পৃষ্ঠা:মৰমিয়াল পৰীজনী.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গুৰুৰ গিয়ান

 আগৰ দিনত গুৰুৰ গৃহত থাকি শিষ্যই শিক্ষা লাভ কৰিছিল। সনক, কুশল আৰু শোণিত নামৰ তিনিজন শিষ্যই বহু শিষ্যৰ লগতে এজন অতি ধাৰ্মিক আৰু গিয়ানি গুৰুৰ গৃহত শিক্ষা লাভ কৰিছিল। গুৰুৰ গৃহত ঘৰ চাফা কৰা, গৰু চৰোৱা, খৰি লুৰা, খোৱা মুঠি সিজাই লোৱা সকলো কাম কৰিব লাগিছিল। প্ৰতি গধূলি আৰু পুৱা নীতি - গিয়ানৰ শিক্ষা ল’ব লগা হৈছিল।

 তিনিওৰে শিক্ষা কাল শেষ হোৱাত গুৰুৱে এদিন ক’লে-

 –“তোমালোকে শিক্ষা শেষ কৰিলা। এতিয়া আটাইতকৈ গুৰুতৰ কথাটোৰ ওচৰ চাপিছা। মোক এটা কথাৰ উত্তৰ দিয়া,–তোমালোকে কেনেধৰণৰ জীৱন কটাবলৈ ইচ্ছা কৰা?”

 সিহঁতে একো ক’ব নোৱাৰিলে। তেতিয়া গুৰুৱে তেওঁলোকক ক'লে–

 –“সনক, তুমি এই ৰাজ্যৰ ৰজাৰ দেহৰক্ষী হৈ থাকাগৈ। কুশল তুমি পূৱ