পৃষ্ঠা:সাৰথি (Sarothi).pdf/২৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৫
সাৰথি

কথা কৈ সময়ে সময়ে ন্যায়ৱন্ত মানুহে প্ৰাণ হেৰুৱাইছে। পানী গোট মাৰি শিল যেন হয়, এই কথা দেশৰ ৰজাৰ আগত কোৱাত চাউডাঙ্গৰ হাতত এজনৰ মূৰ গৈছিল। ন্যায়ৱন্ত মানুহে তাৰ নিজৰ ক্ষমতাৰো জোখ জানে, আৰু আনৰ ক্ষমতাৰো জোখ লয়। সি সম্পদত অহঙ্কাৰী বা দুখত সেও নহয়। তাৰ স্বভাৱ সৰ্ব্বতি কাল গম্ভীৰ আৰু মৃদু।

 ভুল হ'লে সৈ কঢ়া ন্যায়ৱন্তৰ ঘাই লক্ষণ। ভুল লুকাই ৰাখিলে তাক পুহি ৰখা যেন হয়, আৰু বাৰে বাৰে তাৰ ফল ভুঞ্জিব লাগে। কিন্তু ভুল ধৰা পৰিলে নিন্দা হয়, সেই দেখি সাধাৰণ মানুহে ভুল ঢাকিবলৈ যত্ন কৰে, আৰু আনে দেখুৱাই দিলেও বেয়া পায়। এই বিষয়ে ন্যায়শীল মানুহৰ বিবেচনা বেলেগ। ভুলৰ বাছি দিলে সি তাক পৰম উপকাৰ কৰা বুলি ভাবে। অনভিজ্ঞতাও ভুলৰ নিচিনা, তাকো মানুহে লুকাই ৰাখিব খোজে। কিন্তু ন্যায়শীল মানুহে যেনেকৈ ভুল লুকাই নাৰাখে সেইদৰে অনভিজ্ঞতাও লুকাই নাৰাখে। ভুল বা অনভিজ্ঞতা প্ৰকাশ কৰাত লোকে লাজ দিলে সি তালৈ কাণ নকৰে। তেনে লাজ সি ভুল আৰু অনভিজ্ঞতা অখণ্ডনীয় ফল বুলি ধৰে। ল'ৰাই শিক্ষা কৰোঁতে অধ্যাপকৰ শাস্তি ভুঞ্জে, ন্যায়ৱন্ত মানুহে ইয়াকো অধ্যাপকৰ শাস্তি বুলি বিবেচনা কৰে। ক্ষন্তেকীয়া লাজৰ ভয়ত চিৰকাল অনভিজ্ঞ হৈ থকাতকৈ অনভিজ্ঞতা বিদিত কৰি অভিজ্ঞতা লাভ কৰা হাজাৰ গুণে শ্ৰেয়স্‌। নিজক পণ্ডিত বুলি ভাবিলে ভুল স্বীকাৰ কৰিবলৈ লাজ লাগে। সেই দেখি ন্যায়ৱন্ত মানুহে নিজক কেতিয়াও অভ্ৰান্ত পণ্ডিত বুলি নাভাবে।

 মানুহৰ মনত ন্যায় অন্যায় বোধ আদিৰ পৰা আছে। সেই দেখি সাধাৰণ বিষয়ত সকলোৱে ন্যায় অন্যায় বুজিব পাৰে। কিন্তু কিছুমান মানুহে নিজৰ হৃদবোধ মতে নচলে। লোভ মোহ যদি কুপ্ৰবৃত্তিবোৰৰ দণ্ডিত সিহঁতে নিজৰ বুজক ঠেলি থৈ অন্যায় পথত ভৰি দিয়ে, আৰু সেইবাবে মনত বেয়া লাগিলে নানাবিধ বিপৰ্য্যায় যুক্তিৰে মনক বোধাই ৰাখে। নিৰ্জু পহুবোৰক বধ কৰা অন্যায় বুলি সকলোৰে হৃদবোধ আছে; কিন্তু এজন মৃগয়াপ্ৰিয় ৰজাই পহু মাৰিবলৈ মনক এইদৰে উদ্‌গাইছিল যে পহুবোৰে তেওঁৰ বিলাস কাননৰ গছ, লতা, ফল, ফুল খাই সদায় উপদ্ৰৱ কৰে, এতেকে সিহঁতক মৰা অন্যায় নহয়। মনক এইদৰে বুজনি দিয়া অনুচিত। ইয়াক আত্মছলন বুলিব পাৰি। মনে পহু মৰা কাম বেয়া বুলি কৈ দিয়াতো, তালৈ কটাক্ষ নকৰি মনক আকৌ ছলিবলৈ এইদৰে বিপৰীত যুক্তি