এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩য় অ ১ম দৃ]
২১
সীতা
সীতা— | কিমান দিন হ’ব পিতা? |
বাল্মিকি— | মই শীঘ্ৰে আহিম। ৰামে অশ্বমেধ আয়োজন কৰিছে, তাতো উপস্থিত থাকিব লাগিব। |
সীতা— | ৰঘুপতিয়ে যজ্ঞ আয়োজন কৰিছে? কিন্তু, পিতা—সহধৰ্ম্মিণী নহলে বোলে অশ্বমেধ কৰিব নোৱাৰে। |
বাল্মিকি— | ৰামে বিধি মতে কাৰ্য্য কৰিব দেবি। |
সীতা— | তেন্তে, সেই ভাগ্যৱতীজনা কোন পিতা? |
বাল্মিকি— | তুমি সতি। |
সীতা— | আপোনাৰ মুখত উপহাস শোভা নেপায় পিতা। |
বাল্মিকি— | সত্য কথা, নোহে উপহাস।
দেবি, মই এতিয়া যাত্ৰাৰ নিমিত্তে প্ৰস্তুত হঁওগৈ। ( গৈ গৈ )
|
(দুয়োৰো দুফালে প্ৰস্থান)
⸻