পৃষ্ঠা:সাৰথি (Sarothi).pdf/২৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দ্বিতীয় ভাগ

চৰিত্ৰ

উদ্‌গতিৰ আন এটা আহিলা চৰিত্ৰ। সৎ চৰিত্ৰ উদ্‌গতি পথৰ প্ৰৱল সহায়। যি মানুহে সৎ চৰিত্ৰক সাৰথি কৰি উদ্‌গতি পথত যাত্ৰা কৰে, তাক কোনো অপায়ে পশিব নোৱাৰে। ধনৰ বল বা বিদ্যাৰ বল একোৱেই চৰিত্ৰ বলৰ সমান নহয়। কুচৰিত্ৰৰ কুফল ধন বাব বিদ্যাৰে খণ্ডাব নোৱাৰি। ধনৱন্ত আৰু বিদ্যাবন্ত মানুহো চৰিত্ৰৰ দোষত ৰসাতললৈ যায়। চৰিত্ৰহীন মানুহৰ শত্ৰু সৰহ, এতেকে সংসাৰত সিহঁতৰ বিপদো সৰহ। ধনহীন বা বিদ্যাহীন হলে মানুহে আনৰ পুতৌ পায়, কিন্তু চৰিত্ৰহীন হ'লে তাক কোনেও দেখিব নোৱাৰে। সৎ চৰিত্ৰ মানৱ স্বভাৱৰ জেউতি। আন গুণ নাথাকিলেও, অকল সেয়েই মানুহৰ শোভা বঢ়ায়। চৰিত্ৰৱান মানুহ পবিত্ৰ জলৰ নিচিনা। সিহঁত নিজেও পবিত্ৰ, আৰু আনকো পবিত্ৰ কৰে। চৰিত্ৰৱন্ত মানুহক চৰিত্ৰহীন মানুহে পেটে পেটে ভয় কৰে; আৰু সিহঁতৰ আগত বেয়া কাম কৰিবলৈ সঙ্কুচিত হয়। ধন আৰু বিদ্যাৰ পৰা মানুহে ক্ষমতা লাভ কৰে, কিন্তু চৰিত্ৰৰ পৰা মহত্ত্ব প্ৰাপ্ত হয়। কুচৰিত্ৰই মানহক পশুত্বলৈ নমায়, কিন্তু সুচৰিত্ৰই দেবত্বলৈ তোলে। সুচৰিত্ৰ মনুষ্যত্বৰ সাৰ, এতেকে সি উন্নতিৰ মেৰুদণ্ড নিচিনা।

চৰিত্ৰৰ মূল অভ্যাস। কোনো এটা কাম সদায় কৰি থাকিলে, তাক পাচত গৈ এৰিব নোৱাৰা হয়। আৰু এৰিব নোৱাৰা হ'লেই সেই কামটো অভ্যাস হোৱা বোলে। মানুহে পতি একোটা অভ্যাস আছে। কোনো মানুহৰ পুৱায় উঠা অভ্যাস, কোনো মানুহৰ বেলিকৈ উঠা অভ্যাস, কোনো মানুহৰ এসাঁজ খোৱা অভ্যাস, কোনো মানুহৰ তিনি সাঁজ খোৱা অভ্যাস। এনেবিলাক কামত যেনেকৈ মানুহৰ একোটা অভ্যাস জন্মে, আচাৰ ব্যৱহাৰ সম্বন্ধেও সেইদৰে মানুহে মানুহে একোটা ভিন ভিন অভ্যাস জন্মে। কোনো মানুহৰ খিয়াল কৰা অভ্যাস হয়, অৰ্থাৎ সি খিয়াল নকৰি থাকিব নোৱাৰে। এইদৰে আচাৰ ব্যৱহাৰ সম্বন্ধে যিবোৰ অভ্যাস জন্মে, সেইবোৰ গোট খাই চৰিত্ৰ হয়। মানুহৰ অন্তৰত ভাল আৰু বেয়া দুই শ্ৰেণীৰ বৃত্তি আছে।