সাৰথি/প্ৰথম ভাগ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
সাৰথি
লেখক সত্যনাথ বৰা
[  ]

সাৰথি

প্ৰথম ভাগ

মনুষ্য জীৱনৰ লক্ষ্য


       সংসাৰখন কেৱল এটা জীৱৰ সোঁত। এই সোঁত অনাদি কালৰ পৰা বৈ আছে, আৰু অনন্ত কাললৈ বৈ থাকিব। ইয়াত জীৱবিলাক জাকে জাকে, চামে চামে আহি আছে গৈ আছে, পশু, পক্ষী, গছ, লতা সকলো এচাম মৰিছে, এচাম ওলাইছে। নদীৰ পানী যেনেকৈ লেথাৰি ধৰি আহি আছে গৈ আছে, আৰু সেই দেখি পানীৰ এটা সোঁত পৰিছে, সেই দৰে জীৱবিলাকো লেথাৰি ধৰি, মাজত শূন্য নোহোৱাকৈ আহি আছে গৈ আছে, আৰু সেই দেখি জীৱৰ এটা সোঁত পৰিছে। এই সোঁতটোক সাধাৰণ কথাত মানুহে সংসাৰ বোলে। জীৱৰ জাতি অনুসৰি সংসাৰ সোঁতক ভাগ কৰিব পাৰি। পশু, পক্ষী, পোক, পৰুৱা আদি অমাত প্ৰাণীবিলাক এচাম মৰি এচাম ওলাইছে, এইদৰে চামে চামে আহি গৈ থকাত সিহঁতৰ এটা অখণ্ড সোঁত পৰিছে, সেই সোঁতটোক পশু জাতিৰ সুঁতি বা পশুসুঁতি বুলিব পাৰি। এইদৰে গছ, লতা, তৃণ আদি গজন জীৱবিলাকো মাজত শূন্য নপৰাকৈ এচাম মৰি এচাম আহিছে, আৰু এইদৰে আহি গৈ থকাত সিহঁতৰো এটা অখণ্ড সোঁত পৰিছে, এই সোঁতটোক গজন সুঁতি বা উদ্ভিদ সুঁতি বুলিব পাৰি। এই দুই সুঁতিৰ মাজে সংসাৰত আৰু এক সুঁতি আছে। পশু, পক্ষী, গছ-গছনিৰ নিচিনা মানুহো সংসাৰত লানী পাতি চামে চামে আহি আছে গৈ আছে, আৰু এইদৰে আহি গৈ থকাৰ নিমিত্তে সিহঁতৰো এটা অখণ্ড সোঁত পৰিছে, এই সোঁতটোক মনুষ্য সুঁতি বুলিব পাৰি। সংসাৰ সোঁত এই তিনটা ভিন ভিন সুঁতিৰ সমষ্টি মাথোন। সংসাৰ সোঁতক তিনি ভাগ নকৰি মুঠতে দুভাগ কৰিবও পৰা যায়। পৃথিৱীতে মুঠতে দুই শ্ৰেণীৰ জীৱ আছে; এক শ্ৰেণীৰ জীৱবিলাক লৰি চৰি ফুৰিব পাৰে যেনে, মনুষ্য, পশু, পক্ষী, পোক, পৰুৱা ইত্যাদি, সি শ্ৰেণীৰ বিলাকে নোৱাৰে যেনে গছ, লতা, তৃণ ইত্যাদি। লৰি চৰি ফুৰিব পৰা [  ] জীৱবিলাকক সাধাৰণ কথাত ভ্ৰমণ জীৱ আৰু নোৱাৰা বিলাকক গজন জীৱ বোলে। এতেকে সংসাৰ সোঁতটোক মুঠতে দুটা সুঁতিত ভগাব পৰা যায়,এটা ভ্ৰমণ সুঁতি আৰু এটা গজন সুঁতি, এই দুই সুঁতি গোট খাই বিৰাট সংসাৰসোঁত হৈছে।

 ভ্ৰমণ সুঁতি আৰু গজন সুঁতি চিৰকাল বৈ আছে, কিন্তু কিয় বৈ আছে, তাকে কোনেও এই পৰিমিত ছিদাংকৈ ক'ব পৰা নাই, আৰু সেই কথা আমাৰ আলোচনাৰ বিষয়ো নহয়। নানা জীৱৰ নানা সুঁতি আদিৰ পৰা আজিলৈকে চলি আছে, আৰু আগলৈকো চলি থাকিব, তাক কোনেও বাধিব নোৱাৰে। বনৰ পশু, আকাশৰ পক্ষী বা পানীৰ মাছ একোৱে নোপজোঁ বুলি নুপজি, বা নমৰোঁ বুলি নমৰি থাকিব পৰা নাই। সকলোৱে নিয়তিৰ দণ্ডিত জনম লৈ, নিয়তিৰ ডঁৰিয়লিত আয়ুস ভুগি অন্তত অনিচ্ছাতো সংসাৰ এৰি যাব লাগিছে। মানুহো এই অখণ্ডনীয় নিয়তিৰ অধীন, তাৰ দণ্ডিত সিহঁতেও সংসাৰত জনম ধৰি, নানা সুখ দুখ ভোগ কৰি অৱশেষত প্ৰাণ এৰিছে, নহওঁ বুলি নহৈ, বা নযাওঁ বুলি নগৈ থাকিব পৰা নাই। এতেকে দেখা যায় যে অলপ হওক, সৰহ হওক, কিছুমান দিন সংসাৰত বাস কৰাটো মানুহৰ পক্ষে অখণ্ডনীয় বাসনা। এতিয়া আলোচনাৰ কথা এই যে সংসাৰত থকা কালখিনি মানুহে কি কৰি কটোৱা উচিত।

 গজন জীৱ সম্বন্ধে জগত গৰাকীয়ে এটা নিয়ম বান্ধি দিছে, সেই নিয়ম অনুসৰি সিহঁতে সংসাৰত জীৱন কটায়। ভ্ৰমণ জীৱৰ ভিতৰতো পশু জাতি সম্বন্ধে নিয়ম বন্ধা আছে, পশুবোৰেও সেই নিয়ম অনুসৰি আহাৰ কৰে, সেই নিয়ম অনুসৰি টোপনি যায়, আৰু সন্তান উৎপাদন কৰি জীৱন কটায়। কিন্তু মনুষ্য সম্বন্ধে কোনো বন্ধা নিয়ম নাই। মনুষ্য জীৱন গজন বা পশুৰ নিচিনা নহয়, মনুষ্য বহুত বিষয়ত স্বাধীন। সিহঁতে নিজ বুদ্ধিৰে ভাল বেয়া,যুগুত অযুগুত, সুচল অসুচল বিবেচনা কৰি চলিব পাৰে। জগত স্ৰজোঁতা জনে মানুহক সকলো প্ৰাণীতকৈ শ্ৰেষ্ঠ কৰি স্ৰজন কৰিছে, মানুহক তেওঁ জ্ঞান দিছে, আন প্ৰাণীক দিয়া নাই। জ্ঞান মানুহৰ সুকীয়া বিভূতি, ই পশু জীৱনত দুৰ্ল্লভ; দৰাচল পক্ষত চাবলৈ গ'লে জ্ঞানৰ নিমিত্তেহে মানুহ মানুহ নাম পাইছে, আন সকলো বিষয়তে পশু আৰু মানুহ একে। পশুবোৰেও খায়, শোৱে আৰু সন্তান জন্মাই সংসাৰৰ পশু সুঁতি অটুট ৰাখে। মানুহেও সেইদৰে খায়,শোৱে, আৰু সন্তান জন্মাই সংসাৰৰ মনুষ্য সুঁতি অটুট ৰাখে। এতেকে দেখা যায় যে জ্ঞান যেন আপুৰুগীয়া বিভূতীৰ গৰাকী যে মানুহ, [  ] সিহঁতে কেৱল আহাৰ কৰি, নিদ্ৰা গৈ, আৰু সন্তান উৎপাদন কৰি সংসাৰত জীৱন কটোৱা উচিত নহয়; সেইদৰে জীৱন কটালে মানুহ আৰু পশুৰ ভিতৰত কোনো ভেদাভেদ নাথাকে। মানুহে জ্ঞানৰ কৰ্ম্ম কৰিলেহে মানুহ নামৰ গৰাকী হ'ব পাৰে।

 জ্ঞানৰ কৰ্ম্ম কি? এই প্ৰশ্নৰ উত্তৰ ঠাৱৰাবলৈ আমি নতুনকৈ আন্দোলন আলোচনা কৰিব নালাগে, ইয়াৰ উত্তৰ আগৰ পৰা থিৰাং হৈ আছে। মানুহ উৎপত্তি হবৰ আজি অনেক যুগ হ'ল, ইয়াৰ ভিতৰত অনেক আৰু বুদ্ধিমন্ত মানুহে উপজি সংসাৰত বাস কৰি, মৰি গৈছে। সেই জ্ঞানীবিলাকে সংসাৰ বাস সম্বন্ধে বহুত আলোচনা কৰি এটা স্থিৰ সিদ্ধান্ত কৰি থৈছে। পাচত যিবিলাক জ্ঞানীৰ জন্ম হৈছিল, তেওঁলোকেও সেই সিদ্ধান্ত কৰি থৈছে। পাচত যিবিলাক জ্ঞানীৰ জন্ম হৈছিল, তেওঁলোকেও সেই সিদ্ধান্ত যুক্তিসঙ্গত দেখি, সেইদৰে চলি জীৱন কটাইছিল। আমিও সেই সিদ্ধান্ত মতে চলিলেই সংসাৰত সুখে সুকলমে জীৱন কটাব পাৰিম, ইয়াৰ কোনো সন্দেহ নাই।

 আগৰ জ্ঞানীবিলাকৰ ভিতৰত দুই শ্ৰেণীৰ মানুহ আছিল। এই দুই শ্ৰেণীৰ মানুহে দুই ৰকমে সিদ্ধান্ত কৰি গৈছে। কিন্তু সিদ্ধান্ত দুৰকম হলেও, সিহঁতৰ মূল একোটা মাথোন। দুয়ো শ্ৰেণীৰ পণ্ডিতে কয় যে, মানুহে সংসাৰত থকা দিন কেইটা সদায় উধাবলৈ চেষ্টা কৰি কটোৱা উচিত, পশু জাতিৰ নিচিনা কেৱল খাই শুই কটোৱা উচিত নহয়। এই খিনিলৈকে দুয়ো শ্ৰেণী পণ্ডিতৰ মিল। কিন্তু কোন বিষয়ত উধাবলৈ চেষ্টা কৰা উচিত, এই কথাত তেওঁলোকৰ মিল নাই, এই সম্বন্ধে ভিন ভিন পণ্ডিতে কয় যে সংসাৰখন কেৱল ভুৱা, তাৰ বিভূতি বৈভৱ কেৱল ফাঁকি, সংসাৰৰ প্ৰাণীবিলাক পানীৰ বুৰবুৰণিৰ নিচিনা খন্তেকীয়া, এই আছে এই নাই। এতেকে খন্তেকীয়া জীৱনত মিছা বিভূতি বৈভূৱৰ নিমিত্তে হাবাথুৰি খাই ফুৰাৰ কোনো কাৰণ নাই, কেৱল পৰকালৰ অনন্ত জীৱনৰ উদ্‌গতিৰ নিমিত্তে দেহেকেহে চেষ্টা কৰি জীৱন কটোৱা উচিত। এই মত সাৰোগত কৰি, বহুত মানুহে সংসাৰৰ সুখ সম্পদ এৰি দি কোনোৱে বৈৰাগী হৈ দিহিঙ্গে দিপাঙ্গে ফুৰিছে, কোনোৱে সন্ন্যাসী হৈ জটা-বাকলি পিন্ধি কেৱল ঈশ্বৰ চিন্তাত দিন কটাইছে। দ্বিতীয় শ্ৰেণীৰ পণ্ডিতবিলাকে এই মত ষোল কলায় সমৰ্থন নকৰে। তেওঁলোকে কয় যে সংসাৰ বা সংসাৰৰ সুখ সম্পদ ভুৱা নহয়, তাত সাৰুৱা বস্তু আছে। সংসাৰত থকা কালখিনি সুখেৰে কটাবলৈ ঈশ্বৰে দয়া কৰি মানুহক সুখৰ আয়োজন কৰি দিছে; তাক পৰিহাৰ কৰি সন্ন্যাসী বা বৈৰাগী হ'লে আদৰক নেওচন দিয়া হয়, আৰু ঈশ্বৰৰ ইচ্ছা অৱজ্ঞা কৰা হয়। [  ] সংসাৰত যেতিয়া থাকিবই লাগিব সুখ কৰি থকাই ভাল। এতেকে ঈশ্বৰে দিয়া জ্ঞান বুদ্ধি চালনা কৰি, সংসাৰৰ বিভূতি বৈভৱ গোটাই লৈ, নিজৰ আৰু আনৰ সুখ সম্পদ বঢ়াবলৈ, আৰু সৰ্ব্বসাধাৰণ জগতবাসীক বৰ্ত্তমান অৱস্থাৰ পৰা উচ্চ অৱস্থাত তুলিবলৈ চেষ্টা কৰি জীৱন কটোৱা উচিত। সংসাৰত এই সিদ্ধান্ত মতে চলা মানুহৰ সংখ্যা সৰহ আৰু আজি পৰিমিতি জগতৰ যি উদ্‌গতি হৈছে সিও এইবিলাক মানুহৰ পুৰুষাৰ্থত হে হৈছে। এতেকে আমিও এই সিদ্ধান্ত মতেই চলা উচিত।

       ওপৰত কোৱা কথাৰ পৰা জনা যায় যে, সংসাৰত উদ্‌গতি কৰাই মানুহৰ জীৱনৰ সঙ্কল্প বা লক্ষ্য হোৱা উচিত। কিন্তু কিছুমান মানুহে বিবেচনা কৰে যে নিজৰ অন্ন-জল যুগুত কৰাই উদ্‌গতিৰ ওৰ, আৰু জ্ঞান বুদ্ধিৰ শেষ কৰ্ম্ম। সেই দেখি সিহঁতে যেতিয়ালৈকে অভাৱৰ চেঙ্গা পায়, তেতিয়ালৈকে উদ্‌গতিৰ চেষ্টা কৰে, অভাৱ আঁতৰিলেই চেষ্টা এৰি দিয়ে। অন্ন-জলৰ সঙ্গতি লাগি উঠাৰ পাচত সিহঁতৰ জীৱন পশুজীৱনৰ নিচিনা কেৱল শয়ন ভোজনৰ আবৰ্ত্তন মাথোন। এই শ্ৰেণীৰ মানুহৰ পটন্তৰলৈ চাই চলিবলৈ হোৱা হেঁতেন, আমি বৰ্ত্তমান সভ্যতাৰ এই বিনন্দীয়া পোহৰ কেতিয়াও নেদেখিলোঁ হেঁতেন। যথাৰ্থ পক্ষত মনুষ্য জাতিৰ উদ্‌গতিৰ কোনো নিৰ্দ্ধাৰ্য্য সীমা নাই। আদিৰ পৰা আজিলৈকে মানুহে উদ্‌গতিৰ পথ ধৰি চলি আছে, তেও তাৰ ওৰ পৰা নাই, আৰু আগলৈ যে কেতিয়াবা পাব তাৰো আগন্তুক দেখা নাযায়। আগৰ দিনৰ মানুহে যিমানখিনি বিদ্যাৰে পণ্ডিত বোলাইছিল, বা যিমান খিনি ধনেৰে ধনী বোলাইছিল, এতিয়াৰ দিনত সেই বিদ্যাৰে পণ্ডিত বা সেই ধনেৰে ধনী বোলাব নোৱাৰে। এতিয়াৰ এজন ধনীয়ে আগৰ শ জন ধনীক কিনিব পাৰে, এতিয়াৰ পণ্ডিতে আগৰ পণ্ডিতক এশ বছৰ শিকাব পাৰে। ইয়াৰ পৰা দেখা যায় যে আগৰ দিনৰ মানুহতকৈ আজিকালিৰ মানহে বহুত গুণে বেচি উদ্‌গতি কৰিছে। এই উদ্‌গতি সোঁতে সৱশেষত মনুষ্য জাতিক নি ক'ত তুলি দিয়ে, কোনে ক'ব পাৰে? এতেকে অন্ন জলতে যত্ন চেষ্টা শেষ নকৰি সকলোৱে জীৱনৰ অন্তলৈকে উদ্‌গতিৰ অনন্ত পথত চলি থকা উচিত। যদি কোনো কাৰণে উদ্‌গতিৰ ওখ আসন লাভ কৰাত বিঘাত মিলে, তেওঁ তাত লাগি থকা বাবে সংসাৰৰ অনুষ্টুপীয়া সুখ সম্পদৰ নাটনি নহয়। নীতি বচন আছে যে লাগি থাকিলে মাগি নাখায়। [  ]

বিদ্যা

লাগতিয়াল আহিলা-পাতি যতনাই নল'লে কোনো কাম সুকলমে কৰিব নোৱাৰি, কাপ নহ'লে লিখন কাম কৰিব নোৱাৰি, হাল নহ'লে কৰ্ষণ কাম কৰিব নোৱাৰি, চৰু নহ'লে ৰান্ধন কাম কৰিব নোৱাৰি। এইবোৰ কামৰ যেনে সুকীয়া আহিলা আছে, উদ্‌গতি কামৰো তেনে সুকীয়া আহিলা আছে; আগে সেই আহিলাবোৰ গোটাই নল'লে উদ্‌গতি কাম কৰিবলৈ টান হয়। বিদ্যা উদ্‌গতিৰ ঘাই আহিলা, এতেকে যি উদ্‌গতি কৰিব খোজে, সি আগে বিদ্যা যতনাই লোৱা উচিত। বিদ্যা যে মনুষ্য জীৱনৰ ঘাই বস্তু তাক নতুনকৈ প্ৰমাণ কৰিবৰ সকাম নাই, বিদ্যাহীন জীৱন বৃথা বুলি সকলোৱে স্বীকাৰ কৰে। বিদ্যাৰ আলম নল'লে কোনেও কোনো বিষয়ত উদ্‌গতি কৰিব নোৱাৰে। আজিকালি যিবিলাকে উদ্‌গতি সাধন কৰি পৃথিৱীত নাম জ্বলাইছে, তেওঁবিলাকলৈ চালেই এই কথা সুন্দৰ প্ৰমাণ পোৱা যায়, তেওঁবিলাকৰ সকলোৱেই গভীৰ বিদ্যাৰ গৰাকী। আগৰ কালৰ খ্যাতিমন্ত মানুহবিলাকো বৰ বিদ্যাৱন্ত আছিল।

বিদ্যা মানৱ মনৰ দীপ্তি, তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে। বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে, মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। বিদ্যাৰে মন পোহৰাই নল'লে সংসাৰত কৰ্ম্ম কৰিবলৈ সুচল নহয়। এতেকে উদ্‌গতিৰ পথৰ যাত্ৰা কৰিবৰ আগেয়ে বিদ্যা যুগুত কৰি লোৱা উচিত।

পুথি অধ্যয়ন

পুথি অধ্যয়ন বিদ্যা উপাৰ্জ্জনৰ ঘাই উপায়। পুথি নপঢ়াকৈ কোনেও কতো বিদ্যা লাভ কৰিব নোৱাৰে। পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা। আনে থুপাই থোৱা ধন হাতত পৰিলে আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি। সেইদৰে আনে থুপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা আৰ্জনৰ দুখ [ ১০ ] কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি। প্ৰত্যেক পুথি একোজন মানুহৰ থুপাই থোৱা বিদ্যাৰ ভঁৰাল। লিখকে বহুত যত্ন পুৰুষাৰ্থ কৰি সেই ভঁৰাল বান্ধি থয়, আমি কেৱল পুথিখন পঢ়িলেই তেওঁৰ আৰ্জিত এটাইখিনি বিদ্যা লাভ কৰিব পাৰোঁ। আনৰ আৰ্জিত বিদ্যা এইদৰে সঞ্চয় কৰা নকৰা হেঁতেন, পুৰুষে সকলো কথা নতুনকৈ শকিব লগীয়া হোৱা হেঁতেন, মানুহে কেতিয়াও ইমানখিনি উদ্‌গতি কৰিব নোৱাৰিলে হেঁতেন। ভাপৰ বল আৰু বিদুলীৰ বল পোন প্ৰথমে উলিয়াওঁতে বহুত চিন্তা, বহুত সময়, আৰু বহুত ধন খৰচ হৈছিল, কিন্তু এতিয়া পুথি পঢ়িয়েই মানুহে তাক শিকি লব পাৰে।

 এইদৰে পুথিৰ পৰা আনৰ সঞ্চিত বিদ্যা লাভ কৰি, সেই বিদ্যাৰ আলমত মানুহে নতুন বিদ্যা আৰ্জিবলৈ পাৰ্গত হয়। বিদ্যা আৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা। মূলধন নহলে ধন আৰ্জিবলৈ টান, সেই দৰে মূল বিদ্যা নহলেও বিদ্যা আৰ্জিবলৈ টান। আকৌ যাৰ মূলধন সৰহ, সি সৰহকৈ ধন আৰ্জিব পাৰে; সেইদৰে যাৰ মূল বিদ্যা সৰহ, সি সৰহকৈ বিদ্যা আৰ্জিব পাৰে। আচল কথা চমুকৈ ক'ব লাগিলে, পঢ়নৰ পৰা মানুহৰ মনত বিদ্যাৰ পাতনি থাপিত হয়, সেই পাতনি যাৰ শকত সি বিদ্যা ব্যৱসায়ত উদ্‌গতি কৰিব পাৰে, যাৰ দুৰ্ব্বল সি নোৱাৰে।

 পঢ়নৰ পৰা দূৰৈৰ মাণিক হাততে পোৱা যায়। আন আন দেশত থকা পণ্ডিত বিলাকেৰে সৈতে সাক্ষাৎ হোৱা বহুত খৰচ আৰু পৰিশ্ৰমৰ কথা, আৰু সাক্ষাৎ হ'ব পাৰিলেও, তেওঁলোকৰ মুখৰ পৰা বিদ্যা শিক্ষা কৰা সকলোৰে পক্ষে সহজ নহয়। কিন্তু পুথিৰ পৰা সকলো দেশৰ পণ্ডিতবিলাকৰ সজ উপদেশ ঘৰত বহিয়েই পোৱা যায়। সেইদৰে আমি পৰলোকগামী পণ্ডিতবিলাকৰো বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি অপ্ৰয়াসে লাভ কৰিব পাৰোঁ।

 সংসাৰত উদ্‌গতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে, পঢ়নৰ পৰা সেই একাগ্ৰতা জন্মে। চঞ্চল মন থিৰ কৰিবলৈ, আৰু ভোতা বুদ্ধি চোকা কৰিবলৈ পঢ়নৰ নিচিনা গুণকাৰী উপায় নাই। কোনো এখন পুথি পঢ়ি তাৰ ভাব বুজি ল'ব লাগিলে, মন পুতি পঢ়িব লাগে, ওপৰে ওপৰে চেলেংপেতেংকৈ পঢ়িলে আচল ভাব উদ্ধাৰ কৰিব নোৱাৰি। সেই দেখি পঢ়িবৰ সময়ত মনটোক আন সকলো কথা পৰা এৰুৱাই আনি এটা কথাত লগাব লাগে। যি সদায় এইদৰে মনক এটা কথাত [ ১১ ] লগাই ৰাখে, তাৰ চঞ্চলতা অনুক্ৰমে কমি যায়, আৰু কালত গৈ সি এটা বিষয়ত একাণপতীয়া হৈ লাগিব পাৰে।

 পুথি পঢ়াৰ আৰু এটা বহুমূলীয়া গুণ আছে। সৎসঙ্গৰ পৰা যে মানুহৰ সৎ স্বভাৱ ওপজে এই কথা লোক নিৰন্তৰে স্বীকাৰ কৰে। যিবিলাক মানুহৰ লগত সদায় উঠা বহা কৰা যায়, আমাৰ স্বভাৱ চৰিত্ৰ সেইবিলাক মানুহৰ স্বভাৱ চৰিত্ৰৰ গঢ লয়। মানুহ ভাল সঙ্গত থাকিলে ভাল হয়,আৰু বেয়া সঙ্গত থাকিলে বেয়া হয়। মানুহৰ সঙ্গৰ নিচিনা পুথিৰ সঙ্গয়ো আমাৰ স্বভাৱ চৰিত্ৰৰ ওপৰত কাৰ্য্য কৰে। প্ৰত্যেক পুথিয়েই ৰচোঁতা জনৰ স্বভাৱ চৰিত্ৰৰ ছাঁৰ নিচিনা। পুথি পাঠ কৰিলে সেই পুথিৰ লিখকৰ লগত আলাপ কৰা যেন হয় ,আৰু সদায় একে পুথিকে পঢি়লে তেওঁৰ সঙ্গত থকা যেন গুণ ধৰে। এতেকে ভাল পুথি পঢি়লে ভাল সঙ্গত থকা যেন,আৰু বেয়া পুথি পঢ়িলে বেয়া সঙ্গত থকা যেন ফল হয়।

বৰ লোকৰ চৰিত্ৰ অধ্যয়ন

 আজিকালি বিদ্যাৰ চৰ্চ্চা জগতময়, সেই দেখি পুথিৰ সংখ্যাও সৰহ। কিন্তু উদ্‌গতি বিচৰা মানুহৰ পক্ষে সকলো বিধ পুথি গুণকাৰী নহয়। উদ্‌গতি কৰিবলৈ মানুহক আদিতে এটা সুগম পথ লাগে। যি পুথিত সেই সুগম পথ পোৱা যায় তেনে পুথি পঢ়িলেহে উপকাৰ হয়। উদ্‌গতিৰ সুগম পথ বিচাৰি উলিয়াবলৈ বৰ টান। উদ্‌গতিৰ চেষ্টা নকৰা মানুহ পৃথিৱীত নাই, তেওঁ সৰহ ভাগ মানুহৰ দুৰ্গতি দুৰৱস্থা হে দেখা যায়। ইয়াৰ কাৰণ এই যে উদ্‌গতি কৰিবলৈ সকলোৱে ভাল পথ বিচাৰি উলিয়াব নোৱাৰে। পৃথিৱীত উদ্‌গতিৰ পথ বহুত আছে, কিন্তু সেইদৰে অধোগতিৰ পথো বহুত আছে। কিছুমান মানুহে কোনটো উদ্‌গতিৰ,আৰু কোনটো অধোগতিৰ পথ তাক চিনিব নোৱাৰি, অধোগতিৰ পথ উদ্‌গতিৰ পথ যেন বিবেচনা কৰি, সেই পথত চলিবলৈ আৰম্ভ কৰে। শেষ ফলত সিহঁতে উদ্‌গতিৰ অময়াপুৰিৰ সলনি দুৰ্গতিৰ ধামখুমীয়াত পৰে। উদ্‌গতিৰ আচল পথ বিচাৰি পালেও যে তাত সুকলমে চলি যাব পাৰি, সিও নহয়। সেই পথত বহুত বিঘিনি আছে, সেই বিঘিনিবোৰে সংসাৰ যাত্ৰীক আদ্‌বাটতে চৌঠেঙ্গীয়া কৰে। বুদ্ধিৰ বলত বা চতুৰালিৰ গুণত [ ১২ ] কিছুমান বিঘিনি পাৰ হৈ গ'লেও ,আন কিছুমান আহি যাত্ৰীৰ পথ আগচি ধৰে। এটাইবোৰ বিঘিনি পাৰ হৈ উদ্‌গতিৰ মোহন মন্দিৰত প্ৰবেশ কৰা বৰ টান কাম, কিন্তু বৰ লোকৰ চৰিত্ৰ পাঠ কৰিলে সেই কাম উজু হয়, কাৰণ তাত উদ্‌গতিৰ পথ,আৰু তাৰ বিঘিনি তৰিবৰ উপায় দুয়োকো পোৱা যায়।

       একে উচালে কোনেও জগতত উদ্‌গতিৰ ওখ টিঙ্গত উঠিব নোৱাৰে। কোনো কোনো মানুহে কেতিয়াবা সুঘটনাৰ গুণত আনে আৰ্জি থোৱা বিভূতিৰ গৰাকী হৈ, সেই বিভূতিৰ বলত ডাঙ্গৰ মানুহ বোলায়, কিন্তু তেনেকুৱা ঘটনা সংসাৰত অলপহে ঘটে। বিশেষত পৰে আৰ্জি থোৱা ধনেৰে ডাঙ্গৰ হ'লে তাত পুৰুষালি নাই, নিজৰ বাউসিৰ বলেৰে যি ডাঙ্গৰ হয় সেই পুৰুষ হে ধন্য। আৰু ধন হ'লেই যে মানুহৰ সম্পূৰ্ণ উদ্‌গতি হ'ল এনে বুলি ধৰাও উচিত নহয়। ঐশ্বৰ্য্য বিভূতি উদ্‌গতিৰ এটা অঙ্গ মাথোন; তাৰ লগত আৰু কেইবাটাও অঙ্গ গোট খালেহে উদ্‌গতিৰ অবয়ব পূৰ হয়। পূৰ্ণ উদ্‌গতি বহুত পুৰুষাৰ্থ কৰি, আৰু বহুত খকা খুন্দা খাই হে লাভ কৰিব পাৰি। এইদৰে পুৰুষাৰ্থৰ গুণত ডাঙ্গৰ হোৱা মানুহৰ জীৱন চৰিত্ৰ পাঠ কৰিলে, তেওঁ কোন বাটৰে উদ্‌গতি কৰিছিল, আৰু সেই বাটৰ বিঘিনিবিলাক কেনেকৈ তৰিছিল এই সকলো কথাৰ আঁতিগুৰি পোৱা যায়।

       মানুহৰ স্বভাৱ চৰিত্ৰ আৰু অৱস্থা অনুসৰি উদ্‌গতিৰ বাট ভিন ভিন হয়। একেটা বাটেৰে সকলোৱে উদ্গতি কৰিব নোৱাৰে। যাৰ পক্ষে যিটো বাট সুগম সি সেই বাট লোৱা উচিত। উদ্‌গতি পথৰ নতুন যাত্ৰীয়ে বৰ লোকৰ জীৱন চৰিত্ৰ পাঠ কৰি তাৰ উপযুক্ত বাট বিচাৰি ল'ব পাৰে। কেইবাজন মানুহৰ চৰিত্ৰ পাঠ কৰিলে কেইবাটাও বাটৰ ভু পোৱা যায়, এই বাটবোৰৰ ভিতৰত যিটো সুচল বোধ হয় তাকে যাত্ৰীয়ে লোৱা উচিত।

       সকলো কাম আদিতে দুষ্কৰ যেন লাগে, কিন্তু এজনে এদিন সমুখত কৰি দেখুৱালে সেই কাম উজু হয়। এই নিমিত্তে সকলো কামত আদিতে এজন শিক্ষকৰ প্ৰয়োজন। শিক্ষকৰ মুখে নিশিকাকৈ কোনেও কোনো কামত নিখুঁতি পাৰ্গতালি লাভ কৰিব নোৱাৰে, নিশিকাকৈ ৰান্ধনীয়ে ৰান্ধিব নোৱাৰে, নিশিকাকৈ বোৱনীয়ে ব'ব নোৱাৰে, আন কি, নিশিকাকৈ হালোৱায়েও হাল বাব নোৱাৰে। এনেবোৰ অনুৰূপীয়া কামতেই যদি একোজন শিক্ষক লাগে,তেনেহ'লে উদ্‌গতিৰ টান কামত যে শিক্ষক নহ'লে নচলে ইয়াক এনেই বুজিব পাৰি। উদ্‌গতিৰ পথত সুকলমে [ ১৩ ] চলিবলৈ সদায় এজন ভাল শিক্ষকৰ প্ৰয়োজন হয়। বৰ লোকৰ জীৱন চৰিত্ৰ পাঠ কৰিলে তেনেকুৱা শিক্ষক পোৱা যায়,অৰ্থাৎ যাৰ চৰিত্ৰ পাঠ কৰা তেওঁ তোমাৰ শিক্ষকৰ নিচিনা আৰু তেওঁৰ কাৰ্য্যবিলাক উপদেশৰ নিচিনা হয়।

       উদ্‌গতিৰ পথত বহুত হুল জোং আছে, আকাংক্ষাৰ চোকা ৰাগীত পৰি মতলীয়া নহ'লে কোনেও তালৈ বেগেতে আগ নাবাঢ়ে। উদ্‌গতি কৰি ডাঙ্গৰ হ'বলৈ সকলো মানুহৰ মনত এটা অথিৰ, ধুৱঁলি, অনিশ্চিত ৰকমৰ বাঞ্ছা আছে,কিন্তু তেনেকুৱা ধুৱঁলি বাঞ্ছা মানুহৰ কেতিয়াও পূৰ নহয়। উদ্‌গতিৰ বাঞ্ছা থিৰ, নিশ্চিত আৰু বলিয়া হাতীৰ নিচিনা উদণ্ড হ'ব লাগে, তেহে উদ্গতি পথৰ বিকট বাধাবোৰৰ সমুখ হ'ব পাৰি। এনেকুৱা উদণ্ড বাঞ্ছাকেই ওপৰত আকাংক্ষা বোলা হৈছে। উদ্‌গতিৰ দৃষ্টান্ত দেখিলে, আৰু সেই বিষয়ে সদায় আন্দোলন কৰিলে, মানুহৰ মনত তেনে বিধৰ আকাংক্ষাৰ উদ্ভৱ হয়। মানুহৰ মনৰ ওপৰত দৃষ্টান্তৰ অদ্ভুত ক্ষমতা। শস্যক্ষেত্ৰত যেনেকৈ হালোৱাই হালৰ গৰুক আগুৱাই যাবলৈ খুঁচি দিয়ে, কাৰ্য্যক্ষেত্ৰতো সেইদৰে দৃষ্টান্তই মানুহৰ মনক উদ্‌গতিৰ পথত আগুৱাই যাবলৈ খুঁচি দিয়ে। বৰ লোকৰ চৰিত্ৰ উদ্‌গতি চেষ্টাৰ এটা দৃষ্টান্ত, তাক পঢি়লে মানুহৰ তেনেকুৱা হ'বলৈ বাঞ্ছা জনমে, আৰু নিতৌ তাকে পঢ়ি থাকিলে বাঞ্ছাৰ তেজ অনুক্ৰমে বৃদ্ধি হৈ অৱশেষত সি উদণ্ড আকাংক্ষাত পৰে। ভাল নাটক পঢি়লে পঢ়োঁতাৰ মনত নাটকৰ নায়ক এটা আৰ্হি হৈ উঠে; সি সেই নায়কৰ নিচিনা হ'বলৈ ইচ্ছা কৰে। চৰিত্ৰ পুথিও এবিধ নাটক মাথোন, আৰু যাৰ চৰিত্ৰ, তেওঁ সেই নাটকৰ নায়ক। যদি অসাৰুৱা নাটকৰ নায়কে পাঠকৰ মন অধিকাৰ কৰিব পাৰে, তেনেহলে চৰিত্ৰ পুথিৰ নায়কে নোৱাৰিবৰ একো কাৰণ নাই। আনৰ মহতালি দেখিলে, দেখোঁতাৰ মনত তেনেকুৱা মহৎ হ'বলৈ ইচ্ছা জন্মে। ই মানুহৰ স্বভাৱ। নাটকৰ নায়কৰ পুৰুষালি দেখি পঢ়োঁতাৰ মন উতলা হয়,আৰু তেনেকুৱা পুৰুষালি লাভ কৰিবলৈ ইচ্ছা জন্মে। উদ্‌গতি কৰা মানুহৰ চৰিত্ৰ পঢ়িলেও সেইদৰে উদ্‌গতি কৰি ডাঙ্গৰ হ'বলৈ ইচ্ছা জন্মে।

       উদ্‌গতি পথৰ প্ৰত্যেক যাত্ৰীয়েই তাৰ মনত এটা ডাঙ্গৰ আৰ্হি থিৰ কৰি লোৱা উচিত। ডাঙ্গৰ আৰ্হিয়ে মানুহৰ মন ডাঙ্গৰ কৰে ,আৰু ডাঙ্গৰ পদলৈ অভিলাষ জন্মায়। যি ডাঙ্গৰ আৰ্হি দেখা নাই, সি সামান্য পদকে ডাঙ্গৰ বুলি ভাবে। সাগৰ নেদেখা মানুহে বিলকে ডাঙ্গৰ জলাহ যেন বিবেচনা কৰে। সেইদৰে নিধনী দেশত [ ১৪ ] সহস্ৰপতিয়ে অতুল ধনী, আৰু মূৰ্খ দেশত আখৰ পঢ়িব পাৰিলেই পৰম পণ্ডিত নাম পায়। কিন্তু যি বিদগ্ধ পণ্ডিত আৰু প্ৰবল ধনী দেখা পাইছে, তাৰ মন ডাঙ্গৰ হয়, সি কদাপি অলপীয়া ধনত বা অলপীয়া বিদ্যাত সন্তুষ্ট হৈ থাকিব নোৱাৰে; এতেকে উদ্‌গতি বিচৰা মানুহৰ আৰ্হি সদায় ডাঙ্গৰ হোৱা উচিত। আৰ্হিৰ উপযুক্ত লোক জগতত বহুত আছে, কিন্তু তেওঁলোকক হাতে হাতে লগ পাবলৈ টান,সেই দেখি মানুহে তেওঁলোকৰ চৰিত্ৰ পাঠ কৰি মনত উচ্চ আৰ্হি যতনাই লয়।

       বুৰঞ্জী পঢ়ি চৰিত্ৰ পাঠৰ ফল পোৱা নাযায়। বুৰঞ্জীত এটা জাতিৰ কাৰ্য্যকলাপ আৰু সিহঁতৰ উদ্‌গতি অধোগতিৰ বিৱৰণ মাথোন থাকে, কোনো এজন বিশেষ মানুহৰ জীৱনীৰ বিস্তাৰিত বিৱৰণ নাথাকে। চৰিত্ৰ পুথিত এজন মানুহৰ জীৱনী বহলাই বৰ্ণোৱা হয়, গতিকে তাক পঢ়িলে সেই জন মানুহৰ জীৱনৰ আদি অন্ত সমস্ত কাহিনী জানিব পাৰি। এজন বৰলোকৰ ঘাই কাম কেইটাৰ বিৱৰণ জানি থ'লেই চৰিত্ৰ পাঠৰ সম্পূৰ্ণ ফল পোৱা নাযায়, তেওঁৰ সৰু সৰু কামবোৰৰো সবিশেষ জনা উচিত। সৰু সৰু কামৰ পৰাহে মানুহৰ স্বভাৱ লক্ষ্য কৰিব পাৰি। যি জন মানুহক তুমি জীৱনৰ আৰ্হি কৰি লোৱা, তেওঁৰ শোৱন খাৱনৰ ৰীতিনীতি, আলাপ অভ্যৰ্থনাৰ নিয়ম প্ৰণালী সকলোবোৰকে জানি ল'ব লাগে। নিজৰ জীৱনৰ কোনো কথা যেনে তোমাৰ অবিদিত নাই,সেইদৰে তোমাৰ আৰ্হি মানুহ জনৰো কোনো কথা অবিদিত থাকিব নালাগে। আৰ্হি মানুহজন তোমাৰ পক্ষে আৰ্চি যেন হোৱা উচিত,তেহে তেওঁৰ দৃষ্টান্ত অনুসৰি চলিব পাৰিবা। বুৰঞ্জীৰ পৰা কোনো মানুহৰ ইমান খিনি সূক্ষ্ম বিৱৰণ জানিব নোৱাৰি।


বস্তু বিজ্ঞান অধ্যয়ন

       বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। ইয়াৰ বলত মানুহে অদ্ভুত অদ্ভুত কাম কৰিব লাগিছে। ৰেইল, জাহাজ, টেলিগ্ৰাফ, ফটোগ্ৰাফ, মনোগ্ৰাফ, টেলিফোন, গ্ৰামোফোন, অনুবীক্ষণ দূৰবীক্ষণ; সম্প্ৰতি ওলোৱা বিমান, নানাবিধ ঔষধ আৰু নানা ৰকম চিকিৎসাৰ প্ৰণালী, এই এটাইবিলাক বিজ্ঞান চৰ্চ্চাৰ ফল। বিজ্ঞান চৰ্চ্চা কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি, অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব [ ১৫ ] পাৰি। আমাৰ সমুখত নানা ৰকম ঘটনা ঘটে, যেনে ঢোলত কোব মাৰিলে শব্দ উঠে, হাবিয়নিত চিঞৰিলে প্ৰতিধ্বনি হয়। এইবিলাক ঘটনা আনি দিনে নিশায় দেখি আছোঁ কিন্তু কাৰণ সুধিলে ক'ব নোৱাৰোঁ। বিজ্ঞান শাস্ত্ৰ শিক্ষা কৰিলে এনেবিলাক ঘটনাৰ কাৰণ জনা যায়। বিজ্ঞানবিদ্ পণ্ডিতসকলে বিজ্ঞানৰ বলত সেই কাৰণ নিৰূপণ কৰি মনুষ্য জাতিৰ অশেষ উপকাৰ সাধিছে, শব্দৰ তত্ত্ব নিৰূপণ কৰি টেলিফোনেৰে এঠাইৰ শব্দ আন ঠাইলৈ চলাব পাৰিছে, আৰু শব্দ ধৰি ফনোগ্ৰাফ, গ্ৰামোফোন আদি যন্ত্ৰ নিৰ্ম্মাণ কৰিছে, ৰশ্মিৰ তত্ত্ব নিৰূপণ কৰি ফটোগ্ৰাফ কৰিছে, দৰ্শন ক্ৰিয়াৰ তত্ত্ব নিৰূপণ কৰি দূৰবীক্ষণ অনুবীক্ষণ আদি যন্ত্ৰ সাজিছে, বায়ুৰ তত্ত্ব নিৰূপণ কৰি তাক জুলিয়া অৱস্থালৈ আনিছে, আৰু আকাশত উৰি যোৱা বিমান প্ৰস্তুত কৰিছে। বিজ্ঞান চৰ্চ্চাৰ পৰা আজি পৰিমিত প্ৰকৃতিৰ ইমান খিনি তত্ত্ব পোৱা গৈছে আৰু চৰ্চ্চা কৰি থাকিলে আগলৈ যে কিমান নতুন ৰহস্য বিদিত হ'ব তাক কোনে ক'ব পাৰে? আচল মতে মনুষ্য জাতিৰ বৰ্ত্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চ্চাৰ ফল। এতেকে এনেকুৱা বিজ্ঞান শাস্ত্ৰ যে অধ্যয়নৰ ঘাই বিষয় তাক নতুন যুক্তিৰে প্ৰমাণ কৰিবৰ সকাম নাই।

 কুসংস্কাৰ উদ্‌গতি পথৰ এটা বাধা। জাতীয় কুসংস্কাৰে জাতীয় উদ্‌গতিৰ পথ,আৰু ব্যক্তিৰ কুসংস্কাৰে ব্যক্তিৰ উদ্‌গতিৰ পথ ভেটে। বিজ্ঞানৰ জ্ঞানে এই ভেটা ভাঙ্গি উদ্‌গতিৰ পথ মোকলাই দিয়ে। বহুত চহা মানুহে ধনগুলৈক প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে,কিছুমানে পৃথিৱীখন হাতীৰ পিঠিত আছে বুলি বিশ্বাস কৰে, সেই হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে। এইবিলাক সামান্য কুসংস্কাৰৰ দৃষ্টান্ত, ইয়াতকৈ গুৰুতৰ বিষয়ত মানুহৰ কুসংস্কাৰ আছে। বিজ্ঞান শিক্ষা কৰিলে তেনে কুসংস্কাৰ থাকিব নোৱাৰে। বিজ্ঞান শিক্ষাৰ পৰা বস্তুৰ মূল তত্ত্ব জনা যায়, গতিকে সেই বস্তু সম্বন্ধে মানুহৰ মনত কোনো মিছা সংস্কাৰ জন্মিব নোৱাৰে। পানী কাষৰীয়া ঠাইত গধূলি মলিয়ন বস্তুৰ ভাপ ওলায়, সেই ভাপ বাজৰ পৰিষ্কাৰ বায়ুত পৰিলে জ্বলি উঠে; এই কথা যি জানে সি ধনগুলৈক প্ৰেতৰ মায়া বুলি কেতিয়াও নাভাবে। কিন্তু এনে কথা বিজ্ঞান শিক্ষাৰ পৰা হে জানিব পাৰি। এতেকে বিজ্ঞানত ভালকৈ জ্ঞান জন্মিলে মানুহৰ মনৰ পৰা বহুত কুসংস্কাৰ পলাবলৈ বাধ্য হয়।

 বিজ্ঞান শাস্ত্ৰ নানাবিধ আছে, সকলো বিধৰ সম্পূৰ্ণ জ্ঞান লাভ কৰা বৰ দুষ্কৰ কথা, সেই দেখি মানুহে এবিধ বিজ্ঞানৰ মাথোন চৰ্চ্চা কৰে। আগৰ বিজ্ঞানবিদ [ ১৬ ] পণ্ডিতবিলাকেও একো জনে একোটা বিষয়ৰ বিজ্ঞান হে চৰ্চ্চা কৰিছিল। কিন্তু এটা বিষয়ৰ সম্পুৰ্ণ জ্ঞান লাভ কৰিবলৈ সকলো বিষয়ৰ অলপ অলপ জানিব লাগে, সকলোৰে কিঞ্চিৎ কিঞ্চিৎ তেহে এটাৰ সমুচিত। এতেকে আগেয়ে সকলো বিষয় অলপ অলপ জ্ঞান গোটাই লৈ, পাচত এক বিষয়ত ভালকৈ লাগিব লাগে।

বিশ্ব অধ্যয়ন

পুথিৰ প্ৰধান বিশ্ব। এই পুথিৰ ৰচক ঈশ্বৰ। বিশ্ব পুথি পাঠ কৰি সকলো প্ৰকাৰ জ্ঞান লাভ কৰিব পৰা যায়। আগৰ কালৰ পণ্ডিতবিলাকে এই পুথি পাঠ কৰি অক্ষয় জ্ঞানৰ ভৰাল বান্ধিছিল। উদ্‌গতি পথৰ যাত্ৰীবিলাকৰ পক্ষে বিশ্বই পাঠৰ ঘাই বিষয়। বিশ্ব-পুথি পাঠ কৰি, কোনেও কদাপি শেষ কৰিব পৰা নাই। বিশ্ব পাঠ বিজ্ঞান পাঠৰ অন্তৰ্গত। বিশ্বৰ নানা ভাগ আছে,তাৰ একোটা ভাগেই একো বিধ বিজ্ঞান হৈছে। বিশ্ব-পুথি মানুহে ৰচা পুথিৰ নিচিনা নহয়। মানুহে পুথি ৰচিলে তাত কথাবিলাক বিবৰি ব্যাখ্যা কৰে, কিন্তু বিশ্ব পুথিত সকলো কথা আদিৰ পৰা অন্তলৈ অভিনয় কৰি দেখুৱাইছে। আচল মতে বিশ্ব এটা নাট মন্দিৰ, তাত উৰণ, বুৰণ, গজন, ভ্ৰমণ কেইও জাতি জীৱই নানা বিধ ভাও দি নিজ নিজ তত্ত্ব বিদিত কৰিছে। বিশ্বৰ প্ৰত্যেক বস্তুই একোটা নায়ক,আৰু তাৰ জীৱনটো একোখন নাট। নায়কে তাৰ জীৱনৰ পাতনিৰ পৰা সামৰণিলৈকে সকলো বৃত্তান্ত অভিনয় কৰি দেখুৱায়। এই অভিনয় মন দি চালে বিজ্ঞান শিক্ষাৰ ফল পোৱা যায়। ল'ৰাক ফলাৰ আখৰ চিনাবলৈ আজি কালি মানুহে অনেক ধেমেলীয়া উপায় উলিয়াইছে, কৰ নিচিনা কেঁকোৰা সাজিছে, গৰ নিচিনা গাধ সাজিছে, সেয়েৰেহে অধ্যাপকে ল'ৰাক আখৰ শিক্ষা দিয়ে। ঈশ্বৰেও মানুহক জ্ঞান শিক্ষা দিবৰ নিমিত্তে নানা বিধ বস্তু নিৰ্ম্মাণ কৰিছে। আমি সেই বস্তুবোৰৰ তত্তব বিচাৰ কৰি জ্ঞান আৰু আনন্দ দুয়োকে লাভ কৰিব পাৰোঁ।

ৰচক বিদ্যা বুদ্ধি অনুসাৰে পুথি সাৰুৱা বা জাবৰুৱা হয়। ঈশ্বৰ বিদ্যা বুদ্ধিৰ আদি আৰু অন্ত, তেওঁ বিদ্যাময়, বুদ্ধিময়, আৰু জ্ঞানময়, এতেকে তেওঁ ৰচা বিশ্ব যে সাৰময় পুথি, তাক এনেই বুজিব পাৰি। এই বিৰাট পুথি পাঠ কৰিলে সকলো [ ১৭ ] জ্ঞানৰ সাৰ পোৱা যায়। নীতি শিক্ষাৰ নিমিত্তে চাণক্য, বিধি শিক্ষাৰ নিমিত্তে মনু বা ধৰ্ম্ম শিক্ষাৰ নিমিত্তে পাতঞ্জলি চৰ্চ্চা কৰিবৰ কোনো সকাম নাই। পুৰুষাৰ্থ কৰিলে নীতিৰ নেতা, বিধিৰ বিধাতা, আৰু জ্ঞানৰ সমষ্টি বিশ্বকৰ্ত্তাৰ কাৰ্য্যৰ পৰা সকলো শিক্ষা লাভ কৰিব পাৰি।

 বিশ্ব পুথিত উজু আৰু টান দুই বিধৰ পাঠ আছে। পৃথিৱীত জীৱন ধৰিবলৈ যিখিনি জ্ঞানৰ প্ৰয়োজন হয়, তাক বিশ্বৰ উজু পাঠ পঢ়িয়েই লাভ কৰিব পাৰি। সূৰ্য্য বুৰিলে আন্ধাৰ হয়,আৰু চৰাই চিৰকটি বাহলৈ যায়। ইয়াৰ পৰা বুজিব পাৰি যে, ৰাতিৰ কাল জিৰিণিৰ সময়,কামৰ সময় নহয়, এতেকে তেতিয়া কাম এৰি জিৰণি লোৱা উচিত। পুৱা সকলো প্ৰাণীয়ে টোপনি এৰি আপোন আপোন কামত ধৰা উচিত। জন্তুবিলাকে আহাৰ আনি পোৱালিক খুৱাই ডাঙ্গৰ কৰে, আমিও সেইদৰে ধন আৰ্জি নিজৰ ল'ৰা-ছোৱালীক লালি পালি ডাঙ্গৰ কৰিব লাগে। টিপচী চৰায়েও নিজৰ পোৱালিক কাউৰী চিলনীৰ মুখৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰে মানুহও সিঁহতৰ ল'ৰা-ছোৱালীক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰা উচিত। এজনী কাউৰী বিপদত পৰিলে হাজাৰ কাউৰীয়ে ৰমলিয়াই কোৰ্হাল কৰে,আৰু তাইক সৰুৱাবলৈ চেষ্টা কৰে। সেইদৰে মানুহৰো এজন বিপদত পৰিলে সকলোৱে গোট খাই তাক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব লাগে। পুৱায় উঠা গালৈ ভাল, এই কথা শিকিবলৈ চৰক সুশ্ৰুত পঢ়িবৰ সকাম নাই, নিশাৰ আন্ধাৰ আঁতৰ হ'লেই শালিকী কাউৰীয়ে তাক শুনাই দিয়ে। দুখ কৰিলেহে মুখ ভৰে, ইয়াক শিকিবলৈও পণ্ডিত নালাগে, জগতৰ সকলো প্ৰাণীয়েই ৰিঙ্গিয়াই ইয়াৰ জাননী দিছে।

 বিশ্ব পুথিৰ এটাইবিলাক পাঠ এনেকুৱা উজু নহয়,তাত কিছুমান টান পাঠো আছে,দকৈ গমি নাচালে সেইবিলাক পাঠৰ আচল মৰ্ম্ম বুজিব নোৱাৰি। এজোপা গছত ঘৈয়াই ঘা কৰি থ'লে সেই ঘা কিছুমান দিনৰ মূৰত আপোনা-আপুনি পূৰ হয়, মাটিত গাঁত খানি থ'লে সিও কালত আপোনা-আপুনি মাৰ যায়। প্ৰকৃতিৰ এইবিলাক কাৰ্য্য সাধাৰণ তৰপৰ মানত সামান্য যেন লাগে ,কিন্তু চিন্তাশীল মানুহে তাৰ পৰা প্ৰকৃতিৰ ক্ষতিপূৰণ স্বভাৱ আৱিষ্কাৰ কৰি ৰোগ চিকিৎসা বিষয়ত বহুত বহুমূলীয়া নিয়ম প্ৰণালীৰ ব্যৱস্থা কৰিছে। আম সৰিলে মাটিতে পৰে,এই কথাও [ ১৮ ] সকলোৱে দেখিছিল, কিন্তু তাৰ তত্ত্ব বিচৰা নাছিল, আৰু সেই দেখি তাৰ পৰা একো শিক্ষাও পোৱা নাছিল। পাচত এজন চিন্তাশীল মানুহে তাৰ তত্ত্ব বিচাৰ কৰি পৃথিৱীৰ মাধ্যাকৰ্ষণ আৱিষ্কাৰ কৰিলে। আচল কথা এই যে তদ্‌গত মনেৰে পাঠ নকৰিলে বিশ্ব পুথিৰ বহুত পাঠৰ ধাতু ধৰিব নোৱাৰি। বিশ্ব পুথিৰ পৰা জ্ঞান গোটাব খুজিলে তাক একাণপতীয়া হৈ অন্য আলজাল এৰি দি পাঠ কৰিব লাগে। যিবিলাক পণ্ডিতে বিশ্ব পাঠ কৰি ডাঙ্গৰ ডাঙ্গৰ কথা আৱিষ্কাৰ কৰিছিল তেওঁলোকৰ পাঠৰ প্ৰণালী তেনেকুৱা আছিল। আজিকালি বহুত পণ্ডিতে গছ-গছনিৰ তত্ত্ব বিচাৰি বা পশু-পক্ষীৰ স্বভাব চাই সংসাৰৰ আন চিন্তা পৰিত্যাগ কৰি হাবিয়ে হাবিয়ে দেশে ফুৰাব লাগিছে, কোনোৱে বা গ্ৰহ-উপগ্ৰহৰ গতি বিধি নিৰীক্ষণ কৰি, ৰাতি জাগি জীৱন কটাইছে। পণ্ডিতবিলাক এইদৰে প্ৰাকৃতিক ঘটনাৰ মূল তত্ত্ব বিচাৰ কৰি অনেক শিক্ষা লাভ কৰিছে। মানুহৰ মুখৰ পৰা বা মানুহৰ ৰচিত পুথিৰ পৰা যি শিক্ষা পোৱা যায়, তাৰ মৰ্ম্ম সময়ে সময়ে পৰিবৰ্ত্তন হয়। যি কথা মানুহে এক সময়ত গধুৰ জ্ঞানগৰ্ভ বুলি বিশ্বাস কৰে,সেই কথাও কালত গৈ মিছা বা অমূলক হয়। আগৰ দিনত চট্‌ফটাই ফুৰিলে মানুহে ভাল নুবুলিছিল, চট্‌ফটীয়াক পাতল বুলি নিন্দা কৰিছিল। কিন্তু আজিকালি শিক্ষিত তৰপৰ ভিতৰত চট্‌ফটীয়া মানুহৰ বৰ আদৰ, তেনে মানুহক উৎসাহী আৰু কামিলা বুলি সকলোৱে প্ৰশংসা কৰে। আগৰ দিনত আন মানুহৰ ঘৰলৈ গ'লে চাল বাৰ কেনিও নাচাই থিৰ হৈ বহি থকা নিয়ম আছিল, কিন্তু আজি কালি তেনে নিয়ম কোনেও নবখানে। এতিয়াৰ মানুহৰ বিবেচনাত যি ঠাইলৈ যোৱা যায়, তাৰ চাৰিও চুক চাই য'ত যি আছে সকলোৰে ভু-ভা আতি-গুৰি লৈ অহাহে উচিত। এইদৰে আগৰ কালৰ বহুত কথা এতিয়া লৰচৰ হৈছে, কিন্তু বিশ্ব পুথিৰ কথা লৰচৰ নাই। বিশ্ব পুথিৰ উপদেশ শিলৰ ৰেখ। পানী কেতিয়াও উজাই নবয়, কলৰ কেতিয়াও দোথোক নপৰে। ইয়াৰ বাজেও, বিশ্ব পুথিৰ শিক্ষাৰ পাহৰণ নাই। বিশ্ব সততে সমুখত আছে, সেই দেখি তাৰ উপদেশবোৰ সদায় আওৰাই থকা হয়। [ ১৯ ]

দেশ ভ্ৰমণ

দেশ ভ্ৰমণ বিশ্ব অধ্যয়নৰ এটা অঙ্গ। নানা দেশৰ নানা বস্তু আৰু নানা মানুহ নেদেখিলে বিশ্ব অধ্যয়ন সম্পূৰ্ণ নহয়। পুথিত যিবিলাক বস্তুৰ কথা পঢ়া যায়, দেশ ফুৰিলে সেইবিলাক বস্তু দেখা যায়। চকুৰে নেদেখিলে, কেৱল বৰ্ণনা পঢ়ি সকলো বস্তুৰ সবিশেষ তত্ত্ব পোৱা নাযায়। জগৎপ্ৰখ্যাত তাজমহল আগ্ৰা নগৰত আছে। ই মোগল খিতাপৰ যুগমীয়া চিন, দাম্পত্য স্নেহৰ বিতোপন পটন্তৰ, আৰু মন্দিৰ গাঁথনিৰ অনুপম আৰ্হি। বুৰঞ্জীত এই মন্দিৰৰ বৰ্ণনা পঢ়িবলৈ পোৱা যায়, কিন্তু বৰ্ণনাৰ পৰা তাৰ আচল গঢ়-পিট মনত ধাৰণা কৰিব নোৱাৰি। সেই দেখি চকুৰে চাই তাৰ তত্ত্ব বুজিব লাগে। পৃথিৱীৰ প্ৰধান প্ৰধান বস্তুবোৰ এইদৰে নিজে গৈ চাব পাৰিলে বহুত শিক্ষা পোৱা যায়।

উদ্‌গতিৰ আন নাম পৰিবৰ্ত্তন। পুৰণি গুচাই নতুন কথা প্ৰৱৰ্ত্তাব নোৱাৰিলে মানুহৰ বা দেশৰ উদ্‌গতি নহয়। কিন্তু ভিন দেশ নেদেখা মানুহে পুৰণি একো কথাকে লৰচৰ কৰিব নিদিয়ে; সিহঁতে পুৰণি সকলোকে ভাল আৰু ন সকলোকে বেয়া দেখে। এতেকে সেই শ্ৰেণী মানুহৰ কদাপি উন্নতি নহয়।

বিদেশত নুফুৰা মানুহৰ মন নিচেই ঠেক। সিহঁতে ঘৰৰ ঘাৰোৱাহ আৰু ওচৰচুবুৰীয়াৰ বাদে আন কাৰো লগত মিতিৰালি কৰিব নোৱাৰে। বিদেশী মানুহ সিহঁতৰ আশাঙ্কাৰ ঠাই। বিদেশী মানুহক সিহঁতে বনৰীয়া জন্তু যেন দেখে, আৰু বিপদত পৰিলে সিহঁতক আশ্ৰয় নিদিয়ে। কিন্তু বিদেশত ফুৰা মানুহৰ স্বভাৱ তেনেকুৱা নহয়, সিহঁতৰ মনত গোটেই জগত স্বদেশ আৰু সকলো মানুহ আপোন। ইয়াৰ বাদেও দেশ ভ্ৰমণৰ আৰু উপকাৰ আছে। নানা দেশৰ নানা জাতিৰ মানুহৰ লগত সঙ্গতি কৰিলে সিহঁতৰ বুদ্ধি কৌশল কেনেকুৱা ,আৰু সিহঁতে কোনটো কাম কেনেকৈ কৰে, এটাইবিলাক শিকিব পাৰি, আৰু ভাল বা সুৱলা দেখিলে সেই প্ৰণালীও নিজৰ কামত লগাব পাৰি। বিদেশত ফুৰিলে তাৰ মানুহবিলাকৰ দুষ্টালিৰ প্ৰণালীও জনা যায়,গতিকে সিহঁতৰ হাতত ঠগ খাবৰ আশঙ্কা নাথাকে। বিপদত বিমোৰ হোৱাও ফুৰা মানুহৰ স্বভাৱ নহয়, বিপদ হ'লে সিহঁতে এটা নহয় এটা বুদ্ধি উলিয়াব পাৰে। প্ৰত্যৎপন্নমতিত্ত্ব বা কাললৈ বুদ্ধি দেশ ভ্ৰমণৰ এটাই ঘাই ফল। [ ২০ ] আজি কালি অসমৰ দুই চাৰি জনে দেশ ভ্ৰমণ কৰে, কিন্তু তেওঁলোকৰ ভ্ৰমণৰ নিয়মলৈ চালে, তাৰ পৰা যে কিবা ফলোদয় হব, এনে মনে নধৰে। যাবৰ আগেয়ে চাবলৈ ওলোৱা ঠাইত খোৱা, শোৱা থকা সকলো বিধৰ আয়োজন কৰাই লৈ যাত্ৰা কৰিলে দেশ ফুৰাৰ ফল পোৱা নাযায়। এইদৰে হিমালয়ৰ টিঙ্গলৈ বা মেৰুৰ অন্তলৈ গ'লেও চকুৰ তৃপ্তিৰ বাদে একো শিক্ষা লাভ নহয়। দেশ ফুৰি শিক্ষা লাভ কৰিব খুজিলে বিদেশৰ অসুবিধাবোৰেৰে সৈতে সমুখ সমৰ কৰিব লাগে।

 ভিন দেশলৈ গ'লে তাৰ মানুহৰ লগত বা সংসৰ্গত থকা উচিত, আৰু সিহঁতৰ লগত সেই দেশৰ আচাৰ ব্যৱহাৰ অনুসৰি চলা উচিত। কোনো দেশৰ জাতীয় আচাৰ ব্যৱহাৰ জানিব খুজিলে, সেই দেশৰ সামান্য তৰপৰ মানুহৰ চলন ধৰণলৈ চকু ৰাখিব লাগে, কেৱল শিক্ষিত সমাজত ফুৰিলে জাতীয় আচাৰ ব্যৱহাৰ জনা নাযায়, শিক্ষিত মানুহৰ ব্যৱহাৰ প্ৰায় সকলো ঠাইতে একে ৰকম। প্ৰয়োজন নহ'লে বিদেশত নিজৰ চিনাকি নিদিয়াই ভাল, চিনাকি দিলে কেতিয়াবা শিক্ষাৰ অসুবিধা হয়। ডাঙ্গৰ মানুহ বুলি চিনাকি দি আলহি হ'লে ঘৰৰ গিৰিহঁতে তেওঁলোকৰ বেয়া খিনি লুকাই ৰাখি তোমাক ভাল খিনিহে দেখুৱাব, এতেকে তুমি বেয়া মানুহকো ভাল বুলি বিস্বাস কৰি অহাৰ আটক নাই। যি দেশলৈ যোৱা যায় তাৰ প্ৰসিদ্ধ ঠাইবোৰ, আৰু হাট বজাৰ চাব লাগে। সুচল হ'লে সেই দেশৰ পণ্ডিতবিলাকৰ সৈতেও দেখা সাক্ষাত হোৱা ভাল। বাতৰি কাকত দেশৰ চলিত অৱস্থাৰ আৰ্চিৰ নিচিনা, এতেকে তাকো পঢ়া উচিত, আৰু সভা সমিতি হ'লে তাতো উপস্থিত থাকিব লাগে।

 বিদেশত নানা ৰকম আলৈ-আহুকালৰ আশঙ্কা থাকে, আৰু তাত দেখা নতুন বস্তুবিলাকৰ বিষয়ে আন এজনৰ লগত আলোচনা বা ব্যাখ্যা-ব্যাখ্যি নকৰিলে শিক্ষা পৈণত নহয়, এতেকে বিদেশলৈ অকলশৰে নগৈ, দুই এজন লগৰীয়া লৈ যোৱা উচিত। লগৰীয়া থাকিলে বিপদত সহায়ো পোৱা যায়, আৰু আলোচনাৰো লগ হয়। কিন্তু লগৰীয়াৰ সংখ্যা সৰহ হ'লে ফুৰাত বৰ জঞ্জাল হয়, সেই দেখি তিনি জনতকৈ সৰহ লগৰীয়া নিয়া উচিত নহয়। [ ২১ ]

চিন্তা

বেজে যেনেকৈ নানা তৰহৰ বস্তু মিহলাই খুন্দি, কুটি, বাটি পৰম গুণকাৰী দৰব প্ৰস্তুত কৰে, সোণাৰিয়ে যেনেকৈ সৰু সৰু সোণৰ চেকুৰা গোট কৰি জুইত উতলাই মহামূল্য অলঙ্কাৰ প্ৰস্তুত কৰে, বাঢ়ৈয়ে যেনেকৈ সৰু সৰু চলীয়া কাঠ লগ লগাই বিতোপন পীৰা বা পালেং প্ৰস্তুত কৰে, শিপিনীয়ে যেনেকৈ কপাহী আৰু সোণালী সূতা গোট কৰি ধুনীয়া ৰিহা মেখেলা বা চেলেং চুৰিয়া বয়, সেইদৰে চিন্তাইও নানাবিধ উপকৰণ অৰ্থাৎ ভাব গোট লগাই খুন্দি কুটি, গুলি পিহি জ্ঞান প্ৰস্তুত কৰে। মানুহে নানা দেশত ফুৰি, আৰু নানা পুথি পঢ়ি, উপকৰণবোৰ যতনাই দিয়ে, চিন্তাই নিজৰ গঢ়শালিত বহি সেই উপকৰণবোৰ উচিত পৰিমাণে মিহলাই জ্ঞান বুদ্ধি আদি অমূল্য বস্তুবিলাক সাজি তোলে। কেৱল পঢ়ন বা দৰ্শনৰ পৰা জ্ঞান বুদ্ধি নোপজে। অনেক মানুহে পুথি পঢ়ে আৰু নানা দেশৰ নানা বস্তু চাই ফুৰে, কিন্তু সিহঁত সকলোৱেই পণ্ডিত বা জ্ঞানী নহয়। কোনো বস্তু দেখিলে বা কোনো কথা পঢ়িলে, সেই বস্তু বা কথা সম্বন্ধে এটা এটা ভিন ভিন ভাব ওপজে, সেই ভাববোৰ সানমিহলি কৰি তাৰ পৰা সাৰ বস্তু খিনি উলিয়াই ল'ব নোৱাৰিলে জ্ঞানৰ উৎপত্তি নহয়। তুমি নানাবিধ বলকাৰক বস্তু খাব পাৰা, কিন্তু উদাৰগ্নিয়ে বস্তুবোৰ জীৰ্ণ কৰি সাৰ উলিয়াই নিদিলে তোমাৰ গাত বল নজন্মে। সেইদৰে তুমি পঢ়ন দৰ্শন আদি উপায়েৰে নানা বিধ ভাব সঞ্চয় কৰিব পাৰা, কিন্তু চিন্তাই সেই ভাববিলাক জীৰ্ণ কৰি সাৰ গোটাই নিদিলে জ্ঞান নজন্মে। উদাৰগ্নিৰ নিচিনা চিন্তা মনৰ জীৰ্ণকাৰী শক্তি চিন্তাৰ চাকত পৰি ভিন ভিন ভাববিলাক জীৰ্ণ নগ'লে মনে জ্ঞানৰূপ বল লাভ কৰিব নোৱাৰে।

চিন্তা প্ৰশ্নৰ ফল, অৰ্থাৎ যি বস্তু দেখা যায় সেই বস্তু সম্বন্ধে মনক প্ৰশ্ন কৰিব লাগে, প্ৰশ্ন কৰিলেই চিন্তা কৰা হয়। প্ৰশ্নৰ পৰিমাণেই শিক্ষাৰ পৰিমাণ। যি বিষয়ত যিমান প্ৰশ্ন উদয় হয়, সেই বিষয়ত সিমান শিক্ষা লাভ কৰা যায়। তোমাৰ নিজৰ বুদ্ধিত কোনোটো প্ৰশ্নৰ উত্তৰ বিচাৰি নাপালেও, পুথি বা পণ্ডিতৰ পৰা তাক শিকি ল'ব পাৰা।

কোনো এটা বস্তুৰ বিষয়ে চিন্তা কৰিব লাগিলে, বস্তুটো সমুখত থাকোঁতেই কৰা [ ২২ ] উচিত, নাইবা তাৰ কি কি চাব লাগে থিৰ কৰিব নোৱাৰি। কিছুমান মানুহে বস্তু এটা নিজ চকুৰে চাই আহিও অনেক কথাৰ উত্তৰ দিব নোৱাৰে। ই কেবল চাবৰ সময়ত চিন্তা নকৰাৰ ফল। এই বিষয়ে এটা অখ্যান আছে। এজন ডাঙ্গৰীয়াৰ এজন মহৰি আৰু এটা লগুৱা আছিল। মহৰিৰ দৰ্ম্মহা কুৰি টকা আৰু লগুৱাৰ দৰ্ম্মহা তিন টকা আছিল। কম দৰ্ম্মহা পোৱা বাবে লগুৱা মনত বৰ বেজাৰ। সি এদিন ডাঙ্গৰীয়াক অকলশৰে লগ পাই ওজৰ কৰিলে, 'দেউতা! মই ওৰে দিনটো, পুৱাৰ পৰা গধুলিলৈ আপোনাৰ আলপৈচান ধৰি, কেৱাৰ কৰি টাকুৰী ঘুৰাদি ঘুৰি ফুৰোঁ, আৰু সেই মহৰিটোৱে এখন্তেক মাথোন আহি লিখা পঢ়া কৰে, কিন্তু সি পায় কুৰি টকা, আৰু মই পাওঁ তিন টকা, ইয়াৰ কাৰণ বন্দীয়ে বুজিব নোৱাৰোঁ। দেউতাৰ ঘৰত মোৰ আদবয়স গ'ল, ইচ্ছা কৰিলে দুখীয়াক দেউতাই কৃপা কৰিব পাৰে।' ডাঙ্গৰীয়াই লগুৱাৰ কথা শুনি সেইদিনা তাক একো সমিধান নিদিলে। কিছুমান দিনৰ পাচত ডাঙ্গৰীয়াৰ এজনী ছাগলী জগিল। ছাগলীজনী তেওঁৰ বৰ মৰমৰ বস্তু আছিল। তাই জগা বুলি শুনি কেইটা পোৱালি হৈছে চাই আহিবলৈ তেওঁ লগুৱাটোক পাচিলে। লগুৱাই গৈ চাই আহিল, আৰু পোৱালি তিনটা হৈছে বুলি খবৰ দিলে। ডাঙ্গৰীয়াই এই খবৰ পাই পোৱালি তিনটা কলা নে বগা লগুৱাটোক সুধিলে। সি সেই কথাৰ উত্তৰ দিব নোৱাৰি লৰি আকৌ চাবলৈ গ'ল, আৰু উলটি আহি ক'লে যে পোৱালি এটা কলা, দুটা বগা হৈছে। ডাঙ্গৰীয়াই তাক আকৌ সুধিলে 'পোৱালি কেইটা পঁঠা নে পাঁঠি!' এইবাৰো লগুৱাই তাৰ উত্তৰ দিব নোৱাৰিলে, সি ঘূৰি আকৌ চাবলৈ ওলাল, কিন্তু ডাঙ্গৰীয়াই তাক সেইবাৰ যাবলৈ হাক দি, তাতে থিয় হৈ থাকিবলৈ ক'লে, আৰু আন এজন মানুহ পঠিয়াই মহৰিটোক মতাই অনালে। মহৰি আহি পালত, ডাঙ্গৰীয়াই তাক ক'লে শুনিছা নে মহৰি! আমাৰ ছাগলীজনী হুনু জগিছে, যোৱাঁচোন, সঁচা নে মিছা চাই আহাঁ গৈ।' ডাঙ্গৰীয়াৰ আজ্ঞা পাই মহৰিয়ে চাবলৈ গ'ল, আৰু কিছুমান পৰৰ মূৰত উলটি আহি খবৰ দিলে যে ছাগলীজনী জগা হয়, পোৱালি তিনটা হৈছে, এটা কলা, দুটা বগা, কলাটো আৰু বগা এটা পাঁঠি, সিটো পঁঠা, পঁঠা পোৱালিটো নোদোকা, পাঁঠি দুটা লিতা। মহৰিয়ে এবাৰ চাই আহিয়েই এই এটাইখিনি খবৰ ডাঙ্গৰীয়াক বৰ্ণাই ক'লে। এই ঘটনাৰ পাচে লগুৱাই আৰু মহৰিৰ পাটণ দি সৰহ দৰ্ম্মহা খুজিবলৈ মুখ নাপালে। এতিয়া চোৱা, মহৰিৰ চোৱাৰ প্ৰণালী আৰু লগুৱাৰ চোৱাৰ প্ৰণালী কিমান বেলেগ। লগুৱাই [ ২৩ ] ছাগলীৰ পোৱালি তিনটা চায়েই গুচি আহিল, সি সেই বিষয়ে মনক আৰু কোনো প্ৰশ্ন নুসুধিলে, সেই দেখি গিৰিহঁতে সোধা আনবোৰ কথাৰ উত্তৰ দিব নোৱাৰিলে। কিন্তু মহৰিটো বুধিয়ক মানুহ, সি চাবলৈ গৈ পোৱালি কেইটাক আগত লৈ সিহঁতৰ বিষয়ে হ'ব পৰা এটাইবোৰ প্ৰশ্ন মনক সুধি। উত্তৰ গোটাই লৈ গিৰিহঁতৰ আগ হৈছিল, আৰু সেই কাৰণে সি লাগতিয়াল কথা এটাইখিনি ক'ব পাৰিছিল। ওপৰত কোৱা এই লগুৱাটোৰ নিচিনা মানুহ পৃথিবীত বহুত আছে, সিহঁত চকু থাকিও কণা।

 চিন্তা মনৰ জেউতি, তাৰ গুণত আন্ধাৰ সমস্যা পোহৰ হয়, টান কাম উজু হয়। চিন্তাৰ অতুল প্ৰভাৱ। আগৰ কালত যোগীবিলাকে ধ্যান কৰি ভূত ভৱিষ্যৎ সকলো জানিছিল, আৰু কৈবল্য লাভ কৰিছিল। ধ্যান চিন্তাৰেই এটা ৰকম মাথোন। চিন্তা উগ্ৰ আৰু দীৰ্ঘকাল স্থায়ী হ'লেই ধ্যান নাম পায়। পাচে, যদি যোগীবিলাকে চিন্তাৰ বলত দুৰ্লভ কৈবল্যকেই লাভ কৰিব পাৰিছিল, সংসাৰীয়ে সংসাৰ চলাবৰ জোখাৰে জ্ঞান বুদ্ধি লাভ কৰিব নোৱাৰিবৰ কোনো কাৰণ নাই।

 চিন্তা কৰিবলৈ কোনো নিৰ্দ্দিষ্ট সময় নালাগে। শোওঁতে, খাওঁতে, ফুৰোঁতে সকলো সময়তেই চিন্তা কৰিব পাৰি। বহুত পণ্ডিতে এনেবোৰ সময়তেই চিন্তা কৰি ডাঙ্গৰ কথা, আৱিষ্কাৰ কৰিছে। এজন পণ্ডিতে গা ধুবৰ সময়ত চিন্তা কৰি জল-জোখৰ* প্ৰণালী আৱিষ্কাৰ কৰিছিল। চিন্তাৰ অসীম ক্ষমতা চকুৰে নেদেখা বস্তুকো চিন্তাৰে দেখা যায়, হাতেৰে ধৰিব নোৱাৰা বস্তুকো চিন্তাৰে ধৰিব পাৰি। মনুষ্য আকাৰত সৰু, কিন্তু সিহঁতে চিন্তাৰে ভূমণ্ডল, নভোমণ্ডল সমস্ত ব্ৰহ্মাণ্ড আঁকোৱালি ধৰিব পাৰি।

------------

* ভিতৰত লা থকা অলঙ্কাৰৰ লা বাদে সোণ বা ৰূপৰ আচল পৰিমাণ জুখি উলিয়াব লাগিলে তৰ্জুপানীত পেলাই জুখিব লাগে, ইয়াকে জলজোখ বোলা হৈছে।

<<পূৰ্বৱৰ্তী পৃষ্ঠা

পৰৱৰ্তী পৃষ্ঠা>>