পৃষ্ঠা:সাৰথি (Sarothi).pdf/৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৭
সাৰথি

লাজো লাগে। এই নিমিত্তে এজন পণ্ডিতে কৈছে যে খং উঠা মানুহৰ আগত এখন আৰ্চী ধৰিব লাগে, তেনেহলে সেই আৰ্চীত সি তাৰ ৰাক্ষসী মূৰ্ত্তি দেখি লাজ পাব, আৰু লাজ পালে তাৰ খঙ্গো জিমাব। কেচুৱা ল'ৰাই খঙ্গত জেউৰ ধৰিলে তাক আৰ্চী দেখুয়াব লাগে, তেনেহলে সি কান্দন এৰিব।

 ক্ৰোধ উদয় হ'লে, মানুহে গাত খং উঠা বুলি কয়। খং দৰাচলতে গাত উঠে, অৰ্থাৎ বলী মানুহে যেনেকৈ নিৰ্ব্বলীক গবা মাৰি ধৰে, সেইদৰে খঙ্গেও মানুহক গবা মাৰি ধৰে আৰু শৰীৰটো চেপি খুন্দি মোহাৰি জুনজুনীয়া কৰে। খঙ্গৰ একোটা আক্ৰমণে গাৰ তেজ, মঙ্গহ, শিৰ আদি সঁজুলিবোৰ মথি পেলায়। সেই নিমিত্তে বৰ খঙ্গৰ পাচত মানুহৰ ভাগৰ লাগে। ল'ৰাবোৰ খংত কান্দি কান্দি পাচত টোপনি যায়। ইয়াৰ পৰা বুজিব পাৰি যে খং উঠিলে শৰীৰৰ ভিতৰত এটা ধুমুহা বয়, আৰু সেই ধুমুহাত জোকাৰ খাই শৰীৰ থান্ থান্ বান্ বান্ হৈ পৰে। এনেকুৱা ভিতৰুৱা হুলস্থূলৰ পৰা যে শৰীৰ অপকাৰ হয় তাৰ কোনো সন্দেহ নাই।

 খং উঠাৰ বহুত কাৰণ আছে। আনে অপকাৰ কৰিলে খং উঠে, গাত দুখ দিলে খং উঠে, অপমান কৰিলেও খং উঠে। এইবিলাক খঙ্গৰ ডাঙ্গৰ ডাঙ্গৰ কাৰণ। এনে বিধৰ কাৰণ সদায় উপস্থিত নহয়। এইবিলাকেই মাথোন খং উঠাৰ কাৰণ হোৱাহেঁতেন জীৱনত দুই চাৰি দিনহে মানুহৰ খং উঠিবলৈ পালেহেঁতেন। সৰহ ভাগ খঙ্গৰ কাৰণ আমনি। আমনি সহিব পাৰিলে তাৰ আক্ৰমণ এৰাব পাৰি। কোনো কোনো মানুহৰ যে অলপতে খং উঠে ই কেৱল আমনি সহিব নোৱাৰাৰ ফল। উন্নতি বিচৰা মানুহে এনেকুৱা স্বভাৱ শুধৰাই লোৱা উচিত, নাইবা উন্নতিৰ বাটত আগুৱাবলৈ টান হয়। উন্নতিৰ বাটত থাকিলে অনেক সময়ত অনেক টান কামৰ ভাৰ পৰে, বা এটা কামকে কেইবাবাৰো কৰিব লগীয়া হয়, বা একে সময়তে অনেক ৰকম কামে জুমুৰি দি ধৰে, তেতিয়া বিৰক্ত হৈ কাম এৰিলে উন্নতিৰ চেষ্টা বিফল হয়। জাজ জঞ্জাল, আমনি আহুকাল উন্নতিৰ ঘাই অঙ্গ। যি উন্নতিৰ পথত চলে, সি ইহঁতক পিন্ধনৰ বস্ত্ৰ যেন জ্ঞান কৰিব লাগে। ৰাজমিস্ত্ৰী আৰু সেনাপতিসকলে দিনে নিশায় নানা বিধ টান টান সমস্যা খণ্ডন কৰিব লাগিছে, তথাপি তেওঁবিলাকৰ আমনি নাই। আমনিবোধ অভ্যাসত কমে, অৰ্থাৎ অভ্যাস কৰিলে মানুহে আমনি সহিব পৰা হয়। যি মানুহে মুঠে আমনি সহিব নোৱাৰে, সিও বহু পৰিয়ালী ঘৰত থাকিলে অনুক্ৰমে সহিব পৰা হয়।