পৃষ্ঠা:মৰমিয়াল পৰীজনী.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
মৰমিয়াল পৰী জনী

বুঢ়াক সাপে খুটিলে। মৰাৰ সময়ত বুঢ়ীক ক’লে– তই এই পুথিবোৰ পুৰি পেলাবি, নহ’লে বিপদত পৰিবি।” পিছে বুঢ়ীয়ে পুথিত ৰূপহী হোৱাৰ ঔষধ এটা পালে। কিন্তু ঔষধ খোৱাত ভুল হ’ল সেইবাবে আপচুহে হৈ পৰিল। লাজতে গাঁৱৰ পৰা দূৰত ঘৰ এটা সাজি থাকিবলৈ ল’লে। সেয়েহে এইবাৰ সাৱধান হ’ল, আৰু ভালকৈ দৰৱবোৰ দিনে নিশাই বিচাৰিবলৈ ধৰিলে।

 বুঢ়ীৰ ঘৰটোৰ কোঠালি দুটা। এটা আগফালে। এটা পিছফালে। পিছফালৰ কোঠালিটোত পোহৰ সোমাবলৈ ফুটা এটাও নাই। তাতে বিচাৰি অনা ডাল-পাতবোৰ থয়। জুহাল এখনো আছে। কোঠালিটোৰ চুকতে বহু দিনৰ পৰা ভেকুলী এটাও আছে। সি বুঢ়ীৰ কাণ্ড-কাৰখানাবোৰ চাই থাকে। বুঢ়ীয়ে তাক দেখে, পিছে একো মন নিদিয়ে।

 এদিন বুঢ়ীয়ে ক’ৰবাৰ পৰা কাছ এটা ধৰি আনিলে। এন্ধাৰ কোঠালিটোত তাক পল এটাৰে ঢাকি থ’লে।

 নিশা বুঢ়ীয়ে জুহালত লোহাৰ কেৰাহি এটাত বনলতা এসোপা মান সিজালে। সিজাই থাকোঁতে কাছটোক কৈ থাকিল– “বুইচ, এইবাৰ মই ৰূপহী হ’মেই। মোৰ ঔষধৰ লগত তোৰ তেজ মিহলি কৰি সিজাই খালে– মই এশ বছৰ জীয়াই থাকিব পাৰিম।” এই বুলি হাত দাঙি দাঙি গালে–

 হিং কিং কিং কিং
 বুঢ়ীৰ চুলি চিঙ
 চাল যাব খহি
 বুঢ়ী হ’ব ৰূপহী
 হিঃ হিঃ হিঃ

 পিছ দিনা দোকমোকালিতে উঠি বুঢ়ী যাবলৈ ওলাল। কাছটোক ক’লে– “তই থাক। মই ঔষধ এটা বিচাৰি যাওঁ। তাকে আনি তোৰ মঙহৰ লগত সিজাই খাম।”

 বুঢ়ী ওলাই গুচি গ’ল। কাছটোৰ বৰ ভয় লাগিল। সি কান্দিবলৈ ধৰিলে। ভেকুলীটোৰ বৰ দুখ লাগিল। সি ওলাই আহি ক’লেহি– “ভয় নেখাবাছোন, মই কিবা এটা উপায় কৰিব পাৰোনেকি চাওঁ।”