পৃষ্ঠা:সাৰথি (Sarothi).pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
সাৰথি

দয়া এটা ভাল আৰু লোভ এটা বেয়া বৃত্তি। ভাল বৃত্তিৰ গুণত ভাল অভ্যাস জন্মে যেনে, দয়াৰ গুণত মানুহ দানী হয়, পৰোপকাৰী হয়। বেয়া বৃত্তিৰ গুণত বেয়া অভ্যাস জন্মে যেনে, লোভৰ গুণত মানুহ চোৰ হয়, ঠগ হয়। এতেকে ভাল বৃত্তিৰপৰা ভাল আৰু বেয়া বৃত্তিৰ পৰা বেয়া চৰিত্ৰ জন্মে। ভাল বেয়া দুয়ো বিধ বৃত্তিকে মানুহে যত্ন পুৰুষাৰ্থ কৰি বঢ়াব টুটাব পাৰে। যি চৰিত্ৰ ভাল কৰিব খোজে সি তাৰ বেয়া বৃত্তিবোৰ দমন ৰাখি ভালবোৰৰ তেজ বঢ়োৱা উচিত।

       মানুহৰ বেয়া বৃত্তিবোৰ কৰ্ষণ নকৰাকৈ আপোনা-আপুনি ফুঁটি ওলায়, কিন্তু ভালবোৰ জ্ঞান বুদ্ধি থিৰ হ'লেহে দেখা দিয়ে। ল'ৰাকালত মানুহে ক্ৰোধ লোভ আদি বেয়া বৃত্তিবোৰৰ অধীনত থাকে,তেতিয়া তাৰ মনত ভাল বৃত্তিৰ ক্ৰিয়া দেখাই নাযায়, ডাঙ্গৰ হৈ হিতাহিত জ্ঞান লাভ কৰিলে তেতিয়া ভাল বৃত্তিবোৰ দেখা দিব ধৰে। মানহৰ জীৱনত কিয় বেয়া বৃত্তিবোৰ আগ বাঢ়ি ওলায় তাৰ কাৰণ ঠাৱৰোৱা টান, আৰু ইয়াত সেই কথা আমাৰ বিচাৰৰ বিষয় নহয়। কিন্তু বেয়া বৃত্তিবোৰ আগবঢ়াৰ নিমিত্তে মনুষ্য জাতিৰ অশেষ অপকাৰ হৈছে। সিহঁতৰ দণ্ডিত মানুহে প্ৰথমতে বেয়া বাটে খোজ লয়। বেয়া বৃত্তিবিলাক মনুষ্য জীৱনত প্ৰথম নায়ক নোহোৱাহেঁতেন, সংসাৰত ইমান কুকাম দেখা নগ'লহেঁতেন, পৃথিৱী স্বৰ্গৰ নিচিনা সুখৰ আলয় হ'লহেঁতেন। বেয়া বৃত্তিবিলাকে আগেয়ে মানুহক বেয়া বাটত পেলাই দিয়ে, পাচত জ্ঞানৰ বলেৰেহে তাৰপৰা উদ্ধাৰ হ'ব লাগে। এই দেখি মানুহে চৰিত্ৰ গঠন কৰা কামক চৰিত্ৰ সংশোধন নাম দিছে। আদিতে সকলো মানুহৰ চৰিত্ৰ বেয়া থাকে, পাচত জ্ঞান বুদ্ধি উপজিলে তাক শুধৰাই লয়। কিন্তু বেয়াক ভাল কৰা বা অপবিত্ৰক পবিত্ৰ কৰা বৰ টান কথা। আৰম্ভতে সজ বাট লগাই দিবলৈ উজু, কিন্তু অসজ বাটত চলি থকা মানুহক তাৰ পৰা ওভতাই অনা টান। সেই দেখি সংসাৰত সজ মানুহৰ সংখ্যাতকৈ অসজ মানুহৰ সংখ্যা সৰহ। আগৰ পৰা অসজ পথত প্ৰবৰ্ত্তাৰ নিমিত্তে তাত মানহৰ ৰাপ জন্মে, পাচত জ্ঞানৰ পোহৰত তাৰ কুন্ধচালি দেখিলেও সিহঁতে তাক এৰি দিব নোৱাৰে। এতেকে কোমল বয়সতে চৰিত্ৰ শুধৰাই নল'লে, পাচত শুধৰোৱা টান হয়। কোমলতে ভাঁজ দিলেহে বস্তুৱে ভাঁজ লয়। যি মানুহে কুকাম কৰি কৰি হাড় পকাইছে তাৰ চৰিত্ৰ সংশোধন কৰা কদাপি সম্ভৱ নহয়।