পৃষ্ঠা:সাৰথি (Sarothi).pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আশা কৰে, আৰু তাক নাপালে তোমাৰ বৈৰী হয়। কিন্তু এই হুলস্থুলীয়া সংসাৰত কেতিয়াবা আনৰ অনুগ্ৰহ নল'লে নচলে। তেনেকুৱা নিদান কালত মানুহ বাছি অনুগ্ৰহ খোজা উচিত। দুৰাচাৰ মানুহৰ অনুগ্ৰহ পৰাপক্ষত ল'ব নালাগে, ল'লে কেৱল ভৱিষ্যত সঙ্কতৰ সঁচ পচোৱা হয়। সমনীয়া বা নীচ মানুহৰ অনুগ্ৰহো আপদীয়া, তাকো পৰাপক্ষত গ্ৰহণ কৰা উচিত নহয়। মুঠতে ক'ব লাগিলে, আনৰ অনুগ্ৰহ সততে গৰল যেন জ্ঞান কৰা উচিত। কিন্তু উৎকট ৰোগত পৰিলে মানুহে গৰলো ব্যৱহাৰ কৰে, এতেকে দুৰ্ঘোৰ বিপদত পৰিলেহে অনুগ্ৰহ গৰললৈ হাত মেলিব লাগে। সকলো সময়তে আনৰ অনুগ্ৰহলৈ আশা নেপালি নিজৰ বাউসিবলৰ ওপৰত নিৰ্ভৰ কৰা উচিত। যি নিজ পুৰুষাৰ্থেৰে উধাবলৈ চেষ্টা কৰে তাক ঈশ্বৰেও সহায় কৰে, এনে নীতিবচন আছে।

নিজৰ আচল স্বভাৱ সকলোকে জনাই থলেও বহুত সঙ্কটৰ পৰা ৰক্ষা পৰিব পাৰি। তুমি যি কাম কৰিবলৈ ভাল নোপোৱা তাক কৰিবলৈ তোমাক কোনেও নাখাটে। চুৰ কৰিবলৈ সাধুক বা দান কৰিবলৈ কট্‌কিনাক কোনেও খাটনি কৰা দেখা নাযায়। কিন্তু মানুহে আগৰ পৰা তোমাক সাধু বা কট্‌কিনা বুলি জানিব লাগে, নাইবা কেতিয়াবা তুমি ভাল নোপোৱা কাম কৰিবলৈও মানুহে ধৰিব পাৰে। খাটনি নাৰাখিলে মানুহে পেটে পেটে বৰ বেয়া পায় আৰু খিয়াল কৰে, তোমাকো সেইদৰে খাটনি নাৰাখিলে বেয়া পাব আৰু খিয়াল কৰিব। নিজৰ ৰুচি অৰুচি সকলোকে জনাই থোৱাৰ আৰু এটা গুণ আছে। তুমি কেতিয়াও মিছা কথা নোকোৱা বুলি যদি সকলো ওচৰ চুবুৰীয়াৰ আগত কৈ ফুৰা তেনেহলে সিহঁতৰ আগত মিছা ক'বলৈ তোমাৰ বৰ লাজ লাগিব। নিজৰ ৰুচি অৰুচি বা স্বভাৱ চৰিত্ৰ গুপ্ত কৰি ৰাখিলে আগলৈ কুকাম কৰিবলৈ বাট মোকলাই ৰখা হয়।

সংসাৰ এৰি অৰণ্যত বাস লৈ সজ্জন হ'বলৈ কিছু উজু কিয়নো অৰণ্যত প্ৰলোভন সংসৰ্গ আদি বাধাবিলাক নাই। কিন্তু অৰণ্যবাসী সজ্জন আৰু সাগৰৰ তলৰ ৰত্ন একে ৰকম। সাগৰত থকা ৰত্নৰ পৰা যেন জগতৰ কোনো উপকাৰ নহয় অৰণ্যবাসী সজ্জনৰ পৰাও জগতৰ কোনো উপকাৰ নহয়, সংসাৰত থাকি সংসাৰৰ বাধাবিলাক নিজ বলেৰে মষিমূৰ কৰি সজ হ'ব পাৰিলেহে ধন্য।