পৃষ্ঠা:সাৰথি (Sarothi).pdf/২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ন্যায়শীলতা

ন্যায়ৱন্ত মানুহ শিলৰ খুটাৰ নিচিনা, তাক আনৰ কাৰ্য্যাকাৰ্য্যই বা নিজৰ ইচ্ছা বাঞ্চাই অলপো লৰাব নোৱাৰে। সি নিজৰ হিতাহিত আওকাণ কৰি নানা বিঘিনি ঠেলি থৈ ন্যায়ৰ পথত আগ বাঢ়ে। নিজে বিপদও পৰিও ন্যায়ৱন্ত মানুহে ন্যায় ৰক্ষা কৰিবলৈ সাজু হয়। অন্যায়ৰ পথেৰে সি শত্ৰুকো আক্ৰমণ নকৰে। ন্যায় ৰক্ষা কৰিবলৈ সি কেতিয়াবা পৰম বন্ধুৰ প্ৰতিও নিকৰুণ হয়, আৰু কেতিয়াবা পৰম শত্ৰুৰ প্ৰতি দয়ালু হয়। সেই দেখি মানুহে কয় যে অন্যায়ত চলা বন্ধুতকৈ ন্যায়ত চলা শত্ৰুও ভাল। ন্যায়শীল মানুহৰ কাম সাধাৰণ মানুহৰ মনত অদ্ভুত যেন লাগে; কাৰণ সিহঁতৰ ব্যৱহাৰৰ লগত তাৰ ব্যৱহাৰ নিমিলে। সাধাৰণ মানুহৰ কামবিলাক স্বাৰ্থই চালনা কৰে, অৰ্থাৎ সিহঁতে নিজৰ লাভালাভলৈ চাই কাম কৰে। ন্যায়ৱন্ত মানুহৰ ৰীতি তেনেকুৱা নহয়; তাৰ কামবিলাক ন্যায়মূলক, ন্যায়সঙ্গত নহ'লে স্বাৰ্থও তাৰ বিবেচনাৰ বস্তু নহয়। সাধাৰণ মানুহৰ মনত নিজৰ হক প্ৰথম, কিন্তু ন্যায়ৱন্ত মানুহৰ মনত ন্যায়হে প্ৰথম। সাধাৰণ মানুহে নিজৰ হক ৰক্ষা কৰিবলৈ ন্যায় অন্যায়ৰ বিবেচনা এৰে, কিন্তু ন্যায়ৱন্ত মানুহে ন্যায় ৰক্ষা কৰিবলৈ নিজৰ হক এৰে। সেই দেখি সাধাৰণ শ্ৰেণীৰ মানুহে ন্যায়ৱন্ত মানুহক অপদাৰ্থ যেন বিবেচনা কৰে। সি উচিত অনুচিত বোধৰ পৰা হক এৰিলেও সাধাৰণ মানুহে ভয়ৰ নিমিত্তে বা ক্ষমতা নোহোৱাৰ নিমিত্তে এৰা বুলি বিবেচনা কৰে।

ন্যায়ৱন্ত মানুহ তৰ্জুৰ নিচিনা। তাৰ মনত খুদ পৰিমাণ প্ৰভেদো ডাঙ্গৰ প্ৰভেদ। সি কোনো কথাকেই সৰু বুলি উলাই নকৰে, বৰং সৰু কথাৰো ডাঙ্গৰ অৰ্থ আছে বুলিহে ভাবে। সেই দেখি ন্যায়ৱন্ত মানুহে সৰু বৰ সকলো ৰকম কথাকে বিবেচনা কৰি চায়। বহুত মানুহৰ মনৰ ওপৰত ডাঙ্গৰ নামৰ অতুল ক্ষমতা। সিহঁতৰ বিবেচনাত ডাঙ্গৰ মানুহৰ কথা শিৰোধাৰ্য্য। কিন্তু ন্যায়ৱন্ত মানুহৰ বিবেচনা তেনেকুৱা নহয়। নামৰ জেউতিয়ে তাৰ চকুত চমক লগাব নোৱাৰে। তাৰ মনত প্ৰসিদ্ধ পণ্ডিত বা প্ৰৱল ধনীৰ কথা যেনে বিবেচনৰ যোগ্য, মূৰ্খ বা দৰিদ্ৰৰ কথাও তেনে বিবেচনাৰ যোগ্য। সি সমনীয়া মানুহৰ আগত যেনে নিৰ্ভয়ে উচিত কথা কয়, ডাঙ্গৰ মানুহৰ আগতো সেইদৰে নিৰ্ভয়ে উচিত কথা কয়। মূৰ্খ ৰজাৰ আগত উচিত