এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০
[৪ৰ্থ অ ১ম দৃ
সীতা
| লক্ষ্মণ— | শুনা প্ৰজাগণ
(প্ৰজা নিমাত) |
| লক্ষ্মণ— | কি! কি!! (ধনুবাণ ল’ব খোজে) |
| সীতা— | শান্ত হোৱাঁ লক্ষ্মণ, মই নিজেই পৰীক্ষা দিম। মাতৃ বসুমতি, মই কাতৰে মাতিছো, দেখা দিয়া আই। |
( দূৰত মৃদু সঙ্গীত বাজি উঠে )
| বাল্মিকি— | সৰ্ব্বনাশ, সৰ্ব্বনাশ হ’ল উপস্থিত।
|
(সঙ্গীত ক্ৰমে ডাঙৰ হয়; মাটি ফাটি বসুমতী ওলায়)
| বসুমতী— | আহা সীতা। |
| সীতা— | নাথ, প্ৰাণেশ্বৰ—বিদায়। |
(সীতা বসুমতীৰ সৈতে পাতাল সোমায়; সভা চঞ্চল হয়।)
| ৰাম— | সীতা, সীতা, সীতা, লক্ষ্মণ, লক্ষ্মণ –(অচেতন হয়।) |
—যবনিকা—