সমললৈ যাওক

পৃষ্ঠা:মৰমিয়াল পৰীজনী.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধৰ্ম আৰু অধৰ্ম

 এদিন ধৰ্ম আৰু অধৰ্ম একেলগে গৈ আছিল। ধৰ্ম সজ, অধৰ্ম অসজ। ধৰ্মই আনৰ হিতৰ কথা ভাৱে। অধৰ্মই আনৰ বেয়াটো কৰিহে ভাল পায়। সেইবাবে বেয়া কাম কৰা জনক অধৰ্মী বুলিও কয় ৷

 দুয়ো কিছুদূৰ যোৱাৰ পিছত দেখা পালে যোৱা নিশাৰ বতাহ ধুমুহাৰ ফলত বাটটোত মাটি খহি গছৰ ডাল ভাঙি পৰি তেনেই বিলৈ নোহোৱা হৈ আছে। জুৰিটো বন্ধ হৈ পৰাত পানী বাগৰি বোকা কৰি পেলাইছে। ধৰ্মই ক'লে–

 –“আমি অহা যোৱা কৰিবলৈ বাটটো উলিয়াই লোৱা উচিত হ’ব।” অৰ্ধৰ্মই হ’লে ক'লে–

 –“মই অযথা কাম কৰিব নোৱাৰো। বাটটো পাৰ হ’বলৈ অইন উপায় এটাহে ভাবিব লাগিব।” এইবুলি চাৰিওফালে চাবলৈ ধৰিলে।

 এনেতে অধৰ্মই মানুহ এজন আহি থকা দেখিলে। মানুহজন আহি সেইখিনিত ৰৈ গ’ল। মাকৰ দৰৱ আনিবৰ বাবে দূৰণিৰ কবিৰাজৰ ঘৰলৈ গৈছিল, বতাহ বৰষুণৰ বাবে নিশা উভটি আহিব নোৱাৰিলে। এতিয়া বাটটোৰ অৱস্থা দেখি মূৰে-কপালে হাত দিলে। পিছে পলম হ’লে মাকৰ কিবা অঘটন হ’ব বুলি ৰৈ নেথাকিল। বৰ সাৱধানেৰে কষ্ট কৰি আগবাঢ়িবলৈ ধৰিলে। তাকে দেখি অধৰ্মই ক’লে–“মই উপায় এটা পাইছোঁ,