পৃষ্ঠা:মৰমিয়াল পৰীজনী.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


বুধি হ’লে ভয় নাই

 নৈ এখনৰ কিছু আঁতৰত থকা পুখুৰী এটাত চক্‌চকী নামৰ পুঠি মাছ এজনীয়ে ঘূৰি ফুৰোঁতে এদিন কণামুচৰি চৰাইটোৰ আগতে পৰিল। চক্‌চকীৰ পেটত এসোপা কণী। কণীসোপাৰ স’তে খকুৱা কণামুচৰিটোৱে তাইক খাই থয় বুলি তাইৰ জীৱ উৰি গ’ল। তাৰ যিহে যাঠি যেন জোঙা ঠোঁটখন।

 চক্‌চকীক্ দেখি কণামুচৰি আগবাঢ়ি আহিল। খোট মাৰিবলৈ ধৰাত – চকচকীয়ে ক’লে— “কি কৰা, কি কৰা কণামুচৰি ককাইটি?” কণামুচৰিয়ে বোলে– “তোক খাই থওঁ আক।”

 চক্‌চকীয়ে ক’লে- “তুমিও বৰ ভোদা দিয়া। মোক খাই লোকচান কৰা কিয়?

 কণামুচৰি থৰ হ’ল। ক’লে– “কি কৈছ অ’? তোক খাই পেট পূৰাম। লোকচান কিহৰ?” ভয়টো পেটতে লুকুৱাই তাই ক’লে –“দেখা নাইনে, মোৰ পেটত এবাহ কণী। দুদিনতে এজাক পোনা হ’ব। এতিয়া অকলে খোৱাতকৈ তেতিয়া গোটেই জাককে খাব পাৰিবা।”

 কণামুচৰিয়ে কথাটো বেয়া নেদেখিলে। ক’লে –“হ’ব আৰু দে”