পৃষ্ঠা:সাৰথি (Sarothi).pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিজৰেই হওক সদায় লুকাই ৰখা উচিত। লোকৰ গুপ্ত কথা প্ৰকাশ কৰিলে তাৰ কোপত পৰিব লাগে, আৰু নিজৰ গুপ্ত কথা প্ৰকাশ কৰিলে মানুহৰ গৰিহণা খাব লাগে। দুৰাচাৰ বা খিয়লীয়া মানুহৰ আগত নিজৰ গুপ্ত কথা ভাঙ্গি কলে ভৱিষ্যতে হিংসা কৰিবলৈ সুচল কৰি দিয়া হয়। লোকৰ গুপ্ত কথা সম্বন্ধে আৰু বিবেচনা কৰা উচিত যে, যি মানুহে তোমাৰ আগত তাৰ গুপ্ত কথা ভাঙ্গি কয়, তুমি সেই কথা বিশ্বাসত ৰাখিবা বুলি আশা কৰে, এনে স্থলত কথাটো প্ৰৌঢ়ী কৰি সমাজত তাৰ হাঁহিয়াত কৰা কোনোমতে যুগুত নহয়, তেনে কৰিলে বিশ্বাসঘাতকতা কৰা হয়। যি কথা প্ৰকাশ কৰিলে দুজনৰ ভিতৰত কন্দল লাগিব পাৰে, তেনে কথাও সাবধানে লুকাই ৰাখিব লাগে। এইদৰে গুপ্ত কথা লুকাই ৰাখিব পাৰিলে সকলোৰে সঁজাতি হব পাৰি। যি মানুহে পেটত কথা ৰাখিব নোৱাৰে যি আনৰ গুপ্ত কথা শুনিবলৈ হেঁপাহ কৰা উচিত নহয়, আৰু আনে ক'ব খুজিলেও শুনিবলৈ মান্তি হোৱা অনুচিত।

লোকৰ দোষ খোঁচাৰী ফুৰা বহুত মানুহৰ স্বভাৱ, কিন্তু তাৰ পৰা কাৰো কোনো উপকাৰ নহয়। যি আনৰ দোষ বিচাৰি ফুৰে সি তাৰ নীচ আশয়ৰ চিনাকি দিয়ে আৰু যাৰ দোষ বিচাৰে তাৰ কোপত পৰে। এতেকে সততে আনৰ দোষৰ ভাগ এৰি দি গুণৰ ভাগ ধৰাই শ্ৰেয়স্‌। কোনো মানুহৰ বিষয়ে কথা ক'ব লাগিলে তাৰ যি গুণ আছে তাকেহে কোৱা উচিত, নাইবা মুঠে একো নোকোৱাই ভাল। যি মানুহে যি কথা শুনিবলৈ ভাল নাপায় সেই কথা তাৰ আগত কোৱা উচিত নহয়। কোনো মানুহৰ শৰীৰত কোনো খুঁত থাকিলে তাকে ধৰি ভেঙ্গুচালি বা বিগতি কৰা অনুচিত। বিগতি বা ভেঙ্গুচালি বহুৱাৰ কাম, তেনে কাম আনে কৰা অযুগুত। সকলোৰে সৈতে গহীন হৈ চলাই ভাল, কিয়নো গহীনালিৰ লগত উপলুঙ্গালি বা পাতলালি থাকিব নোৱাৰে। ভেঙ্গুচালি উপলুঙ্গালিৰ ফল। এতেকে যত উপলুঙ্গালি নাই, তাত ভেঙ্গুচালিও থাকিব নোৱাৰে। আনৰ আগত নিজৰ গুণৰ কথাও ক'ব নালাগে। নিজৰ মুখত নিজৰ গুণ আনৰ কাণত বিহ যেন লাগে। নিজৰ গুণ নিজে বখানিলে গুণৰ গৌৰৱো নাথাকে। আন মানুহৰ লগত মেল কৰোঁতে বিশেষ প্ৰয়োজন নাথাকিলে নিজৰ কথা সৰহকৈ নোকোৱাই ভাল।

পৃথিৱীত নানা ৰকমৰ মানুহ আছে, কোনো সাধু, কোনো চোৰ, কোনো শঠ, কোনো সৰল, কিন্তু কোনটো কোন বিধৰ তাক দেখিলেই চিনিব নোৱাৰি, কাৰণ