পৃষ্ঠা:সাৰথি (Sarothi).pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
সাৰথি

বহুত চোৰেও আনক ছলিবলৈ সাধুৰ ভাও ধৰে। এতেকে অচিনাকি মানুহক পোন প্ৰথমে বিশ্বাস কৰা যুগুত নহয়। কোনো মানুহক শঠ বুলি জানিব পাৰিলে তাৰ লগত সম্বন্ধ চিঙ্গি দিয়া উচিত। শঠৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয়।

 সংসাৰত মানুহৰ অৱস্থা সমানে নাথাকে। একালৰ আঢ্যৱন্ত একালৰ দৰিদ্ৰ হয়। তেনেকুৱা মানুহৰ লগত ব্যৱহাৰ কৰোঁতে আঢ্যৱন্ত অৱস্থাত তাৰ লগত যেনে ৰূপে ব্যৱহাৰ কৰা হৈছিল দৰিদ্ৰ অৱস্থাতো তেনে ৰূপেই ব্যৱহাৰ কৰা উচিত। আঢ্যৱন্ত অৱস্থাত মান দেখুৱাই দৰিদ্ৰ অৱস্থাত অমান্য কৰা ভাল নহয়। সুদিনত সৎকাৰ আৰু দুৰ্দ্দিনত ইতিকিং কৰা সৰু মনৰ চিন। সামান্য মানুহ ডাঙ্গৰ হ'লেও তাৰ প্ৰতি ব্যৱহাৰ সলোৱা উচিত অৰ্থাৎ তাৰ লগত আগে যেনে ব্যৱহাৰ কৰিছিলা, বিদ্যা বুদ্ধিৰ বলত সি ডাঙ্গৰ হৈ উঠাতো তেনে ব্যৱহাৰ কৰা উচিত নহয়। তেতিয়া সি তাৰ অৱস্থা অনুৰূপ মান সৎকাৰ পাব লাগে।

 কোনো কোনো মানুহে মান্যৱন্ত লোকক অমান্য কৰিলে পুৰুষালি কৰা যেন পায়, সেই দেখি চল পালে অমান্য কৰিবলৈ নেৰে। কিন্তু সিহঁতে ভাবি নাচায় যে মান্যৱন্তক অমান্য কৰি তাৰ মূল্য কমাব নোৱাৰি। সোণৰ জেউতি অমান্য কৰিলে নকমে।

 তলতীয়া সামান্য মানুহ বিলাকক মৰম কৰি চলা উচিত, আৰু সিহঁতক সম্বোধন কৰোতে তুমি বুলি সম্বোধন কৰা ভাল। তই কথা বৰ নিকৃষ্ট, তাৰ লগুৱা ভণ্ডাৰীৰ বাজে আন মানুহৰ প্ৰতি ব্যৱহাৰ কৰা যুগুত নহয়। নিজৰ ল'ৰা-ছোৱালীকো তুমি বোলা উচিত।