পৃষ্ঠা:মৰমিয়াল পৰীজনী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
মৰমিয়াল পৰী জনী


ধৰিলে। চৰাইমখা আহি ওচৰ পালেহি। কথাটো জানি সিহঁতৰ কুলিজনীলৈ বৰ খঙ উঠিল। সিহঁতে কুলিজনীক ক’লে –“মাক এজনীক এনেকৈ দুখ দিয়া ভাল কথা নহয়।” কুলিজনীয়ে মুখ পাতি ল’লে। ক'লে—

 –মাকজনী হৈ নিজৰ পোৱালি নিচিনিলে, এতিয়া -মোৰহে জগৰ লাগিলনে? তাইৰ বক্ বকনিত চৰাই জাকৰ খঙ দুগুণে চৰিল। সিহঁতে তাইক শাওপাত দি বোলে–

 –“যদি ধৰণীত ধৰ্ম আছে, তোৰ এই মুখখনেৰে মাতিব নোৱাৰা হবি। সেয়ে নহয় ছল কৰি মাকৰ বুকুৰ পৰা পোৱালি আঁতৰোৱা, তোৰ পোৱালিহঁতেও তোক কেতিয়াও মাক বুলি কাষকে নেচাপিব।” কুলীজনীক চৰাইসমাজৰ পৰা বাহিৰ কৰি দিলে। কুলিজনীয়ে মুখ ভেঙুচাই পোৱালিহঁতলৈ চাই মাতিলে– “বাছাহঁত আহ।”

 পোৱালিকেইটাই কাউৰীজনীৰ মনৰ দুখ বুজিব পাৰি বৰ বেজাৰ পালে। মন থাকিলেও বেলেগ জাতিৰ চৰাই হোৱাৰ কাৰণে ওচৰত থাকিব নোৱাৰে। সেয়ে কুলীজনীলৈকো কেৰাহিকৈ নেচায় উৰা মাৰি কোনোবা ফালে উৰি গুচি গ’ল।

 কাউৰীজনীয়ে একেথৰে সেইফালে চাই থাকিল। তাইৰ দুচকুৰে দুধাৰি চকুলো বৈ আহিল৷ ইফালে চৰাইজাকৰ শাও লাগি কুলিজনীয়ে মাতিব নোৱাৰা হ’ল। কক্ কক্‌কৈহে মাতটো ওলাল৷ তেতিয়াৰ পৰা আজিলৈকে তেনেকৈয়ে থাকিল৷ সেই খঙতে কাউৰীক এসেকা দিবলৈ ছল পালেই কণীবোৰ ভাঙি নিজৰ কণী থৈ আহিবলৈ নেৰিলে। পিছে কি হ’ব? পোৱালিহঁতো ডাঙৰ হৈ মাকৰ কাষকে নেচাপি দূৰলৈ উৰা মাৰে। মাকৰ কান্দোন দেখি বাপেকেহে সিহঁতক বিচাৰি –‘কতঔ’ ‘কতওঁ’ বুলি দিনে নিশাই বিচাৰি ফুৰে। সেই মাতকে আমি ‘কু-উ’‘কু-উ’ বুলি শুনা-পাওঁ।