এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০
[ ১ম অ ৪ৰ্থ দৃ
সীতা
সীতা— | কি কৈছা তুমি? |
লক্ষ্মণ— | চিন্তা কৰি ৰঘুনাথে,
বিধানিছে সীতা নিৰ্ব্বাসন। |
সীতা— | মিছা কথা। |
লক্ষ্মণ— | তুমি মাতৃ মোৰ, কৰিবা প্ৰত্যয়
অযোধ্যাই আজি আৰু নিচিনে তোমাক। |
সীতা— | ৰঘুনাথে সঁচাকৈয়ে মোক নিৰ্ব্বাসন দিছেনে? কিয়? |
লক্ষ্মণ— | প্ৰজাৰ তুষ্টিৰ হেতু। |
সীতা— | অযোধ্যাৰ প্ৰজাই জানো মোক বেয়া পায়? |
লক্ষ্মণ— | নুসুধিবা, নুসুধিবা দেবি
ধৰো চৰণত— |
সীতা— | কোৱাঁ, ক’ব লাগিব। মোক অবজ্ঞা নকৰিবাঁ লক্ষ্মণ। |
লক্ষ্মণ— | বন্দিনী থকাৰ হেতু ৰাৱণ-পুৰীত
তুমি—তুমি—বোলে⸺ |
সীতা— | কোৱাঁ। |
লক্ষ্মণ— | তুমি—তুমি—বোলে বিমলিনা সতি। |
সীতা— | মই—উঃ— (মূৰ্চ্ছা যায়) |
লক্ষ্মণ— | বিস্তৃতিতে লভা শান্তি দেবি,
মাগিছো বিদায়। ( প্ৰস্থান ) |