পৃষ্ঠা:সাৰথি (Sarothi).pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চৰিত্ৰ শুধৰণৰ অন্যান্য বাধা

চৰিত্ৰ শুধৰণিৰ বাটত বহুত ৰিপু আছে। লোভ, মোহ, অহঙ্কাৰ আদি প্ৰখ্যাত ৰিপুবিলাক বশ কৰিলেই সকলোবিলাক ৰিপু পাৰ হোৱা বুলি ভবা উচিত নহয়। সিহঁতৰ বাজেও অন্য অনেক ৰিপুৱে সেই বাট আগচি আছে। সংসাৰত উদ্‌গতি কৰিব খোজা মানুহে সেইবিলাক ৰিপুৰো সমুখ নোহোৱাকৈ এৰাব নোৱাৰে। সেইবিলাক ৰিপুৰ ভিতৰত বেয়া সংসৰ্গ এটা ঘাই ৰিপু। সংসাৰত মানুহে শঠ প্ৰবঞ্চক আদি মনে মুখে নিমিলা বহুত লোকৰ লগত বসতি কৰিব লাগে, আৰু সিহঁতৰ লগত বসতি কৰা বাবে কেতিয়াবা সিহঁতৰ দোষাদোষে সাধু সন্তকো পৰ্শ কৰে। দুষ্টৰ লগত সন্তৰ মৰণ, এই এটা নীতি বচন। কেৱল নিজৰ স্বভাৱ ভালকৈ ৰাখিলেই সংসাৰত প্ৰমাদ এৰাব নোৱাৰি, আনে কৰা অকামৰ ফলাফলে ঢুকি নোপোৱা হ'বলৈ যত্ন কৰিব লাগে। এই কথা নিচেই উজু নহয়। সংসাৰত থাকিলেই ভাল বেয়া দুই বিধ মানুহৰ লগত ঘনপাতল সম্বন্ধ হয়, আৰু সেই সম্বন্ধৰ বান্ধত পৰি ভালেও বেয়া বাটত ভৰি দিবলৈ বাধ্য হয়। মিছা কথা কোৱা এটা বেয়া কাম সেই দেখি সাধু লোকে মিছা কথা নকয়, কিন্তু কেতিয়াবা কোনো বন্ধু মানুহক তাৰ অকামৰ ফলৰ হাতৰ পৰা সৰুৱাবলৈ সাধুৱেও মিছা ক'ব লগীয়াত পৰে। অসৎ পুত্ৰক ৰক্ষা কৰিবলৈ সৎ পিতৃয়েও নকৰিবলগীয়া কাম কৰা বা নক'বলগীয়া কথা কোৱা দেখা যায়। সংসাৰী মানুহক অনেক সময়ত এনে বিধৰ সঙ্কটে বাট ভেটি ধৰে আৰু কোনো জনক সজ বাটৰ পৰা ঠেলি পেলায়। উদ্‌গতি কৰিব খোজা মানুহে এনেবোৰ সঙ্কটৰ হাতৰ পৰা সাৰিবলৈ সদায় চেষ্টাত থকা যুগুত।

আন মানুহৰ অনুগ্ৰহ গ্ৰহণ কৰিলেও অনেক সময়ত চৰিত্ৰ শুধৰণিত বাধা জন্মে। ক্ষমতাৱন্ত বা ধনৱন্ত মানুহৰ পক্ষে অন্যক অনুগ্ৰহ দান কৰা উজু কথা, কিন্তু লওঁতাৰ পক্ষে বৰ টান। দানত দিওঁতাৰ গৌৰৱ আছে, কিন্তু লওঁতাৰ কলঙ্ক মাথোন। দান গ্ৰহণৰ অখ্যাতি অপযশ গ্ৰহণ কৰোতাৰ জীৱনৰ লগৰীয়া হয়, তাৰ আগত তুমি সদায় সৰুটি হৈ থাকিব লাগে। সি অতি অধম অনাচাৰী হ'লেও তোমাৰ পূজনীয়। তুমি তাক সকলো কামতে সহায় কৰিবলৈ বাধ্য। অকৰ্ম্মতো সি তোমাৰ সহায়