পৃষ্ঠা:সাৰথি (Sarothi).pdf/২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দয়া

আগত কোৱা হৈছে যে মানুহৰ মনত দুই শ্ৰেণীৰ বৃত্তি আছে। তাৰে এক শ্ৰেণীৰ বৃত্তিবোৰ দুষ্ট, সেই নিমিত্তে সিহঁতক ৰিপু বোলে। আন শ্ৰেণীৰ বোৰ সজ, সেই নিমিত্তে সিহঁতক গুণ বোলে। দুষ্ট বৃত্তিবোৰৰ বিষয়ে আন ঠাইত আলোচনা কৰা যাব। ইয়াত কেৱল সজ বৃত্তিবোৰৰ গুণাগুণ বিচাৰ কৰা হ'ব। সজ বৃত্তিবোৰৰ ভিতৰত দয়া মূখিয়াল। মনৰ মামৰ গুচাবলৈ দয়াৰ নিচিনা দৰব নাই। দয়া কপট অন্তকাৰীৰ পৰম ঔষধ। ই কূৰ্চ্চুট কপট আদি মলি পখালি মানুহৰ চিত নিকা কৰে। দয়াৰ প্ৰথম কাৰ্য্য মানুহৰ আপোন পৰিয়ালত দেখা দিয়ে। পিতৃ-মাতৃ, ভাই-ভনী, আৰু সন্তান-সন্ততিলৈ সকলো মানুহৰেই মৰম লাগে। মৰম এটা দয়াৰ কাৰ্য্য। কিন্তু এই পৰিমাণ দয়াৰে পৃথিৱীত কোনো ডাঙ্গৰ কাম নিসিজে। ল'ৰা-ছোৱালী বা ভাই-ভনীলৈ মৰম লগা এটা প্ৰকৃতিৰ নিয়ম। এই নিয়মৰ গুণত জীৱজগত চিৰকাল চলি আছে। ই ক্ষীণ দয়া। এই পৰিমান দয়া পশু-পক্ষীৰ ভিতৰতো আছে। চৰিত্ৰ গঠন কৰোঁতে ইয়াৰ পৰা বিশেষ সহায় পোৱা নাযায়। চৰিত্ৰ গঠন কাৰ্য্যত লগাব লাগিলে দয়া কৰ্ষণ কৰি বঢ়াই ল'ব লাগে। সংসাৰ যিমান ডাঙ্গৰ, সাংসাৰিক উন্নতি বাঞ্ছা কৰা মানুহৰ দয়াও সিমান ডাঙ্গৰ হ'ব লাগে অৰ্থাৎ জগতবাসী সকলো জীৱ-জন্তুৰ প্ৰতি তাৰ দয়া জন্মিব লাগে।

দয়া এটা মনৰ গুণ, সি মনত উদয় হয়। দুখ লগা কথা দেখা পালে মানুহৰ মনত দয়া উপজে। কিন্তু মনত উপজি মাৰ গ'লে সেই দয়াৰ পৰা কোনো ফলোদয় নহয়। যি দয়াৰ পৰা কৰ্ম্মৰ অভিলাষ জন্মে, সেয়ে আচল কাৰ্য্যকৰী দয়া। কোনো মানুহৰ দুখ দেখিলে তাক গুচাবলৈ দয়াই তোমাক দণ্ডি কৰিব লাগে। দয়াৰ দণ্ডিত কিছুমান মানুহে গোটেই জীৱন পুৰুষাৰ্থ কৰি পুৰণি কালৰ গোলাম বন্দীক মুক্তি কৰিছে। এতিয়াও বন্দীয়াৰবিলাকৰ দুখ দেখি কিছুমান মানুহে ফাটকৰ নিয়ম-প্ৰণালী পৰিবৰ্ত্তন কৰাবলৈ চেষ্টা কৰিব লাগিছে। আগেয়ে গৰু-মহ আদি পশুবোৰক মানুহে অশেষ কষ্ট দি বাইছিল এতিয়া দয়ালু মানুহৰ পুৰুষাৰ্থত অমাত পশুৰ দুখ গুচিছে। আজিকালি গৰু-মহ বা হাঁহ-পাৰক দুখ দিলে ৰাজঘৰত জগৰীয়া হ'ব লাগে। আগৰ কালত ভাৰতবৰ্ষত পোহনীয়া পশুৰ চিকিৎসালয় আছিল তাত