহা শাঁতে কৰি যায়,
কুলি কেতেকীয়ে মাতে ঠেৱে ঠেৱে
নাচিছে পখিলা বাই।
| সীতা— | এইটো দেখোন নতুন গীত, আগেয়ে শুনোৱা নাই কিয়? |
| নিবেদিতা— | কালিহে শিকিছো; আজি শুনাইছোৱেই নহয়। |
(লৱ আৰু কুশৰ প্ৰবেশ)
| লৱ— | মাতা আশীৰ্ব্বাদ কৰাঁ। |
| কুশ— | সোনকালে মাতৃ, সোনকালে। |
| সীতা— | এতিয়া আকৌ কিয় আশীৰ্ব্বাদ লগা হ’ল? |
| কুশ— | আগেয়ে কৰাচোন বাৰু। |
| সীতা— | কৰিছো বাৰু, কুশল হওক। |
| কুশ— | সেইদৰে নহয় জয় হৰি বোলাঁ। |
| সীতা— | জয়ৰ আশীৰ্ব্বাদ কিছু লাগে বাচাহঁত? |
| লৱ— | কৰাচোন বাৰু। |