সমললৈ যাওক

পৃষ্ঠা:মৰমিয়াল পৰীজনী.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
মৰমিয়াল পৰী জনী


ঠোক ভৰি লাগি আছে। সেয়ে নহয়, পুখুৰীটোত মাছো-ঠাঁহ খাই আছে। বহু দিনলৈ দুয়ো সেইবোৰ খালে।

 এদিন আকৌ বুঢ়ীয়ে ক’লে–“বোপাই অ’–ওচৰতে মাটিবোৰ চন পৰি আছে। ঘৰত গৰুও আছে। হালখনকে বাই কঠিয়া সিঁচি দে।”

 জীউমণিয়ে তাকে কৰিবলৈ বাধ্য হ’ল। পিছে কাম কৰি জীউমণিৰ গা-মন ভাল লাগিবলৈ ধৰিলে। উৎসাহত কামত লাগি থাকিবলৈ ল'লে। সময়ত সোণালী শইছেৰে পথাৰ ভৰি পৰিল। তাকে দেখি সি ৰঙত পাৰ নোপোৱা হ'ল। ধান, সৰিয়হ, মাহ আদিৰে ভঁৰাল ভৰি পৰিল।

 এনেকৈয়ে জীউমণি কামিলা হৈ পৰিল। তাৰ চাৰিওফালে জয়জয় ময় ময় হ’ল। গুণী ছোৱালী এজনী চাই বুঢ়ীয়ে তাৰ বিয়াখনো ঠিক কৰিলে।

 দৰা হৈ ঢোলে –দগৰে কন্যা ঘৰলৈ যাবলৈ ওলোৱা জীউমণিক বুঢ়ীবেশী পৰীয়ে ক'লে–

 —“জীউমণি, মই যাওঁগৈ৷ তই সুখেৰে থাকিবি। পিছে বাঁহীটো বজাবলৈ নেৰিবি দেই।”

 জীউমণিয়ে ক’লে– “আই, মোক এৰি নেযাবা। মই কেনেকৈ থাকিম?”

 পৰীয়ে ক’লে– “নিজৰ লগ আচলতে নিজৰ হাত দুখনহে জীউমণি। তাকে দেখুৱাবলৈহে মই আহিছিলোঁ।” এই বুলি চকুৰ পচাৰতে নিজৰ ৰূপ লৈ পৰী আকাশলৈ উৰা মাৰিলে।

 আচৰিত হৈ জীউমণি থৰ লাগি চাই থাকিল৷ তাৰ দুগালে দুধাৰি চকু পানী পৰীজনীৰ ভক্তিত বৈ আহিল। হাত দুখন তুলি সি সেৱা এটি জনালে।

 সুখে-দুখে জীউমণিয়ে কেতিয়াও আৰু বাঁহী বজাবলৈ নেৰিলে।