পৃষ্ঠা:সাৰথি (Sarothi).pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাঞ্ছাৰ বস্তুৰ অভাৱ নাটনি হ'লে মানুহৰ মনত লোভ দেখা দিয়ে আৰু সেই বস্তুটো পালে মনত যেনে ৰং লাগিব, তাক আলচি থাকিলে লোভৰ তেজ বাঢ়ি যায়। লোভ দমাই ৰাখিবলৈ ইচ্ছা কৰিলে তেনেকুৱা কথা মনত পাগুলি থকা উচিত নহয়। লোভ বৃত্তি নিদ্ৰিত অৱস্থাত থাকে, কিন্তু লুভীয়া বস্তু দেখিলে সি সজাগৰ হয়, আৰু তাৰ ক্ষমতা চলাবলৈ আৰম্ভ কৰে। এতেকে লুভীয়া বস্তুৰ পৰা আঁতৰি থাকিলে লোভে বৰ বল কৰিব নোৱাৰে। কিন্তু লুভীয়া বস্তুৰ পৰা সততে আঁতৰি থকা সম্ভৱ নহয়; সংসাৰ কেৱল প্ৰলোভনময়; মাজে সময়ে প্ৰলোভনৰ হাতত নপৰাকৈ কোনেও সাৰিব নোৱাৰে। বিশেষত লোভৰ পৰা পলাই ফুৰিলে তাক দমন কৰিব নোৱাৰি; কেতিয়াবা দেখাদেখি হ'লে সি নথৈ বিকৰ্থনা কৰিব। শত্ৰুক দমাব খুজিলে তাৰ লগত সমুখ সমৰ পাতিব লাগে। সমুখ সমৰত হাৰিলেহে শত্ৰুৱে ভয় খায় আৰু দুনাই ফেৰ নাপাতে। কিন্তু সেই বুলি প্ৰলোভন বিচাৰি ফুৰাও যুগুত নহয়।

লোভ বৃত্তি একেবাৰে নিৰ্ম্মুল কৰা অসম্ভৱ, আৰু সংসাৰ যাত্ৰীৰ পক্ষে উচিতো নহয়। ক্ৰোধৰ নিচিনা লোভৰো সজ ব্যৱহাৰ আছে। নিলুভীয়া মানুহে সংসাৰত উদ্‌গতি কৰিব নোৱাৰে। তেনেকুৱা মানুহ কেৱল প্ৰাণ ৰক্ষাৰ সম্বল গোট খালেই সন্তুষ্ট হয়, বেচিলৈ অভিলাষ নকৰে। কিন্তু লুভীয়া মানুহৰ স্বভাৱ বেলেগ, তাৰ অভিলাষ ডাঙ্গৰ, আৰু সেই অভিলাষ পূৰণ কৰিবলৈ সি আঠো পৰে পুৰুষাৰ্থ কৰে।

অহঙ্কাৰ

নিজে ডাঙ্গৰ আনবিলাক সৰু, বা নিজে ভাল, আনবিলাক বেয়া, এনেকুৱা ভাব মনত ৰাখি আচৰণ কৰিলে অহঙ্কাৰ কৰা হয়। আৰু নিজৰ গুণ নিজে বখানিলেও অহঙ্কাৰ কৰা হয়। অহঙ্কাৰ এটা স্বভাৱৰ ঘুণ। যাৰ স্বভাৱত এই ঘুণ জন্মিছে সি নিজৰ সামান্য গুণকো বৰ ডাঙ্গৰ যেন দেখে, আৰু আনৰ ডাঙ্গৰ গুণকো সামান্য যেন বোধ কৰে। এই নিমিত্তে অহঙ্কাৰী মানুহে নিজে কাকো প্ৰশংসা নকৰে, আৰু আনে প্ৰশংসা কৰিলেও সহিব নোৱাৰে। যি মানুহ কোনো বিষয়তেই তোমাতকৈ হীন নহয়, তাৰ আগত তোমাৰ অহঙ্কাৰ নৰজে। সেই দেখি আনৰ আগত