পৃষ্ঠা:সাৰথি (Sarothi).pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অন্যৰ প্ৰতি ব্যৱহাৰ

 যিবিলাক মানুহেৰে সৈতে তোমাৰ সম্বন্ধ জন্মে, বা যিবিলাকেৰে সৈতে সংসাৰত সমাজ পাতি থাকা, সেইবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে সন্তোষে কাল নিয়াব পাৰি সংসাৰ যাত্ৰীয়ে তাক ভালকৈ জনা উচিত। ইয়াকে নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানা বিধ উপদ্ৰৱ ভুগিবলৈ পায়। সজ ব্যৱহাৰ যদিও সজ চৰিত্ৰৰ গুণ, তথাপি চৰিত্ৰ সজ হ'লেই ব্যৱহাৰ সজ হয় বুলি ভবা উচিত নহয়। অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা গৰিহণাৰ ভাজন হয়, আকৌ অনেক কপটীয়া ছলাহী মানুহো ব্যৱহাৰৰ গুণত সকলোৰে মৰম পায়। এতেকে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলাইতিকিং নকৰি মন দি শিকা উচিত।

 মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ। স্বভাৱত বহুত দোষ থাকিলে মিঠা মাতৰ গুণত সৰৱৰহী হ'ব পাৰি। তোমালৈ আনৰ মৰম ভক্তি জন্মোৱা সজ ব্যৱহাৰৰ মুখীয়াল উদ্দেশ্য। ব্যৱহাৰত মিঠা মাতৰ নাটনি হ'লে সেই উদ্দেশ্য সিদ্ধ নহয়। মিঠা মাত ব্যৱহাৰৰ কলপ বা ৰহণৰ নিচিনা। গঢ়ত প্ৰতিমা বিতোপন হ'লেও, ৰহণ নলগালে শুৱনি নহয়। সেইদৰে সজ ব্যৱহাৰত মিঠা মাতৰ ৰহণ নিদিলে সি মানুহৰ মনত সন্তোষ লগাব নোৱাৰে। মিঠা বস্তুৰ কলপ লগাইহে বেজেও অকটা দৰব ৰুগীয়াক দিয়ে।

 অবাবত কেটেৰা মাত মাতি মানুহৰ মনত বেজাৰ দিয়া অযুগুত, কিন্তো নিৰ্ব্বোধ খিংখিংঙ্গীয়া মানুহে ভৱিষ্যত নুগুণি কেটেৰা মাৰিহে মানুহৰ লগত কথা কয়। এই শ্ৰেণী মানুহৰ শত্ৰু সৰহ। সিহঁতে মনে জানি কাৰো অহিত নকৰিলেও, কেৱল কঠুৱা মাতৰ দোষতেই সকলোৰে চকুৰ কুটা যেন হৈ পৰে। সিহঁতৰ গাত লক্ষ গুণ থাকিলেও অচল তিতা মাতেই সকলোকে ঢাকি পেলায়। তিতা মুখে মাতিলে সহস্ৰ উপকাৰ মানুহে একতিলে পাহৰে, অৰ্ব্বুদ দানৰ ফল একে নিমিষতে লয় হয়। এই দেখি জ্ঞানী সকলে দানত বিনয় বিধান কৰিছে।

নম্ৰতা সজ ব্যৱহাৰ অনুপান। উচিত অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে। সেইদৰে সজ ব্যৱহাৰত নম্ৰতা মিহলালে তাৰো উপকাৰ সৰহ হয়। দম্ভালি