পৃষ্ঠা:সাৰথি (Sarothi).pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ফলাবলৈ অহঙ্কাৰীয়ে আনৰ খুঁত বিচাৰি ফুৰে, আৰু সামান্য এটা খুঁত পালে তাকেই ওফোন্দাই ডাঙ্গৰ কৰি অহঙ্কাৰৰ ঠেক উলিয়ায়। সি গুণীৰ গুণ লঘু কৰিবলৈ নানা ফাং পাতে। অহঙ্কাৰী মানুহৰ গাত যি এটা গুণ থাকে, সি তাকে গুণৰ প্ৰধান যেন বিবেচনা কৰে, আৰু যাৰ গাত সেই গুণ নাই তাক নিচেই অবালচন্দ বুলি ইতিকিং কৰে। অহঙ্কাৰীয়ে যদি খৰকৈ লিখিব পাৰে, তেনেহলে সি খৰকৈ লিখিব পৰা শক্তিটোক এটা প্ৰধান গুণ বুলি ভাবে, আৰু যাৰ তেনে গুণ নাই তাক অকামিলা বুলি উপালম্ভ কৰে, তাৰ আন কোনো ডাঙ্গৰ গুণ থাকিলেও অহঙ্কাৰীয়ে তাক লেখত নধৰে।

অহঙ্কাৰী মানুহে নিজৰ দোষ সমুলি নেদেখে, আৰু আনে দেখুৱাই দিলেও তাক কদাপি মানি নলয়। নিজৰ দোষ বা ত্ৰুটি মানি লোৱা অহঙ্কাৰৰ বিপৰীত ধৰ্ম্ম, তেনে কৰিলে অহঙ্কাৰ নৰয়। সেই দেখি অহঙ্কাৰীয়ে ভাল, বেয়া নানা উপায়েৰে নিজৰ দোষ লুকাই থয়। অহঙ্কাৰীৰ পক্ষে আন লোকৰ পৰা দিহা পৰামৰ্শ লোৱাও টান কথা, কিয়নো আনৰ উপদেশ বিচাৰিলে কেতিয়াবা কেতিয়াবা নিজৰ মূঢ়ালি ওলাই পৰে। অহঙ্কাৰী মানুহ স্বভাৱতে পৰনিন্দক হয়, মুখেৰে ফুটাই নিন্দা নকৰিলেও, মনত তাৰ সদায় নিন্দাৰ ভাব থাকে।

লোকৰ প্ৰশংসা অহঙ্কাৰৰ ঘাই আহাৰ। আহাৰ নহ'লে যেনেকৈ প্ৰাণীবিলাক ৰব নোৱাৰে, সেইদৰে প্ৰশংসা নহ'লেও অহঙ্কাৰ ৰব নোৱাৰে। আনৰ পৰা প্ৰশংসা নাপালে অহঙ্কাৰীয়ে নিজক নিজে প্ৰশংসিও তাৰ অহঙ্কাৰক জীপ দিয়ে। অহঙ্কাৰী মানুহে প্ৰশংসা ইমান ভাল পায় যে অজান বালকৰ প্ৰশংসাতো তাৰ বুকু ফিন্দ খাই উঠে আৰু চাটুকৰ চাটুকো সি আচল প্ৰশংসা যেন বিবেচনা কৰে।

দম্ভ অহঙ্কাৰ সকলোৰে অপ্ৰিয় বস্তু। দম্ভালি কথা মানুহৰ কাণত কাঁড় ফুটাদি ফুটে, তাক কোনেও সহিব নোৱাৰে। এই দেখি অহঙ্কাৰী মানুহ সকলোৰে অপ্ৰিয় হয়, আন কি নিজৰ পৰিয়ালেও তাক দেখিব নোৱাৰে। ক্ষমতাশালী অহঙ্কাৰীক অৱশ্যে মুখৰ আগত নিন্দিবলৈ কোনেও সাহ নকৰে, কিন্তু পেটে পেটে সকলোৱে তালৈ আক্ৰোশ ৰাখে, আৰু সুচল পালেই অহঙ্কাৰ চুৰ কৰিবলৈ চেষ্টা কৰে।

অহঙ্কাৰী মানুহৰ অহঙ্কাৰেই পৰম বিভূতি, তাক অটুট ৰাখিবলৈ সি সদায় চেষ্টা কৰে। অৱস্থাত দৰিদ্ৰ হলেও কথমপি সি নিজৰ ভৰকটো ৰাখি থাকে। অহঙ্কাৰীৰ মান অপমানৰ বোধো বৰ বেচি, তাৰ প্ৰতি অন্য মানুহে কেনে আচৰণ কৰে