পৃষ্ঠা:সাৰথি (Sarothi).pdf/৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


তালৈ সি সদায় চকু ৰাখে, আৰু অলপ বঢ়া টুটা হলেই খং বা অভিমান কৰে। অহঙ্কাৰীৰ ক্ষমা গুণ কম। সি এবাৰ ৰুষ্ট হলে দুনাই সন্তুষ্ট নহয়। সি কৰো লগত জীণ যাব নোৱাৰে। মান্যৱন্তক মান্য কৰাও অহঙ্কাৰীৰ স্বভাৱ নহয়, আনক মান্য কৰিলে সি নিজে লঘু হোৱা যেন বোধ কৰে।

ৰিজনিত অহঙ্কাৰৰ উৎপত্তি। সৰুৰ লগত ডাঙ্গৰক ৰিজালে ডাঙ্গৰৰ মনত অহঙ্কাৰ হয়। তুমি যদি সামান্য ধনীও হোৱা, তথাপি মাগি খোৱা মানুহৰ তুলনাত তুমি এজন যোত্ৰৱন্ত মানুহ, মগনীয়াতকৈ তোমাৰ অৱস্থা ভাল। অৱস্থা ৰিজাঁওতে এই প্ৰভেদৰ ওপৰত চকু পৰে, আৰু তোমাৰ অৱস্থা ভাল দেখি তোমাৰ মনত অহঙ্কাৰৰ ভাব ওপজে। সেইদৰে অলপ শিক্ষা পোৱা মানুহেও সমূলি লিখা-পঢ়া নজনা মানুহৰ লগত নিজকে ৰিজালে নিজে এজন পণ্ডিত বুলি তাৰ মনত গহ হয়। এতেকে ডাঙ্গৰে নিজক সৰুৰ লগত ৰিজোৱা উচিত নহয়। অহঙ্কাৰ দমাব লাগিলে সদায় ওপৰলৈ, অৰ্থাৎ নিজতকৈ ডাঙ্গৰলৈ চকু ৰাখিব লাগে। ডাঙ্গৰত চকু ৰাখিলে মনত কদাপি অহঙ্কাৰ নোপজে। অলপ শিক্ষা বা বিপৰীত শিক্ষাৰ পৰাও অহঙ্কাৰ জন্মে। যি মানুহে যথাৰ্থ শিক্ষা লাভ কৰে,তাক অহঙ্কাৰ ৰিপুৱে সেও কৰিব নোৱাৰে, কিয়নো যথাৰ্থ শিক্ষাৰ পৰা নম্ৰতাহে জন্মে, অহঙ্কাৰ নজন্মে। শিক্ষাৰ পোহৰে মন পোহৰাই দিলে তাত অহঙ্কাৰ তিষ্ঠিব নোৱাৰে। আন্ধাৰ মনতহে অহঙ্কাৰৰ বাস।

আন আন ৰিপুবোৰৰ একোটা সজ ব্যৱহাৰ দেখা যায়, কিন্তু অহঙ্কাৰৰ সদ ব্যৱহাৰ নাই। কোনো কোনো মানুহে কয় যে অহঙ্কাৰে মানুহৰ আশয় ডাঙ্গৰ কৰে, কিন্তু এই তৰ্কত যুক্তি আছে বুলি বোধ নহয়। অনেক অহঙ্কাৰী মানুহক গুপ্তভাৱে নীহ কামত লিপ্ত হোৱা দেখা যায়। ইয়াৰ বাজেও আৰু তৰ্ক শুনা যায় যে অহঙ্কাৰীয়ে আনৰ অনুগ্ৰহ লবলৈ বেয়া পায়, এই তৰ্কটোতো যুক্তি আছে যেন মনে নধৰে। লোকৰ অনুগ্ৰহ গ্ৰহণ কৰিলে নিজৰ নামত কলঙ্ক পৰে, ইয়াক শিক্ষা পোৱা মানুহ মাত্ৰেই জানে আৰু সেই দেখি সুশিক্ষিত মানুহ মাত্ৰেই লোকৰ অনুগ্ৰহ গ্ৰহণ কৰিব নোখোজে। এতেকে আনৰ অনুগ্ৰহ লব নোখোজা গুণটো অহঙ্কাৰৰ ফল বুলিব নোৱাৰি, ই সুশিক্ষাৰহে ফল।