পৃষ্ঠা:সাৰথি (Sarothi).pdf/৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


কথা মানুহৰ কাণত কাঁড় ফুটা দিয়ে, সেই দেখি আনৰ লগত আলাপ আচৰণ কৰোঁতে দম্ভালি এৰি নম্ৰ হোৱা উচিত। বহুতে ভাবে যে লোকৰ আগত নম্ৰ হ'লে নিজক সৰু বা লঘু কৰা হয়। এই বিশ্বাস ভুল। নম্ৰতা ডাঙৰ আশয়ৰ চিন, তাৰ পৰা আশয়ৰ উচ্চতাহে প্ৰকাশ পায়। নম্ৰতা এটা মনৰ গুণ, মিঠা মাত তাৰ ফল। মনত নম্ৰতাৰ ভাব থাকিলে মুখেৰে আপোনা-আপুনি মিঠা মাত ওলায়। মনত অহঙ্কাৰ ৰাখি মুখে নম্ৰ হ'লে মানুহক ছল কৰা হয়। তেনেকুৱা আচৰণ অনুচিত। ব্যৱহাৰত মনে মুখে একে হ'বলৈ সততে চেষ্টা কৰা যুগুত।

 আনৰ ভাল গুণ প্ৰয়োজন অনুসৰি ফুটাই বখনা উচিত। কোনো কোনোৱে ভাবিব পাৰে যে আনক বখানিলে নিজক সৰু পতা হয়, কিন্তু দৰাচল পক্ষত তাৰ পৰা বখানোতাৰ মহত্বহে প্ৰকাশ পায়। গুণীৰ গুণ তাৰ মুখত, আগত বখনা অযুগুত, মুখৰ আগত বখানিলে নিন্দা কৰা যেন হয়, আৰু সিজনে তোমাক চাটুকাৰ বুলি ভবাৰো আটক নাই। সমুখত প্ৰশংসা কৰা চাটুকাৰৰ স্বভাৱ। চাটুকাৰক মুৰ্খ বা দাম্ভিক মানুহে ভাল পাব পাৰে, কিন্তু জ্ঞানী মানুহে ঘিণায়। কোনো মানুহৰ গুণৰ কথা তাৰ সমুখতেই ক'ব লগীয়া হ'লে সংক্ষেপ কৰি কোৱা উচিত, ব্যাখ্যা কৰি বহলাই কোৱা উচিত নহয়। এজনৰ গুনৰ কথা আন এজনৰ আগত কোৱালে ভাল, কিয়নো তাৰ পৰা তোমাৰ সৰলতাৰ চিনাকি পোৱা যায় আৰু গুণীজনৰো উপকাৰ হয়। মানুহে নিজৰ গুণৰ কথা নিজ মুখে আনৰ আগত ক'ব নোৱাৰে, সেই কাম বন্ধু-বান্ধৱৰ পৰা সিদ্ধ হ'ব লাগে।

 সকলোৰে সৈতে মিলেৰে থাকিব খুজিলে আনৰ গুপ্ত কথা লুকাই ৰাখিবলৈ জানিব লাগে। গুপ্ত কথা লুকাই ৰাখিব পৰা এটা ডাঙ্গৰ গুণ। অনেক মানুহে এই গুণৰ অভাৱত বন্ধু-বান্ধব হেৰুৱাই আৰু আনৰ গৰিহণা খায়। গুপ্ত কথা লুকাই ৰখা বৰ টান কাম, তুমি নকওঁ বুলি মন বান্ধি থাকিলে তাক কোনেও বলেৰে উলিয়াই নিব নোৱাৰে। কেতবিলাক মানুহে লগ-লগৰীয়াক হঁহুৱাবলৈ লোকৰ গুপ্ত কথা সদৰী কৰে। এই শ্ৰেণী মানুহৰ স্বভাৱ নিচেই পাতল। সিহঁতে লোকৰ বেয়া হওক বুলি মনে জানি গুপ্ত কথা প্ৰকাশ নকৰে, কেৱল ৰাতল স্বভাৱৰ দোষত হঠাৎ কেতিয়াবা কৈ পেলায়। সিহঁতে নিজৰ গুপ্ত কথাও পেটত ৰাখিব নোৱাৰে, তাকো আনৰ আগত কৈ নিজৰ বিপদ নিজে মাতি আনে। গুপ্ত কথা লোকৰেই হওক বা