পৃষ্ঠা:সাৰথি (Sarothi).pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
সাৰথি

 খঙ্গে যদিও মানুহৰ অপকাৰ কৰে, তাৰ পৰা যে কোনো উপকাৰ নহয় এনে কথা কব নোৱাৰি। খং ৰিপু হ'লেও তাৰ সজ ব্যৱহাৰ আছে। কিন্তু সজ ব্যৱহাৰত লগাব লাগিলে আগে তাক বশ কৰি ল'ব লাগে। হাতীক বশ কৰি নললে কামত লগাব নোৱাৰি। সেই দেখি মানুহে হাতী পুহি বশ কৰে, আৰু তাৰ মইমতালি ভাঙ্গিবলৈ গজাকোঁহ ব্যৱহাৰ কৰে। খঙ্গো হাতীৰ নিচিনা উদণ্ড, তাকো আগে বশ কৰি নললে ভাল কামত লগাব নোৱাৰি। সেই দেখি উন্নতি বিচৰা মানুহে খঙ্গক ইচ্ছামতে চলাবলৈ শিকিব লাগে। গহীন স্বভাৱৰ মানুহক খঙ্গে কেতিয়াও উদ্‌বাউল কৰিব নোৱাৰে, গহীনালি খঙ্গৰ বাধক। এতেকে গহীন হ'বলৈ শিকিলে খং দমাবলৈ শিকা হয়।

 খঙ্গৰ কথাবোৰ মনত আলচি থকা উচিত নহয়। আলচি থাকিলে খঙ্গৰ তেজ বাঢ়ে। খং উঠিলে তাৰ কাৰণ বন্ধুবান্ধৱক ভাঙ্গি কোৱা উচিত, তেনেহলে খং বাঢ়িবৰ আশঙ্কা নাথাকে। খং লুকাই থোৱা উচিত নহয়, লুকাই থোৱা খং শত্ৰুৰ নিচিনা। সি কেতিয়াবা হঠাৎ অমূৰ্ত্তক হৈ ওলায়, আৰু মানুহৰ নথৈ অপকাৰ কৰে।

 কোনো কোনো মানুহে আগপাচ নুগুণি খঙ্গৰ বেগত হঠাৎ এটা অকাম কৰি চিৰকাল তাৰ ফল ভোগ কৰে। কোনোৱে ঘৰৰ বয়-বস্তু ভাঙ্গি-ছিঙ্গি খাস্তাং কৰি পাচত কপাল ভুকুৱাই কান্দে, কোনোৱে নকব লগীয়া কথা কৈ নিজৰ বিপদ নিজে মাতি আনে। ইত্যাদি ক্ৰমে বহুত মানুহে হঠাৎ উঠা খঙ্গৰ দণ্ডিত নকব লগীয়া কৈ বা নকৰিবলগীয়া কৰি সংসাৰত অনেক দুঃখ কষ্ট ভোগ কৰে। সেই দেখি এজন পণ্ডিতে কৈ গৈছে যে খঙ্গৰ সময়ত লেখি নটা ঢোক নমৰাকৈ কোনো কথা কোৱা বা কোনো কাম কৰা উচিত নহয়।

লোভ

 ক্ৰোধৰ নিচিনাকৈ লোভৰো দুৰ্জ্জয় প্ৰতাপ। ক্ৰোধে যেনেকৈ মানুহক বিপদত পেলায়, লোভেও সেইদৰে বিপদত পেলায়। কিন্তু ক্ৰোধৰ নিচিনা ই মানুহৰ হিতাহিত জ্ঞান লোপ নকৰে। ক্ৰোধত মানুহ বাউল হয়, উচিত অনুচিত বিচাৰ