পৃষ্ঠা:সাৰথি (Sarothi).pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেখুৱালে তাক অন্যায় কাম শিবলৈ শিকোৱা হয়। ই বিপৰ্য্যয় শিক্ষা। এনেকুৱা শিক্ষাৰ পৰা মানুহৰ ন্যায় অন্যায় জ্ঞান ভোতোহা হয়। ন্যায়শীল মানুহে মনক কেতিয়াও এনে শিক্ষা নিদিয়ে।

অন্যায় কাম নকৰিলেই মানুহক ন্যায়ৱন্ত বুলিব নোৱাৰি। কাৰণ বহুত অন্যায়প্ৰিয় মানুহেও সমাজদণ্ড বা ৰাজদণ্ডৰ ভয়ত অন্যায় কামৰ পৰা আতঁৰ হৈ থাকে। এই শ্ৰেণীৰ মানুহত সঁজাত নাই। ইহঁত সংসাৰৰ বহুৰূপী। ইহঁত এক সময়ত সন্ত শিষ্ট, আৰু এক সময়ত দুৰ্ঘোৰ পাষণ্ড হয়। সুচল পালেই ইহঁতে স্বৰূপ ধৰি অন্যায় কামত হাত দিয়ে। যি কেৱল দণ্ডৰ ভয়ত অন্যায় নকৰে তাৰ চৰিত্ৰ সংশোধন হোৱা বুলি ধৰিব নোৱাৰি। চৰিত্ৰ অন্তৰাত্মাৰ গুণ। অন্তৰৰ পৰা অন্যায়ৰ অভিলাষ নুগুচিলে চৰিত্ৰ কেতিয়াও নিৰ্ম্মল নহয়। অন্যায়লৈ আন্তৰিক ঘৃণা, আৰু ন্যায়লৈ আন্তৰিক আগ্ৰহ জন্মিলেহে চৰিত্ৰ নিৰ্ম্মল হয়।

ক্ৰোধ

কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য্য এই ছটা মানুহৰ ওপজা দুষ্ট প্ৰবৃত্তি। ইহঁত স্বভাৱতে বৰ বলী। ইহঁতৰ দণ্ডিত মানুহে অকাম কৰি বিপদত পৰে! কোনোৱে কামৰ দণ্ডিত কুকাম কৰি ৰাইজৰ গৰিহনা খায়। কোনোৱে ক্ৰোধৰ দণ্ডিত আনৰ প্ৰাণ বধ কৰি নিজে চিপজৰিত প্ৰাণ এৰে, কোনোৱে লোভৰ দণ্ডিত পৰৰ ধন চুৰ কৰি বন্দী শালত বন্দী হয়। ইত্যাদি ক্ৰমে দুষ্ট প্ৰবৃত্তিবোৰৰ নিমিত্তে মানুহে সংসাৰত অশেষ ক্লেশ ভোগ কৰে। সেই দেখি ইহঁতে ৰিপু নাম পাইছে। ক্ৰোধ মানুহৰ পৰম ৰিপু। ইয়াৰ পৰা মানুহে হিতাহিত জ্ঞান হেৰুৱায়। ক্ৰোধত মানুহে নক'ব লগীয়া কয়, আৰু নকৰিব লগীয়া কৰে, আৰু উগ্ৰ ক্ৰোধত মনুষ্যত্ব লোপ হৈ মানুহৰ পশুত্ব সজাগ হয়। ক্ৰোধ ৰোগৰ নিচিনা। ৰোগ হ'লে মানুহৰ অশান্তি হয়, গা ছটফট কৰে আৰু মুখৰ বিকৃতি হয়। সেইদৰে ক্ৰোধতো মনৰ অশান্তি হয়, গা ছটফট কৰে, আৰু মুখ বিকৃতি হয়। সেইদৰে ক্ৰোধতো মনত অশান্তি ওপজে, গাৰ কঁপনি উঠে, কাণ আৰু চকু ৰঙ্গা পৰে, তেজ তপত হয়, আৰু শিৰবোৰ টনটনীয়া হৈ ফিন্দ খাই উঠে। ক্ৰোধৰ মূৰ্ত্তি ভয়ঙ্কৰ। বিতোপন মনুষ্য মূৰ্ত্তি ক্ৰোধত এনে বিকট হয় যে তাক দেখিলে দেখোঁতাৰ মনত ভয়ো লাগে