পৃষ্ঠা:সাৰথি (Sarothi).pdf/৩৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


মিছালি

       মানুহে সঁচাতকৈ যে মিছা বেচি ভাল পায় ই ধুৰুৱ কথা, নাইবা পৃথিৱীত উপন্যাস বা উপকথাৰ ইমান প্ৰচলন নহ'লহেঁতেন। কিন্তু মিছা কথা নানা বিধৰ আছে আৰু প্ৰত্যেক বিধৰ অভিপ্ৰায় বেলেগ বেলেগ। কোনো মিছা মানুহক ছলিবৰ অভিপ্ৰায়ে কোৱা হয়, কোনো মিছা মানুহক বঞ্চিবৰ অভিপ্ৰায়ে কোৱা হয়, কোনো মিছা মানুহক হঁহুৱাবৰ অভিপ্ৰায়ে কোৱা হয়। এই সকলো বিধৰ মিছা গৰ্হিত বা দোষণীয় মিছা বুলিব নোৱাৰি। যি মিছাৰ অভিপ্ৰায় বেয়া সেই মিছাহে দোষণীয়। মানুহৰ মনোৰঞ্জন কৰিবলৈ যি মিছা কোৱা হয় তাক দোষণীয় মিছা বোলা যুগুত নহয়, ই মিছালিৰ এটা সজ ব্যৱহাৰ মাথোন। পণ্ডিতবিলাকে নিজৰ কল্পনাত নানা ৰকম ঘটনা গঢ়ি লৈ সেইবোৰক বুদ্ধি কৌশলেৰে ভালকৈ সজাই সুৱলা উপকথা ৰচনা কৰে, আৰু মানুহে সেই উপকথা শুনি বা পঢ়ি মনত তৃপ্তি পায়। এই তৃপ্তি বা এই উপকথা কোনোটোক বেয়া বুলিব নোৱাৰি, আৰু এনেকুৱা উপকথা ৰচোঁতাবিলাককো মিছলীয়া বুলি নিন্দিব নোৱাৰি। এই উপকথাৰ অভিপ্ৰায় সজ, এতেকে তাত মিছা কথাবোৰো সজ মিছা।

       তৃপ্তিকৰ উপকথা ৰচিবলৈ বৰ টান। বিদ্যা বুদ্ধি নথকা মানুহে উপকথা ৰচিলে সি সুৱলা হৈ নুঠে। বুদ্ধিমন্ত মানুহেহে ভাল উপকথা ৰচিব পাৰে। পণ্ডিত মানুহৰ উপকথা আচল সঁচা কথা যেন বোধ হয়। আন আন বিধৰ মিছা কথাবোৰো উপকথা, তাকো বুদ্ধি নহলে মানুহে ভালকৈ গঢ় লগাই কব নোৱাৰে। এতেকে দেখা যায় যে মিছালি এবিধ শিক্ষাৰ ফল। অলপ শিক্ষা বা বিপৰ্য্যয় শিক্ষাৰ পৰা মানুহ মিছলীয়া হয়। সমূলি শিক্ষা নোপোৱা মানুহে মিছা কথা কব নাজানে। অশিক্ষিত অঁকা ডফলাই গঢ় লগাই মিছাই কথা কব নোৱাৰে, কিন্তু সঁচা কথা কবলৈ শিক্ষাৰ বৰ প্ৰয়োজন নহয়। ইয়াৰ কাৰণ এই যে সঁচা কথা সদায় দেখা শুনা কথা, তাত নুতুন কোনো কথা যোগ দিব নালাগে বা তাৰ পৰা কোনো কথা বাদ দিবও নালাগে। এই দেখি ভেবা ভোদায়ো সঁচা কথা আঁৰ নলগাকৈ ক'ব পাৰে।

       মিছা কথাৰ ঘাই হেতু অপকৰ্ম্ম। কুপ্ৰবৃত্তিৰ দণ্ডিত মানুহে অপকৰ্ম্ম কৰে, 'কিন্ত অপকৰ্ম্ম কৰিলে সমাজত অখ্যাতি হয় আৰু কেতিয়াবা ৰাজঘৰীয়া জগৰতো পৰিব