এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪
[২য় অ হয় দৃ
সীতা
২য় দৃশ্য—বাল্মিকিৰ আশ্ৰম!
(সীতা আৰু নিবেদিতা)
| সীতা— | নিবেদিতা, সেই “নেলাগে বজাব” গীতটি গোৱাচোন। |
| নিবেদিতা— | মই নেগাওঁ দেবি। |
| সীতা— | গোৱা নিবেদিতা, নহলে মই বেয়া পাম। |
| নিবেদিতা— | সেই গীতটো শুনি তোমাক কন্দা দেখিলে ময়ো বেয়া পাওঁ। |
| সীতা— | মই বাৰু নেকান্দো তুমি গোৱাঁ। গোৱাঁ নিবেদিতা। |
| নিবেদিতা— | তুমি সচাকৈৰে নেকান্দো বুলিলেহে মই গাম। |
| সীতা— | নেকান্দো বাৰু। |
| নিবেদিতা— | সচাকৈয়েনে? |
| সীতা— | সচাকৈয়ে মই নেকান্দো, তুমি গোৱাঁ। |
(নিবেদিতাৰ গীত)
নেলাগে বজাব মধুৰ বাগিণী
অমিয়া বৰষা সুৱদি গান
বুলোৱাঁ বীণত কৰুণ কপনি
নামক নিজৰি লোতক বান
মনে যতনেৰে অকা ছখিনি
নিঠুৰ দিঠকে দিলে ভাঙি ছিঙি
মনৰে চানেকি লই বাৰে বাৰে
নোখোজে থাকিব প্ৰাণ।