মৰমিয়াল পৰীজনী

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ বেটুপাত ]
মৰমিয়াল পৰীজনী (page 1 crop).jpg

মৰমিয়াল পৰীজনী

সাধুপুথি

নীলিমা বৰা

[ প্ৰথম পৃষ্ঠা ]

মৰমিয়াল পৰী জনী
(সাধু পুথি)

 

নীলিমা বৰা

 

[ প্ৰকাশন ]

MORAMIAL PORIJONI : An Assamese story book written by Nilima Bora and published by Naba Kalita on behalf of KIRAN PRAKASHAN Dhemaji. Printed at Dhemaji Offset Printers, Ratanpur, Dhemaji-787057.


Price : 35/- Only


প্ৰকাশক : নৱ কলিতা
  কিৰণ প্ৰকাশন, ডি.কে. মাৰ্কেট কমপ্লেক্স
  ধেমাজি চাৰিআলি, ধেমাজি।
  ☎ ৯৮৫৪০৮৮৬০৪

প্ৰথম প্ৰকাশ : ফেব্ৰুৱাৰী/২০১৩


বেটুপাত সজ্জা : মানসকম বৰা


চিত্ৰ শিল্পী : নীলিমা বৰা


মূল্য : ৩৫.০০ টকা


অক্ষৰ বিন্যাস : টুটুমণি ঠাকুৰীয়া।


মুদ্ৰক : ধেমাজি অফ্‌চেট্‌ প্ৰিণ্টাৰ্চ
   ৰতনপুৰ, ধেমাজি -৭৮৭০৫৭
  ☎ ৯৯৫৪০৮৯৩৭৭

[ উছৰ্গা ]
 

সাধু শুনি ভালপোৱা
অকণিহঁতৰ হাতত মোৰ-
‘মৰমিয়াল পৰীজনী তুলি দিলো।
 ---লেখিকা

[ ছবি ]
 

মৰমিয়াল পৰী জনী

 

[ সূচীপত্ৰ ]

:: সূচীপত্ৰ ::

 
১৷ কজলাৰ অজলা বুধি
২৷ ভেকুলীৰ ভয়
৩৷ বান্দৰীৰ বিলৈ ১২
৪৷ ৰমলা পেহী ১৪
৫৷ বুধি হ'লে ভয় নাই ১৬
৬৷ ধৰ্ম আৰু অধৰ্ম ১৮
৭৷ চৰাইৰ শাওপাত কুলিজনীৰ হেৰাল মাত ২০
৮৷ গুৰুৰ গিয়ান ২৩
৯৷ তিনিটা ভূত আৰু মনকোঁৱৰ ২৬
১০৷ মৰমিয়াল পৰীজনী ২৯

[  ]

কজলাৰ অজলা বুধি

 এখন নদী আছিল। তাত ভকুৱা মাছ এজনীয়ে পোৱালিহঁতক লৈ সুখেৰে আছিল। সেই নদীত অনেক মাছ-কাছও আছিল। পোৱালিহঁত তেনেই এধানি, সেয়ে তাই লগে লগে লৈ ফুৰে। লগ এৰে বুলি ধুনীয়া ধুনীয়া সাধুবোৰ কয়। সিহঁতে শুনি বৰ ভাল পায়। এদিন সিহঁতক হাতীৰ সাধু এটা ক’লে। ‘হাতীৰ পেটটো যে ইমান ডাঙৰ’ কৈ কৈ সিহঁতক বৰ হঁহুৱালে। ক’লে– “তাৰ পেটতে ছাগৈ পুখুৰী এটা সোমাই আছে।” দুদিন মানৰ পিছত হাতী এজনী নদীত পানী খাবলৈ আহিল। তাকে দেখি পোৱালি মখাক হাতীজনী দেখুৱালে। আৰু ক’লে– “ওচৰলৈ নেযাবি গোটে গোটে গিলি থ’ব। পোৱালি জাকৰ মাজত কজলা নামৰ সিয়ান্ পোৱালি এটা আছিল। সি ভাবিলে– [  ] এইটোনো কি হাতী? পেটত থকা পুখুৰীটো বা কেনেকুৱা? তাৰ সেই পুখুৰীটোত সাঁতুৰিবলৈ বৰ মন গ'ল। কথাটো বাকীজাককো ক’লে আৰু মাকে গম নোপোৱাকৈ হাতীজনীৰ ওচৰ পালেগৈ।

 হাতীজনীয়ে গাটো ধুই ল’লে। তাৰ পিছত পানী-দুনি খাই ঘৰত থকা পোৱালিটোলৈ পানী নিওঁ বুলি পানীত সোহা মাৰিলে। সেই সোহাত গোটেইজাক পোৱালি গৈ হাতীৰ পেটত সোমালগৈ।

 মাছজনীয়ে হায়ৈ-বিয়ৈ কৰি ক'লে–

 “মোৰ পোৱালিহঁতক উলিয়াই দে।” তাই আগ ভেঁটি ধৰিলে। হাতীজনীয়ে বোলে–

 “এনেয়ে মোৰ দেৰি হৈছে, ঘৰত পোৱালিটো থৈ আহিছোঁ। দিগ্‌দাৰখন নকৰিবি।”

 মাছজনীয়ে ক’লে– “ক’লেই হ’বনে? কত লালন-পালন কৰি তুলিছো। দেখা নাইনে, বুজন হ’বলৈ এতিয়াও বাকী।”

 হাতীজনীৰ খঙ উঠিল। ক’লে–

 –“পানীত বোকাই আছেনে মাছে আছে মোৰ চাবলৈ কিহৰ গৰজ পৰিছে।” তাই পানীৰ পৰা উঠি আহিবলৈ ওলাল।

 ভকুৱাজনীৰ খঙে মূৰ পালেগৈ। বোলে–

 “সেইটোনো ভাবিব নোৱাৰনে? তোৰ এটা পোৱালিৰ কাৰণে মোৰ শ টা পোৱালি মাৰিবিনে? পাৰোতেনো গোসাঁয়ে ভীম হেন শৰীৰটোত লাও হেন মূৰটো দিছেনে।” হাতীজনীয়ে কথাটো গমি চালে৷ তাই পানী সোপা উগাৰি উলিয়াই দিলে। পোৱালি মখা ওলাই আহি মাকৰ ওচৰ পালেহি।

 মাকে সিহঁতক ভালকৈ ধমক্‌ দিলে। কজলাই বোলে– ‘তয়ে দেখোন কৈছিলি, তাত এটা পুখুৰী আছে। তাক চাবলৈহে গৈছিলোঁ।” মাক মনে মনে থাকিল। ভাবিলে– এৰা, তাই নভবা নিচিন্তাকৈ কথাবোৰ ক’ব নেলাগিছিল। কণমানিবোৰে কথাবোৰ পোনকৈ ভাবে।

[  ]

ভেকুলীৰ ভয়

 গাঁও এখনৰ এমূৰত এটা পাহাৰ আছিল। পাহাৰটোৰ কাষতে এটা জুপুৰি। তাতে এজনী বেজিনী জধলী বুঢ়ী থাকে। বুঢ়ীৰ লগ মাথো পোৱালি এটাৰ স’তে কুকুৰ এজনী।

 বুঢ়ীৰ ক’লা-বগা জুটুলা জুটুল এমূৰ চুলি। চকু কোটৰত সোমোৱা। নাকটো চুটি আৰু চেপেটা। চালবোৰ শুকান।

 ৰাতি পুৱাতে পিঠিত মলিয়ন মোনা এটা আৰু হাতত লাখুটিডাল লৈ সদায় ওলাই যায়। হাবি, পাহাৰ, বননিত গছৰ শিপা, লতা, পাত এইবোৰ বিচাৰি ফুৰে। বুঢ়ী পিছে জাৰৰ দিনতহে ওলায়। ৰ’দ বুঢ়ীৰ দেহাই অকণো সহিব নোৱাৰে। বুঢ়ীৰ ৰূপহী হ’বলৈ মন। সেয়েহে ঔষধি গছ-লতাবোৰ বিচাৰি ফুৰে।

 বুঢ়ীৰ গিৰিয়েকে বেজালি কৰি মানুহৰ পৰা বহুত ধন পাইছিল। এদিন হঠাতে [ ১০ ] বুঢ়াক সাপে খুটিলে। মৰাৰ সময়ত বুঢ়ীক ক’লে– তই এই পুথিবোৰ পুৰি পেলাবি, নহ’লে বিপদত পৰিবি।” পিছে বুঢ়ীয়ে পুথিত ৰূপহী হোৱাৰ ঔষধ এটা পালে। কিন্তু ঔষধ খোৱাত ভুল হ’ল সেইবাবে আপচুহে হৈ পৰিল। লাজতে গাঁৱৰ পৰা দূৰত ঘৰ এটা সাজি থাকিবলৈ ল’লে। সেয়েহে এইবাৰ সাৱধান হ’ল, আৰু ভালকৈ দৰৱবোৰ দিনে নিশাই বিচাৰিবলৈ ধৰিলে।

 বুঢ়ীৰ ঘৰটোৰ কোঠালি দুটা। এটা আগফালে। এটা পিছফালে। পিছফালৰ কোঠালিটোত পোহৰ সোমাবলৈ ফুটা এটাও নাই। তাতে বিচাৰি অনা ডাল-পাতবোৰ থয়। জুহাল এখনো আছে। কোঠালিটোৰ চুকতে বহু দিনৰ পৰা ভেকুলী এটাও আছে। সি বুঢ়ীৰ কাণ্ড-কাৰখানাবোৰ চাই থাকে। বুঢ়ীয়ে তাক দেখে, পিছে একো মন নিদিয়ে।

 এদিন বুঢ়ীয়ে ক’ৰবাৰ পৰা কাছ এটা ধৰি আনিলে। এন্ধাৰ কোঠালিটোত তাক পল এটাৰে ঢাকি থ’লে।

 নিশা বুঢ়ীয়ে জুহালত লোহাৰ কেৰাহি এটাত বনলতা এসোপা মান সিজালে। সিজাই থাকোঁতে কাছটোক কৈ থাকিল– “বুইচ, এইবাৰ মই ৰূপহী হ’মেই। মোৰ ঔষধৰ লগত তোৰ তেজ মিহলি কৰি সিজাই খালে– মই এশ বছৰ জীয়াই থাকিব পাৰিম।” এই বুলি হাত দাঙি দাঙি গালে–

 হিং কিং কিং কিং
 বুঢ়ীৰ চুলি চিঙ
 চাল যাব খহি
 বুঢ়ী হ’ব ৰূপহী
 হিঃ হিঃ হিঃ

 পিছ দিনা দোকমোকালিতে উঠি বুঢ়ী যাবলৈ ওলাল। কাছটোক ক’লে– “তই থাক। মই ঔষধ এটা বিচাৰি যাওঁ। তাকে আনি তোৰ মঙহৰ লগত সিজাই খাম।”

 বুঢ়ী ওলাই গুচি গ’ল। কাছটোৰ বৰ ভয় লাগিল। সি কান্দিবলৈ ধৰিলে। ভেকুলীটোৰ বৰ দুখ লাগিল। সি ওলাই আহি ক’লেহি– “ভয় নেখাবাছোন, মই কিবা এটা উপায় কৰিব পাৰোনেকি চাওঁ।”

[ ১১ ] ভেকুলীটোৰ লগত কুকুৰ পোৱালিটোৰ ভাল চিনাকি। মাজে মাজে দুয়োটাই খেলে। সি গৈ কুকুৰ পোৱালিটোক সকলো ক’লে। তাৰ পিছত বুদ্ধি এটা দি ক’লে “তই মাৰক আঁতৰ কৰি থ৷ মই কাছটোক পলুৱাই লৈ যাওঁ।

 কুকুৰ পোৱালিটোৱে তাকে কৰিলে। ভেকুলীটোৱে কাছটোক লৈ গাঁৱৰ ফালে বেগায় খোজ ল’লে।

 সিহঁত গৈ মানুহ এঘৰৰ পুখুৰী এটা পাই তাতে লুকাই থাকিল।

 নিশা বুঢ়ী আহি কাছটো নেদেখি খঙত চিঞৰিবলৈ ধৰিলে। ভেকুলীটো নেদেখি এয়া যে ভেকুলীটোৰে কাম ভালকৈ বুজি পালে। বুঢ়ীয়ে গুজৰি গুমৰি ক’বলৈ ধৰিলে–

 —“ভেকুলী, তই ক’ত সাৰিবি? তোক পালে মই তোকে সিজাই খাম।”

 কথাবোৰ কুকুৰ পোৱালিটোৱে শুনি আছিল। সি গৈ ভেকুলী আৰু কাছক ক’লেগৈ। ভেকুলীয়ে ভয় খাই নিশাতে গৈ কোনোবা খিনি পালেগৈ।

 কেনেবাকৈ বুঢ়ীয়ে বিচাৰি পায় বুলি পেটত ভয়টো সোমাই থাকিল। জাৰৰ দিনত আৰু ভেকুলী বাহিৰলৈ নোলোৱা হ’ল। ক’ৰবাৰ চুকত নহ’লে শিলৰ চেপত সোমাই থাকিবলৈ ল’লে। যেতিয়া গৰমকালি পৰে তেতিয়াহে ওলাই আহে। কাৰণ ভেকুলীয়ে ভালকৈ জানে গৰম কালি বুঢ়ী বাহিৰলৈ নোলায়৷ মনৰ ৰঙতে সেইবাবে গৰম কালি ওলাই গীত গাবলৈ ধৰে–

 ‘টেঁ টো টেঁটো
 বুঢ়ীয়ে নেজানে-
 মই ক’ত থাকো।’

[ ১২ ]

বান্দৰীৰ বিলৈ

 এখন হাবিত বান্দৰ এজাকে বাস কৰিছিল। সিহঁতে লগে-ভাগে থাকিয়ে ভাল পায়। সিহঁতৰ ভিতৰত যিটো বলবান তাকে মুখিয়াল পাতি লয়।

 খৰাং বতৰ পৰিল। গছৰ পাত মৰিল। ফলমূলো কমি আহিল। জান-জুৰিৰ পানীও শুকাই আহিবলৈ ধৰিলে। এদিন মুখিয়াল বান্দৰটোৱে ক’লে– তহঁত কেইটামানে গৈ ক’ৰবাত নৈ-বিল, ওচৰৰ হাবিত খবৰ কৰি আহ। তালৈকে যাব লাগিব। বাৰিষা আহিলে আমি আকৌ ইয়ালৈ গুচি আহিম।

 বান্দৰ কিছুমানে চাৰিওফালে

সুবিধাজনক ঠাই বিচাৰি গ’ল। বান্দৰ এহাল গৈ গৈ হাবি এখন পালেগৈ। ওচৰতে এখন নৈ। নৈখনৰ পাৰতে এখন গাঁও। গাঁওখনৰ পথাৰত মাকৈ, মটৰমাহ, কলামাহৰ খেতিয়ে নদন-বদন হৈ আছে। সিহঁতৰ বৰ ফূৰ্তি লাগিল। বান্দৰটোৱে ক’লে–

 –“বাঃ কেনে মজা। হাবিও আছে। হাবিত ফলো নোহোৱা নহয়। ওচৰতে পানী। খেতি পথাৰত খেতিও আছে। কেতিয়াবা মন গ’লে গাঁৱত সোমাই কল-কচুও আনিবগৈ পাৰিম। এতিয়া মুখিয়ালক খবৰ দিয়াহে কথা।”

 বান্দৰীয়ে ক’লে– “হেৰ’ মূৰ্খ, এনে ভুল নকৰিবি। মুখিয়ালক খবৰ দিলে

গোটেইজাক আহিব। গোটেই জাক আহিলে কেইদিন খাবি?”

[ ১৩ ]

 বান্দৰে ক'লে— “তেনেহলে কি কৰোঁ? গুচি যাওঁ বল।”

 বান্দৰী দাং খাই উঠিল –“গুচি যাম কিয়? ইয়াতে আমি দুটা থাকি মজা কৰি খাম।

 বান্দৰে ক’লে– “অকলে অকলে কেনেকৈ থাকোঁ?”

 বান্দৰীয়ে বোলে– “মই থাকোঁতে অকলে হলিনে?”

 বান্দৰ অৱশেষত সৈমান হ’ল। বান্দৰীয়ে ক’লে– “ব’ল পথাৰৰ পৰা পাক এটা মাৰি আহোঁ।”

 দুয়োটা পথাৰত সোমাই হেঁপাহ পলুৱাই কোমল মাকৈবোৰ খালে। হাবিলৈ আহি ভাল গছ এজোপা চাই ল’লে।

 দুদিনমান সিহঁতৰ ভালেৰে পাৰ হ’ল। পিছে কথাটো গৃহস্থৰ চকুত পৰিল। গৃহস্থই জাল পাতি থ’লে। এদিন দুয়োটা ৰঙ মনে পথাৰত সোমাইছিলহে, পাতি থোৱা জালত বান্দৰ পৰিল৷ সি যিমানে এৰুৱাবলৈ যত্ন কৰিলে সিমানে পাক খাবলৈহে ধৰিলে। বান্দৰীয়ে বৰ ভয় খালে। জোঁটপোত খোৱা বান্দৰলৈ চাই চাই চট্‌ফটাবলৈ ধৰিলে। লগৰ কাৰোবাক দেখে নেকি চাবলৈ ধৰিলে। পিছে নেদেখিলে।

 এটা সময়ত গৃহস্থ আহি জালৰ সৈতে বান্দৰক বস্তাত ভৰাই লৈ গুচি গ'ল। বান্দৰী তাতে ৰৈ গধূলিলৈকে বাট চালে। বান্দৰ পিছে উভটি নাহিল। তাই দুখমনে হাবিলৈ ঘূৰি গ’ল। সদায় তাই গৈ পথাৰৰ কাষত ৰৈ চাই থাকিবলৈ ল’লে।

 অকলে অকলে বান্দৰীৰ বৰ ভয় লাগিল। মুখৰ লোভত পৰি আগপিছ নুগুনি বিপদমাতি অনাত নিজৰ ওপৰতে খঙ উঠিল। আপোন-পেটীয়া হৈ লগৰমখাক খবৰ নিদিয়াটো যে কিমান বেয়া কথা হ’ল এতিয়াহে বুজি পালে। দুদিন মানৰ পিছত তাই লগৰ জাকক বিচাৰি যাবলৈকে ঠিক কৰিলে। পিছে অকলে বাটকুৰি বাই যাবলৈহে চিন্তা হ’ল। তেনেতে- ফোঁপাই জোপাই বান্দৰ আহি ওলালহি। বান্দৰীক চৰ দুটামান দি ক’লে– “জাননে, কেনে বিপদৰ পৰা সাৰি আহিছোঁ। তই থাক। মই লগৰ মখা বিচাৰি যাওঁ।” এইবুলি আগৰ ঠাইৰ ফালে খোজ ল’লে।

 মুখেৰে এষাৰো নেমাতি পিছে পিছে বান্দৰীয়েও খোজ ল’লে।

[ ১৪ ]

ৰমলা পেহী

 ৰৰৈয়া গাঁৱৰ ৰমলা পেহীক সকলোৱে চিনি পায়৷ পেহী বৰ ৰঙিয়াল আৰু মৰমিয়াল। টকা-পইচা, মাটিবাৰী দেধাৰ, পিছে খাওঁতাহে নাই। পেহী বৰ কামিলা। খেতি কৰিবলৈ দিয়া মানুহৰ লগত লাগি-ভাগি পথাৰত কাম কৰে। আম, লিচু আদি ফলৰ বাৰীখন নিজেই চোৱা-চিতা কৰে। বছৰটোলৈ খাবলৈ থৈ বাকীবোৰ বিক্ৰী কৰে। বিক্ৰী কৰি পোৱা ধন বোৰ সাঁচি থয়। কোনোবা বিপদত পৰিলে দি সহায় কৰে। সেয়ে সকলোৱে পেহীক বৰ ভাল পায়।

 ঘাট-মাউৰা মাখন, ভদিয়া আৰু বাবন নামৰ গাঁৱৰে তিনিওটা নলেগলে লগা সখি। তিনিওটাক পেহীয়ে বৰ চেনেহ কৰে। সিহঁতেও পেহীৰ লগতে দিনৰ দিনটো থাকে। কাম-বনত সহায় কৰি দিয়ে৷ পেহীয়ে এদিন ভাবিলে, মই বুঢ়ী হৈ আহিছোঁ। মোৰ ধন-ধান সোপা কাৰ হাতত পৰি কি বিলৈ হয় ঠিক নাই।

[ ১৫ ]  পেহীয়ে এটা বুদ্ধি পাঙিলে। এদিন মাখনক বাকী দুটাই নশুনাকৈ ক'লে– “তহঁত কেইটাৰ বৰ মিল নহয়নে?”

 মাখনে ক’লে–“সেইটোনো সুধিব লগা কথানে? সিহঁত দুটাৰ লগত মই জীৱন দিব পাৰো।” পেহীয়ে হাঁহি মাৰি ক’লে–“বৰ ভাল কথা। মই মোৰ মাটি-বাৰী সোপা সিহঁতৰ নামতে লিখি দিওঁ বুলি ভাবিছোঁ। এতিয়াৰ দৰে সিহঁতৰ সহায় সাৰথি হৈ থাকিবি। তই পিছে কেনে দেখ?”

 মাখনে একো নামাতিলে৷ তাৰ মনটো মৰি গ’ল। মাটিবাৰীৰ আশাতহে সি দিনে-নিশাই খাটি মৰিছিল। সি ভাবিলে–“বুঢ়ী কম নহয়।’ সেই দিনাৰ পৰা সি সেইফালে মুখকে নকৰা হ’ল। পেহীয়ে বাবনকো কৈ চালে। বাবনৰো পেটে পেটে বৰ খঙ উঠিল। ভদিয়া আৰু মাখনৰ নামত মাটিবাৰী দিবলৈ ওলোৱাত সিও নহা হ’ল।

 পেহীয়ে ভদাইকো কৈ চালে, “বোপাই, মইনো কেইদিন জীয়াই থাকিম। সম্পত্তি সোপা মাখন আৰু বাবনৰ নামতে লিখি দিওঁ। তই সিহঁতৰ লগতে লাগি ভাগি থাকিবি।” ভদাইয়ে বোলে–“পেহী বৰ ভাল কথা কৈছা। মই যিমান পাৰো সিহঁতক চাই দিম, চিন্তা নকৰিবা।” পেহীয়ে সুধিলে– “তোৰ আপত্তি আছে যদি ক। তোৰ নামতে লিখি দিওঁ।” ভদাইয়ে ক’লে–“মনত পৰা দিনৰে পৰা তুমি আইৰ দৰে চেনেহ দি আহিছা। লাগ বুলিলেই সকলো দিয়া। আৰু কি লাগিছে?”

 ৰমলা পেহীয়ে বৰ সন্তোষ পালে। ৰমলা পেহী আৰু বহু কাল জীয়াই থাকিল। এদিন গাঁৱৰ মুখিয়ালক মাতি আনি ৰাইজৰ আগত সম্পত্তি সোপাকে ভদিয়াৰ নামত লিখি দিলে। ভদাইয়ে বোলে–“পেহী, মোক অকলে গুৰু ভাৰটো দিয়া কিয়?” পেহীয়ে হাঁহি মাৰি ক’লে–“ধনৰ -মোহ থাকিলে মানুহে সৎ কাম কৰিব নোৱাৰে। সিহঁত দুটাই ধন সম্পত্তি সোপাহে চালে, কোনটো ঠিক কোনটো বিঠিক চাবই নেজানিলে।”

 ভদাইয়ে পেহীৰ নিচিনাকৈয়ে পেহীৰ মাটি-বাৰীবোৰ নিয়াৰিকৈ চলায় থাকিল। ভাল ছোৱালী এজনী চাই পেহীয়ে ভদাইৰ বিয়াখনো পাতি দিলে। সকলোটি সুখেৰে

খাই বৈ থাকিবলৈ ধৰিলে।♦
[ ১৬ ]


বুধি হ’লে ভয় নাই

 নৈ এখনৰ কিছু আঁতৰত থকা পুখুৰী এটাত চক্‌চকী নামৰ পুঠি মাছ এজনীয়ে ঘূৰি ফুৰোঁতে এদিন কণামুচৰি চৰাইটোৰ আগতে পৰিল। চক্‌চকীৰ পেটত এসোপা কণী। কণীসোপাৰ স’তে খকুৱা কণামুচৰিটোৱে তাইক খাই থয় বুলি তাইৰ জীৱ উৰি গ’ল। তাৰ যিহে যাঠি যেন জোঙা ঠোঁটখন।

 চক্‌চকীক্ দেখি কণামুচৰি আগবাঢ়ি আহিল। খোট মাৰিবলৈ ধৰাত – চকচকীয়ে ক’লে— “কি কৰা, কি কৰা কণামুচৰি ককাইটি?” কণামুচৰিয়ে বোলে– “তোক খাই থওঁ আক।”

 চক্‌চকীয়ে ক’লে- “তুমিও বৰ ভোদা দিয়া। মোক খাই লোকচান কৰা কিয়?

 কণামুচৰি থৰ হ’ল। ক’লে– “কি কৈছ অ’? তোক খাই পেট পূৰাম। লোকচান কিহৰ?” ভয়টো পেটতে লুকুৱাই তাই ক’লে –“দেখা নাইনে, মোৰ পেটত এবাহ কণী। দুদিনতে এজাক পোনা হ’ব। এতিয়া অকলে খোৱাতকৈ তেতিয়া গোটেই জাককে খাব পাৰিবা।”

 কণামুচৰিয়ে কথাটো বেয়া নেদেখিলে। ক’লে –“হ’ব আৰু দে” [ ১৭ ]  চক্‌চকী আঁতৰি আহি উশাহ দুটামান সলাই ল’লে। দুদিনমানৰ পিছত চক্‌চকীৰ এসোপা পোৱালি হ’ল। তাই কণামুচৰিৰ পৰা আঁৰ হৈ ফুৰিবলৈ ধৰিলে। ইফালে কণামুচৰিয়ে এগাল মাছ খোৱাৰ আশাত সেপ ঢুকি থাকিল।

 কেইবাদিনো পাৰ হ’ল। চকচকী আকৌ কণামুচৰিৰ আগত পৰিল। উপায় নেপাই নিজে মাত লগালে–“ককাইটি কেনে আছা, দেখিছা এই গাল মোৰ পোনা।” কণামুচৰিয়ে ক’লে–“তেনে এতিয়া খোৱাহে কথা।”

 চক্‌চকী জিকাৰ খাই উঠিল—“কি কোৱাহে, মই তোমাক দেখুৱাবলৈহে আনিছোঁ। ঠোঁটত নলগা এই কিটা খাই কি জুতি পাবা? দুদিন ৰোৱা, মোৰ দৰে পূৰঠ হৈ একোজনী হ’ব। এমাহ খাইও অন্ত কৰিব নোৱাৰিবা।”

 কণামুচৰিয়ে ক’লে–“তেনেহ’লে তোকে খাই লওঁ।” চক্‌চকী চক্ খাই উঠিল। ক’লে– “মোক খাই থ’লে ইহঁতক ডাঙৰ কৰিব কোনে? আনে পালে খাই নথ'বনে?”

 কণামুচৰিয়ে ভাবিলে– ‘এৰাটো। পিছত গোটেই জাকক খোৱাই ভাল হ'ব। সি তাইক এৰি দিলে। পোৱালিহঁতক লৈ তাই কোনোবা খিনি পালেগৈ। বৰ সাৱধানেৰে তাই পোৱালিহঁতক লৈ ফুৰিল। লাহে-লাহে সিহঁত ডাঙৰ হৈ আহিল। ইফালে বাৰিষাও আহিল। ধাৰাষাৰে বৰষুণ অহাত পুখুৰীৰ পানী নৈৰ পানী একাকাৰ হ’ল। চক্‌চকী পোৱালি জাকৰ সৈতে উজাই গৈ নৈ পালেগৈ। আৰু সোঁতত বহু দূৰলৈ গুচি গ'ল। বিপদত পৰিও সাহ নেহেৰুৱাই চক্‌চকী তেনেকৈয়ে বুধিৰে সাৰি গ'ল।

 ইফালে কণামুচৰিয়ে তেজাল পুঠিমাছৰ সপোন দেখি নিতৌ পুখুৰী পাৰত ৰৈ থাকিলহি।

[ ১৮ ]

ধৰ্ম আৰু অধৰ্ম

 এদিন ধৰ্ম আৰু অধৰ্ম একেলগে গৈ আছিল। ধৰ্ম সজ, অধৰ্ম অসজ। ধৰ্মই আনৰ হিতৰ কথা ভাৱে। অধৰ্মই আনৰ বেয়াটো কৰিহে ভাল পায়। সেইবাবে বেয়া কাম কৰা জনক অধৰ্মী বুলিও কয় ৷

 দুয়ো কিছুদূৰ যোৱাৰ পিছত দেখা পালে যোৱা নিশাৰ বতাহ ধুমুহাৰ ফলত বাটটোত মাটি খহি গছৰ ডাল ভাঙি পৰি তেনেই বিলৈ নোহোৱা হৈ আছে। জুৰিটো বন্ধ হৈ পৰাত পানী বাগৰি বোকা কৰি পেলাইছে। ধৰ্মই ক'লে–

 –“আমি অহা যোৱা কৰিবলৈ বাটটো উলিয়াই লোৱা উচিত হ’ব।” অৰ্ধৰ্মই হ’লে ক'লে–

 –“মই অযথা কাম কৰিব নোৱাৰো। বাটটো পাৰ হ’বলৈ অইন উপায় এটাহে ভাবিব লাগিব।” এইবুলি চাৰিওফালে চাবলৈ ধৰিলে।

 এনেতে অধৰ্মই মানুহ এজন আহি থকা দেখিলে। মানুহজন আহি সেইখিনিত ৰৈ গ’ল। মাকৰ দৰৱ আনিবৰ বাবে দূৰণিৰ কবিৰাজৰ ঘৰলৈ গৈছিল, বতাহ বৰষুণৰ বাবে নিশা উভটি আহিব নোৱাৰিলে। এতিয়া বাটটোৰ অৱস্থা দেখি মূৰে-কপালে হাত দিলে। পিছে পলম হ’লে মাকৰ কিবা অঘটন হ’ব বুলি ৰৈ নেথাকিল। বৰ সাৱধানেৰে কষ্ট কৰি আগবাঢ়িবলৈ ধৰিলে। তাকে দেখি অধৰ্মই ক’লে–“মই উপায় এটা পাইছোঁ, [ ১৯ ] সেই মানুহটোৰ কান্ধত উঠিয়ে বাটটো মই পাৰ হৈ যাম।”

 ধৰ্মই ক’লে –“দেখা নাইনে মানুহজন কেনে নিশকতীয়া৷ তাৰ সলনি দুয়ো পথটোৰ ডাল-পাতবোৰ আঁতৰাই লওঁ আহা।

 -–“এনেবোৰ কামত মোক লগ নধৰাই ভাল।” এইবুলি অধৰ্ম গৈ মানুহজনৰ কান্ধত বহি ল’লে। ধৰ্মই ডাল-পাত আঁতৰাই পথটো সুচল কৰিবলৈ ধৰিলে।

 ডাল-পাত আঁতৰাই বোকা মাটি গুচাই দিয়াত জুৰিৰ পানী কল্‌কলাই বৈ আহি বাটটো পৰিষ্কাৰ কৰি পেলালে। জুৰিৰ পানীৰে হাত-মুখ ধুই ধৰ্মই হেঁপাহ পলুৱাই শীতল পানী পি ল’লে।

 ধৰ্মই গৈ দেখিলে অধৰ্ম কেতিয়াবাতে গৈ ৰৈ আছে। অধৰ্মই মাত লগালে– “তুমি বৰ পলম কৰিলা।”

 ধৰ্মই ক’লে-“পথটো সুচল কৰোঁতে সময় লাগিল।”

 অধৰ্মই ক'লে– “মোলৈ চোৱা, লোকৰ পিঠিত আৰামত আহিলোঁ। তাৰ টোপোলাৰ জলপানেৰে পেট পূৰালোঁ জিৰণিও ল’লো।

 ধৰ্মই ক’লে– “পলম হ’লেও মই এটা ভাল কাম সমাধা কৰিলোঁ৷ জুৰিৰ শীতলপানীৰে শৰীৰ জুৰ পেলালোঁ। মই বৰ সুখ অনুভৱ কৰিছোঁ।

 অধৰ্মই ক’লে– “সেইবাবে তুমি সদায় পলম হোৱা।”

 ধৰ্মই বুজালে – “হক্ কামে সময় নোজোখে, ফলহে জোখে। ভাবি চোৱা, অকণমান হলেও মই যি কাম কৰিলোঁ সেই কামৰ ফলত লোক সকলে অহা-যোৱা কৰাত সুবিধা পাব।

 ইফালে তুমি মানুহজনক কষ্টও দিলা, আনৰ বাবেও নেভাবিলা।”

 ইতিকিং কৰি অধৰ্মই ক’লে– “তুমি সুখ ল’বই নেজানা। সুখ যেনেতেনে ল’বলৈ সুযোগ চাব লাগে।”

 হাঁহি মাৰি ধৰ্মই ক’লে– “তোমাৰ সুখ আৰু মোৰ সুখৰ পাৰ্থক্য তাতেই। মোৰ সুখ নিৰ্ভৰ কৰে দহজনৰ সুখৰ ওপৰত। তোমাৰ সুখ নিৰ্ভৰ কৰে দহ জনৰ দুখৰ ওপৰত”। লাজ আৰু খঙত অধৰ্মই ফোঁ-ফোৱাই অইন ফালে খোজ ল'লে। [ ২০ ]

চৰাইৰ শাওপাত

কুলিজনীৰ হেৰাল মাত

 শ শ বছৰৰ আগৰ কথা। তেতিয়া মানুহতকৈ গছ-গছনিহে বেছি আছিল। গছত ফুল ফুলি জকম্কাই থাকে। ফল ডাল ভৰি থাকে। বনত থকা জীৱ-জন্তুবোৰৰ বৰ মিল্। তেনে হাবি এখনতে কাঠৰোকা, মাছৰোকা, দহিকতৰা, কুলি, কাউৰী আদি অনেক চৰাই একেলগে মিলিজুলি আছিল। বছৰে বছৰে হাবিখনত নতুন নতুন পোৱালি হয়। ডাঙৰ হৈ গীত গাই সুহুৰিয়াই গোটেইখন ৰজন্‌জনাই তোলে।

[ ২১ ]

 এবাৰ চৰাই এজাকে কণী পাৰিবলৈ বাহ সাজিবলৈ খেৰকুটা গোটাবলৈ ধৰিলে। তাতে থকা কাউৰী এহালেও ৰঙ মনে বাহ সাজিবলৈ ল’লে৷ সিহঁতে পিছে খেৰকুটাৰ লগতে বাহটো মজবুত কৰিবলৈ পেলনীয়া তাঁৰ, তাম, ৰচি এসোপামানো গোটালে।

 সময়ত মাইকী চৰাইবোৰে কণী পাৰি উমনিত বহিল। মতাবোৰে পোক-পৰুৱা বিচাৰি আনি সিহঁতক খুৱায়হি। কাউৰীজনীয়ে চাৰিটা কণী পাৰিলে। কণীকেইটা বুকুত লৈ উমনিত বহিল। তাই যে ক’ত সপোন দেখে! পোৱালি হাঁক ডাঙৰ কৰিব, উৰিবলৈ শিকাব, কথা ক’বলৈ শিকাব। বহি বহি পিঠিখন টন্‌টনালে তাই এঙামুৰি এটা দি সাউত কৰি পাক এটা মাৰি আহেগৈ।

 দিনবোৰ যাবলৈ ধৰিলে। এদিন কণী ফুটি পোৱালিবোৰ ওলাল। কাউৰী জনীৰো পোৱালি ওলাল। তাই ৰঙতে চিঞৰি সকলোকে কথাটো জনালে৷ খুৱাই-বুৱাই সিহঁতক ডাঙৰ কৰিবলৈ তাই উঠি পৰি লাগিল। চাওঁতে চাওঁতে সিহঁতৰ পাখি গজিল। অলপ তজ্‌বজীয়াও হ’ল। কাউৰীজনীয়ে সিহঁতক কেনেকৈ উৰিব লাগে শিকাবলৈ ধৰিলে। তেনেতে এটা ঘটনা ঘটিল। কাউৰীজনীয়ে এদিন পোৱালিহঁতক ক’লে–“ আহ তহঁত, আমি উৰি গৈ সৌ তলত পৰোগৈ। তাৰ পৰা আকৌ উৰি ওপৰলৈ উঠিম। তহঁতে পাখি দুখন মেলি মোৰ পিছে পিছে আহ।”

 পোৱালি কেইটা ওলাই আহিল। পিছে মাকৰ পিছে পিছে নগৈ-উৰা মাৰি ওচৰৰ সোণাৰু জোপাৰ ডালত পৰিলগৈ। তাকে দেখি কাউৰীজনীয়ে বোলে—“তহঁত দেখোন শেনৰ এজাত। দুদিনতে ভালকৈ উৰিবলৈ শিকিলি।” তাই উৰি গৈ সিহঁতৰ ওচৰ পালেগৈ। তাকে দেখি ক’ৰবাৰ পৰা কুলি চৰাইজনী আহি ফেঁপেৰি পাতি ধৰিলেহি–

 –“ভালকৈ চা, এইকেইটা মোৰ পোৱালিহে। ছল চাই মই তোৰ কণী কেইটা পেলাই মোৰ কেইটা থৈ আহিছিলোঁ।”

 কাউৰীজনীয়ে মানি নল'লে, তাই ঘূৰি পকি পোৱালি কেইটা চাবলৈ ধৰিলে। পিছত তাই বুজি উঠিল সেই কেইটা তাইৰ পোৱালি নহয়। তাই হুৰাওৰাৱে কান্দিবলৈ [ ২২ ] ধৰিলে। চৰাইমখা আহি ওচৰ পালেহি। কথাটো জানি সিহঁতৰ কুলিজনীলৈ বৰ খঙ উঠিল। সিহঁতে কুলিজনীক ক’লে –“মাক এজনীক এনেকৈ দুখ দিয়া ভাল কথা নহয়।” কুলিজনীয়ে মুখ পাতি ল’লে। ক'লে—

 –মাকজনী হৈ নিজৰ পোৱালি নিচিনিলে, এতিয়া -মোৰহে জগৰ লাগিলনে? তাইৰ বক্ বকনিত চৰাই জাকৰ খঙ দুগুণে চৰিল। সিহঁতে তাইক শাওপাত দি বোলে–

 –“যদি ধৰণীত ধৰ্ম আছে, তোৰ এই মুখখনেৰে মাতিব নোৱাৰা হবি। সেয়ে নহয় ছল কৰি মাকৰ বুকুৰ পৰা পোৱালি আঁতৰোৱা, তোৰ পোৱালিহঁতেও তোক কেতিয়াও মাক বুলি কাষকে নেচাপিব।” কুলীজনীক চৰাইসমাজৰ পৰা বাহিৰ কৰি দিলে। কুলিজনীয়ে মুখ ভেঙুচাই পোৱালিহঁতলৈ চাই মাতিলে– “বাছাহঁত আহ।”

 পোৱালিকেইটাই কাউৰীজনীৰ মনৰ দুখ বুজিব পাৰি বৰ বেজাৰ পালে। মন থাকিলেও বেলেগ জাতিৰ চৰাই হোৱাৰ কাৰণে ওচৰত থাকিব নোৱাৰে। সেয়ে কুলীজনীলৈকো কেৰাহিকৈ নেচায় উৰা মাৰি কোনোবা ফালে উৰি গুচি গ’ল।

 কাউৰীজনীয়ে একেথৰে সেইফালে চাই থাকিল। তাইৰ দুচকুৰে দুধাৰি চকুলো বৈ আহিল৷ ইফালে চৰাইজাকৰ শাও লাগি কুলিজনীয়ে মাতিব নোৱাৰা হ’ল। কক্ কক্‌কৈহে মাতটো ওলাল৷ তেতিয়াৰ পৰা আজিলৈকে তেনেকৈয়ে থাকিল৷ সেই খঙতে কাউৰীক এসেকা দিবলৈ ছল পালেই কণীবোৰ ভাঙি নিজৰ কণী থৈ আহিবলৈ নেৰিলে। পিছে কি হ’ব? পোৱালিহঁতো ডাঙৰ হৈ মাকৰ কাষকে নেচাপি দূৰলৈ উৰা মাৰে। মাকৰ কান্দোন দেখি বাপেকেহে সিহঁতক বিচাৰি –‘কতঔ’ ‘কতওঁ’ বুলি দিনে নিশাই বিচাৰি ফুৰে। সেই মাতকে আমি ‘কু-উ’‘কু-উ’ বুলি শুনা-পাওঁ।

[ ২৩ ]

গুৰুৰ গিয়ান

 আগৰ দিনত গুৰুৰ গৃহত থাকি শিষ্যই শিক্ষা লাভ কৰিছিল। সনক, কুশল আৰু শোণিত নামৰ তিনিজন শিষ্যই বহু শিষ্যৰ লগতে এজন অতি ধাৰ্মিক আৰু গিয়ানি গুৰুৰ গৃহত শিক্ষা লাভ কৰিছিল। গুৰুৰ গৃহত ঘৰ চাফা কৰা, গৰু চৰোৱা, খৰি লুৰা, খোৱা মুঠি সিজাই লোৱা সকলো কাম কৰিব লাগিছিল। প্ৰতি গধূলি আৰু পুৱা নীতি - গিয়ানৰ শিক্ষা ল’ব লগা হৈছিল।

 তিনিওৰে শিক্ষা কাল শেষ হোৱাত গুৰুৱে এদিন ক’লে-

 –“তোমালোকে শিক্ষা শেষ কৰিলা। এতিয়া আটাইতকৈ গুৰুতৰ কথাটোৰ ওচৰ চাপিছা। মোক এটা কথাৰ উত্তৰ দিয়া,–তোমালোকে কেনেধৰণৰ জীৱন কটাবলৈ ইচ্ছা কৰা?”

 সিহঁতে একো ক’ব নোৱাৰিলে। তেতিয়া গুৰুৱে তেওঁলোকক ক'লে–

 –“সনক, তুমি এই ৰাজ্যৰ ৰজাৰ দেহৰক্ষী হৈ থাকাগৈ। কুশল তুমি পূৱ [ ২৪ ] দিশে গৈ এখন কাজলী নামৰ নৈ পাবা। তাৰ পাৰতে থকা হৰিহৰণ নামৰ কৃপণ বামুণজনৰ ঘৰত লগুৱা হোৱাগৈ। শোণিত, তুমি দক্ষিণ দিশে থকা জয়া নগৰলৈ যোৱা৷ তাত এজন অতি ধনী কিন্তু অকলশৰীয়া লোক আছে, তাতে থাকি তেওঁক সহায় কৰাগৈ। মই তোমালোকক তিনি মাহ সময় দিলোঁ। তিনি মাহৰ শেষত তোমালোক মোৰ ওচৰলৈ আহিবা।”

 গুৰুৰ দিহামতে তিনিও তিনি ফালে গ'ল।

 তিনিওজনে তিনি ঠাইত দিনবোৰ কটাবলৈ ধৰিলে। সনক নামৰ শিষ্যজনে ৰজাৰ জীৱন দেখি অকণো সুখী নহ’ল। সোণৰ পালেঙত শুইও নিশা ভাল টোপনি নাই। কোন সময়ত শত্ৰুৱে ৰাজ্য দখল কৰিবলৈ আহে তাৰে চিন্তা। পৰিয়ালৰ মাজতে ৰাজ সিংহাসনলৈ চকু। কোন দিনা ৰজাক বধি সিংহাসন লয় ঠিক নাই। নিতৌ এশটা কথা লৈ প্ৰজা সকল আহে। খাওঁতে বহোঁতে গাৰক্ষীৰ পহৰা। মহামন্ত্ৰীৰ কথামতে কাম কৰিব লাগে।

 কুশলেও কৃপণ বামুণৰ ঘৰত থাকি আচৰিত হ’ল। দান-দক্ষিণাৰে ঘৰ ভৰি থাকিলেও সদায় ফটা-ছিটা কাপোৰ আৰু লোণ-তেলেৰে ভাত মুঠি খায়। কয়– এতিয়াই খাই শেষ কৰিলে পিছলৈ কি কৰিবি। পিছ সদায় পিছ হৈ গৈয়ে থাকে। বাপেকৰ লগত মিলিব নোৱাৰি ডাঙৰ পুতেক দুটাই ঘৰ এৰি গুচি গৈছে। সৰু কেইটাক লৈ বামুণনীয়ে বৰ যাতনাকৰ জীৱন কটাব লগীয়াত পৰিছে।

 শোণিতৰো একে দশা। তাৰ চকু কপালত উঠিল– যদিও ধনী মহাজন বুলি সকলোৱে জানে– ঘৰৰ ভিতৰৰ বিলৈ নোহোৱা। মানুহজন ইমানেই এলেহুৱা যে ঘৰৰ লগুৱাটোৱে দিলে এমুঠি খায় নহ’লে লঘোনত কটায়। শোণিতে সোধাত ক’লে খেতি- মাটি থাকিলে কি হ’ব? বছৰি খেতি নোহোৱা হৈ আহিছে। গোহালিত গৰু পিছে গাখীৰ কিয় নাই বুলি ক’লে কয়– গৰুৱে গাখীৰ দিবলৈ এৰিছে। সেইদৰে গম পালে বাৰীৰ তামোল-পাণ বজাৰত বিকিবলৈ নিলেও দাম নেপায়।

 শোণিতৰ বুজিবলৈ বাকী নেথাকিল এলাহতে আনৰ ওপৰত এৰি দিয়াৰ কাৰণে ধনী হৈও বেচেৰাই ভিক্ষাৰী জীৱন কটাইছে। এনে জীৱনক শোনিতে ধিক্কাৰ দিলে। [ ২৫ ]  তিনি মাহৰ মূৰত তিনিও গুৰুৰ ওচৰলৈ আহিল। সনকে ক’লে– “গুৰুদেৱ ৰজাৰ দৰে জীৱন মোক নেলাগে। য’ত মনৰ সুখ নাই তেনে জীৱনৰ অৰ্থ নাই।”

 কুশলে ক’লে– গুৰুদেৱ, বামুণৰ দৰে কৃপণ জীৱন মই সহিব নোৱাৰোঁ। যি ধন স্বাস্থ্য আৰু উপকাৰত নেলাগে সেই ধনৰ মূল্যও নাই। বৰং অশান্তি আৰু অসুখী হৈ দুদিনীয়া জীৱন অৰ্থহীন কৰাহে হয়।” সেইদৰে শোণিতেও ক’লে–“গুৰুদেৱ, মই বৰ আচৰিত হৈছোঁ– গিয়ানৰ অভাৱত মানুহ কেনে মূৰ্খ হ’ব পাৰে। মূৰ্খতাৰ বাবে মানুহজন এলেহুৱা আৰু এলেহুৱা বাবেই ধন থাকিও ভিক্ষাৰী।

 গুৰুৱে সুধিলে–“এতিয়া তোমালোকৰ মতামত কোৱা।”

 সনকে ক’লে– “মই অধ্যয়ন কৰি গিয়ান অৰ্জন কৰি নিৰিবিলি জীৱন কটাব বিচাৰোঁ।”

 কুশলে ক’লে– “মই কৃপণবিলাকৰ পৰা ধনবোৰ কাঢ়ি দুখীয়াক দান দিব বিচাৰো, পৰিয়ালক সুখ দিয়াৰ উপায় দিব খোজো।”

 শোণিতে ক’লে– “ধনী মহাজনজনে ধনৰ গৰাকী হৈ লোকৰ ওপৰত নিৰ্ভৰ নকৰি নিজে সকলো সুখ উপভোগ কৰা উচিত আছিল।”

 গুৰুৱে হাঁহি মাৰি ক'লে–

 “তোমালোকৰ ধাৰণা ঠিক। পিছে সনকৰ দৰে নিজে গিয়ানী হৈ নিজতে ৰখাৰ যিদৰে মূল্য নাই সেইদৰে পৰৰ ধন কাঢ়ি পৰক সুখী কৰাতো অৰ্থ নাই। সেইদৰে সকলো সুখ উপভোগ কৰিবলৈ হ'লে সেই সুখ কৰ্মৰ দ্বাৰা আনি লোৱা উচিত।

 কৰ্ম মানুহৰ ৰক্ষা কৱচ। আনক গিয়ান দিয়া এটা মহৎ কৰ্ম। কৰ্মৰে টকা অৰ্জন কৰি দুখীয়াক সহায় কৰা পৰম ধৰ্ম। নিজে সুখী আৰু নিৰোগী জীৱন কটাবলৈ দুই হাত অহৰহ কৰ্মত লগাব লাগিব। ধনৰ শত্ৰু চোৰ ডকাইট, কৰ্মহীন মানুহৰ শত্ৰু ৰোগ- ব্যাধি। – তোমালোক এতিয়াও নাবালক, এতিয়াৰ পৰা কাম কৰাৰ অভ্যাস কৰা।”

 গুৰুৰ আশীৰ্বাদ লৈ তিনিও জনে গুৰুৰ উপে মনত ঘৰ মুখী হ’ল।

[ ২৬ ]

তিনিটা ভূত আৰু মনকোঁৱৰ

 সদাগৰ এজনৰ ঘৰত কাম কৰিবলৈ অহা লগুৱা এজনৰ আছিল এটা ল’ৰা। নাম মনকোঁৱৰ, নামটো মাকে দিয়া। দুখীয়া হ'লেও মনকোঁৱৰ সাহসী আৰু বৰ ৰঙিয়াল ল’ৰা আছিল। মনটোও বৰ ভাল। গাঁওখনৰ সকলোৰে লগত তাৰ ভাল। সৰু হ’লেও মনকোঁৱৰে বৰ ডাঙৰ ডাঙৰ কথাবোৰ জানিবলৈ আগ্ৰহ কৰে। মাকে তাক সজ কথাবোৰ শিকায়। পিতাকে মনকোঁৱৰৰ মাকক কয়- “তুমি লগুৱাৰ পো এটাক কোঁৱৰ নাম দি লৈছা।” মাকে কয়– “চাব, মোৰ বোপাইয়ে নিজৰ সৎ গুণত এদিন ৰজাৰ কোঁৱৰৰ সুখ ল’ব।

 এবাৰ চহৰলৈ বৰ ডাঙৰ মেলা আহিল। মেলা চাবলৈ সদাগৰৰ ঘৰৰ সকলো ওলাল। তেতিয়াৰ দিনত গাড়ী-মটৰ নাছিল। ম'হৰ গাড়ীত চৈ দি ঠিক কৰা হ’ল। বাট দূৰণি বাবে নিশা কটাবলৈ কাপোৰ-কানিও এখন গাড়ীত ল’লে। মনকোঁৱৰৰো যাবলৈ [ ২৭ ] মন গ’ল। মাকে ক’লে– “বোপাই, লগুৱাৰ ল’ৰা এটাক সদাগৰে লগত নিনিয়ে।” মনকোঁৱৰে হ’লে মনতে ভাবিলে সি যেনেতেনে যাবই।

 সি এটা বুধি কৰিলে। যিখন গাড়ীত কাপোৰ-কানি লোৱা হ’ল সি তাতে লুকাই গ’ল৷ সময়ত গৈ গাড়ী চহৰ পালেগৈ৷ সকলো গাড়ীৰ পৰা নামিল। মনকোঁৱৰ সাউত কৰে নামি আঁতৰি আহিল। উভটি যাওঁতেও সি তেনেকৈয়ে যাব বুলি ভাবি থ’লে।

 মনকোঁৱৰৰ চকু কপালত উঠিল৷ ইমান ডাঙৰ মেলা। মানুহেই মানুহ। চাহৰ দোকান, মিঠাইৰ দোকান, কাপোৰৰ দোকান, মণি খাৰুৰ দোকান, পুতলাৰ দোকান, ৰঙ-বিৰঙৰ ছবি। তাতে নাচ-গান, বান্দৰ খেলা, ভালুক খেলা। ক’তনো ৰং তামাচা!! মনকোঁৱৰে ঘূৰি পকি চাবলৈ ধৰিলে। গৈ গৈ সি কোনোবা খিনি পালেগৈ। সি ততকে ধৰিব নোৱাৰিলে।

 লাহে লাহে গধূলি হৈ আহিল। ৰঙ- বিৰঙৰ চাকিবোৰ জ্বলি উঠিল। মানুহ, বাট-পথ একো চিনিব নোৱাৰা হ’ল। মনকোঁৱৰে সদাগৰৰ ঘৰৰ মানুহবোৰ বিচাৰিবলৈ ধৰিলে৷ পিছে কাকো নেপালে।

 নিশা বেছি হৈ আহিল। মানুহবোৰ ঘৰা ঘৰি গ’ল। বজাৰবোৰো সামৰিবলৈ ধৰিলে। থকা মানুহবোৰে খাই বৈ তম্বুৰ তলত শুই পৰিল। মেলা-থলি উদং হৈ পৰিল। মনকোঁৱৰ বাট হেৰুৱাই কোনোবাফালে আগবাঢ়িল। গৈ গৈ সি ঘৰ এটা দেখা পালে। মনতে সি ভাবিলে নিশাটো ইয়াতে শুই কটাও, পুৱা পোহৰত বাট বিচাৰি ল’ব পাৰিম। সি ঘৰৰ বাৰান্দাত উঠিলগৈ। জোনাকৰ পোহৰতে চাৰিওফালে চাই কাকো নেদেখি লাহেকৈ ভিতৰ সোমাল। ঘৰটোত সি কাকে৷ নেদেখিলে। কোনোমতে সি মজিয়াতে ঠাই অকণ উলিয়াই শুই পৰিল। ভাগৰত সি ততালিকে টোপনি গ’ল।

 শেষ নিশা কাৰোবাৰ মাত শুনি মনকোঁৱৰে সাৰ পালে। সি দেখিলে তিনিখন মুখ। টেলেক৷ চকুৰে তালৈ চাই আছে। সিহঁতে সুধিলে– “কোন তই?”

 মনকোঁৱৰে সুধিলে– “তোমালোক কোন?

 মুখকেইখনে ক’লে----“আমি ভূত।”

 মনকোঁৱৰে হাঁহিবলৈ ধৰিলে। মুখকেইখনে ক’লে– “তোৰ ভয় লগা নাই?” [ ২৮ ]  মনকোঁৱৰে ক’লৈ— “লাগিছিল। এতিয়া তোমালোকক পাই ভালহে লাগিছে।”

 মুখকেইখনে ইটোৱে সিটোলৈ চালে। এইবাৰ সিহঁতৰ মুখ কেইখন দীঘল হৈ ওপৰৰ চিলিঙ চুলেগৈ ৷ ক’লে—“এতিয়াও ভয় লগা নাইনে?”— ঢেক্ ঢেকাই হাঁহি মনকোঁৱৰে ক’লৈ– “তোমালোক ভাল যাদুকৰ দেই। যোৱা বছৰ আমাৰ গাঁৱলৈও যাদুকৰ গৈছিল নহয়, একেবাৰে মানুহ কাটি যোৰা লগাই দিছিল।” হঠাতে মুখ কেইখন নাইকীয়া হ’ল।

 ৰৈ ৰৈ মনকোঁৱৰৰ টোপনি ধৰাত আকৌ শুই পৰিল ৷

 পিছদিনা৷ সাৰ পাই মনকোঁৱৰ বাহিৰলৈ ওলাই আহিল। সি দেখিলে ঘৰটোৰ ওচৰে-পাজৰে আৰু কাৰো ঘৰ নাই। সি আলিবাটলৈ ওলাই আহিল। বাটতে মানুহ দুজনমানে তাক দেখি সুধিলে- “হে’ৰ তই এই খিনি কেনেকৈ ওলালিহি। নেজাননে এইটো ভূতৰ ঘৰ৷” মনকোঁৱৰে বাট হেৰুৱাৰ কথা ক'লে। আৰু ক’লে সি ভূত দেখা নেপালে। মানুহ কেইটাই ক’লে– “তিনিটা গভাইট চোৰ-ডকাইত ঘৰটোত আছিল। তিনিওটা কাজিয়া লাগি কটা—কটি কৰি মৰিল। মৰি ভূত হৈ ওলাবলৈ ল'লে। ভয়তে ওচৰৰ মানুহবোৰে সেই ঠাই এৰি দূৰত ঘৰ-দুৱাৰ সাজি ল’লেগৈ ৷”

 মনকোঁৱৰ মানুহকেইজনৰ লগতে আহি মেলা পালেহি। সি সদাগৰৰ ঘৰৰ মানুহবোৰ বিচাৰি ল’লে। আগৰ দৰে গাড়ীত উঠি ঘৰ পালেহি।

 ঘৰলৈ আহি সকলো কথাকৈ মনকোঁৱৰে মাকক সুধিলে—“আই, মানুহ মৰিলে ভূত হয় নেকি?” মাকে ক’লে– “পৃথিৱীত ভাল কাম কৰিলে গোসাঁইয়ে লৈ যায়, বেয়া কাম কৰি মৰিলে ভূত হৈ থাকে ৷ পিছে সৎ আৰু সাহসী মানুহক ভূতে একো কৰিব নোৱাৰে।”

 মনকোঁৱৰে ভাবিলে –“সেইকেইটা বাৰু ভূত আছিল নেকি ?

[ ২৯ ]

মৰমিয়াল পৰীজনী

 বহুযুগৰ আগৰ কথা। এখন গাঁৱত এহাল বুঢ়া-বুঢ়ী আছিল। তেওঁলোকৰ একো অভাৱ নাছিল। পিছে ল’ৰা-ছোৱালীহে নাছিল। নিতৌ ল’ৰা এটিৰ বাবে গোঁসাইক খাটে। অৱশেষত তেওঁলোকৰ বৰ শুৱনি ল’ৰা এটি উপজিল। চেনেহতে ল’ৰাটিক জীউমণি বুলি মাতিবলৈ ল’লে।

 জীউমণি মৰমত ডাঙৰ হৈ আছিল। মূৰত ল’লে ওকনিয়ে খায় মাটিত থ’লে পৰুৱাই খায় যেন হ’ল৷ যিমানে জীউমণি ডাঙৰ হৈ আহিল সিমানে কূটা এগছকে কৰিবলৈ নিদিয়াত এলেহুৱা হৈ আহিল। আনকি পিয়াহৰ পানীটোপা আনে হাতত তুলি দিলেহে খায়। পিছে জীউমণিয়ে বৰ সুৰীয়াকৈ বাঁহী বজাবলৈ শিকিলে। পদূলিত থকা সোণাৰু জোপাৰ তলত জোনাক নিশা বহু পৰলৈ বহি বাঁহী বজায়। বাঁহীৰ মাততে গাঁৱৰ মানুহবোৰ টোপনি যায়। মাক-বাপেকেও শুনি বৰ সুখ পায়। [ ৩০ ]

 ধুনীয়া পৃথিৱীখন চাবলৈ আকাশৰ পৰা মাজে মাজে পৰীবোৰ আহে। এদিন জোনাক নিশা ডাৱৰৰ মাজে মাজে পৰী এজনী ঘূৰি ফুৰিছিল। জীউমণিৰ বাঁহীৰ মাত শুনি একেবাৰে ওচৰ পালেহি। সোণাৰু জোপাত মনে মনে বহি বাঁহী বজোৱা শুনি থাকিল। পৰীজনী বাঁহী শুনিবলৈ সদায় অহা হ’ল।

 এদিন জীউমণিৰ বুঢ়া মাক-বাপেক হাল মৰি থাকিল। জীউমণি তেনেই অকলশৰীয়া হৈ পৰিল। কাম-বন কৰিব নজনা এলেহুৱা জীউমণিয়ে কিছু দিনলৈ একো নোখোৱাকৈ থাকিল। সি বাঁহীকে বজাই থাকিল। দিনে দিনে সি বল নোপোৱা হৈ আহিল। এদিন বিচনাত পৰিব লগা হ'লগৈ। সি বাঁহীও বজাব নোৱাৰা হ’ল।

 ইফালে বাঁহীৰ মাত নুশুনি পৰীজনীৰ বৰ বেয়া লাগিল। কিনো হৈছে বুলি বুঢ়ী এজনীৰ বেশলৈ চাবলৈ আহিল। তাৰ বিলৈ দেখি বৰ বেজাৰ পালে। মাক-বাপেকে এলেহুৱা কৰি থৈ যোৱাত খঙো উঠিল। জীউমণিক ভাল কৰি তুলিবলৈ পৰীয়ে মনতে ভাবিলে। তাক মাত দি ক’লে—“বোপাই, মই বৰ অকলশৰীয়া। বহু দূৰৰ পৰা আহিছোঁ, খাবলৈ কিবা এমুঠি দিবানে?”

 জীউমণিয়ে কলে– “আই, মই নিজেই খাবলৈ পোৱা নাই। ভিতৰত কি আছে চাওক গৈ।”

 পৰীয়ে দেখিলে টেকেলিত চিৰা, পিঠাগুৰি ভৰি আছে। জীউমণিক আনি খাবলৈ দিলেহি।দুদিনতে জীউমণি ভাল হৈ উঠিল। সি ভাবিলে ভালেই হ’ল আই মৰি গ’ল, এৱে মোৰ আই হৈ থাকক।

 এদিন বুঢ়ী বেশী পৰীয়ে বেমাৰৰ ভাও জুৰিলে। জীউমণিয়ে বৰ ভয় খালে। মাকৰ নিচিনাকৈ মৰি থাকে বুলি আল্‌-পৈচান্ ধৰিবলৈ ল’লে। এদিন বুঢ়ীয়ে বোলে– “যাচোন বোপাই, বাৰীত থকা কল আনগৈ, মোৰ বৰ কল খাবলৈ মন গৈছে।”

 জীউমণিয়ে ক’লে–“ হাবিৰে গোটেইখন জাৰণি হৈ আছে। যাওঁ কেনেকৈ?” বুঢ়ীয়ে ক’লে–“আকোঁৰা দা খন লৈ যা। হাবিবোৰ কাটি বাটটো উলিয়াই ল।”

 উপাই নেপায় সি তাকে কৰিলে। হাবিবন কাটি দিয়াত বাৰীখনত লোমালোমে লাগি থকা আম, কঠাল, লেতেকু আদি তাৰ চকুত পৰিল। কলগছত পকা-পকা কল [ ৩১ ] ঠোক ভৰি লাগি আছে। সেয়ে নহয়, পুখুৰীটোত মাছো-ঠাঁহ খাই আছে। বহু দিনলৈ দুয়ো সেইবোৰ খালে।

 এদিন আকৌ বুঢ়ীয়ে ক’লে–“বোপাই অ’–ওচৰতে মাটিবোৰ চন পৰি আছে। ঘৰত গৰুও আছে। হালখনকে বাই কঠিয়া সিঁচি দে।”

 জীউমণিয়ে তাকে কৰিবলৈ বাধ্য হ’ল। পিছে কাম কৰি জীউমণিৰ গা-মন ভাল লাগিবলৈ ধৰিলে। উৎসাহত কামত লাগি থাকিবলৈ ল'লে। সময়ত সোণালী শইছেৰে পথাৰ ভৰি পৰিল। তাকে দেখি সি ৰঙত পাৰ নোপোৱা হ'ল। ধান, সৰিয়হ, মাহ আদিৰে ভঁৰাল ভৰি পৰিল।

 এনেকৈয়ে জীউমণি কামিলা হৈ পৰিল। তাৰ চাৰিওফালে জয়জয় ময় ময় হ’ল। গুণী ছোৱালী এজনী চাই বুঢ়ীয়ে তাৰ বিয়াখনো ঠিক কৰিলে।

 দৰা হৈ ঢোলে –দগৰে কন্যা ঘৰলৈ যাবলৈ ওলোৱা জীউমণিক বুঢ়ীবেশী পৰীয়ে ক'লে–

 —“জীউমণি, মই যাওঁগৈ৷ তই সুখেৰে থাকিবি। পিছে বাঁহীটো বজাবলৈ নেৰিবি দেই।”

 জীউমণিয়ে ক’লে– “আই, মোক এৰি নেযাবা। মই কেনেকৈ থাকিম?”

 পৰীয়ে ক’লে– “নিজৰ লগ আচলতে নিজৰ হাত দুখনহে জীউমণি। তাকে দেখুৱাবলৈহে মই আহিছিলোঁ।” এই বুলি চকুৰ পচাৰতে নিজৰ ৰূপ লৈ পৰী আকাশলৈ উৰা মাৰিলে।

 আচৰিত হৈ জীউমণি থৰ লাগি চাই থাকিল৷ তাৰ দুগালে দুধাৰি চকু পানী পৰীজনীৰ ভক্তিত বৈ আহিল। হাত দুখন তুলি সি সেৱা এটি জনালে।

 সুখে-দুখে জীউমণিয়ে কেতিয়াও আৰু বাঁহী বজাবলৈ নেৰিলে।


এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।