পৃষ্ঠা:মৰমিয়াল পৰীজনী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
মৰমিয়াল পৰী জনী


 চক্‌চকী আঁতৰি আহি উশাহ দুটামান সলাই ল’লে। দুদিনমানৰ পিছত চক্‌চকীৰ এসোপা পোৱালি হ’ল। তাই কণামুচৰিৰ পৰা আঁৰ হৈ ফুৰিবলৈ ধৰিলে। ইফালে কণামুচৰিয়ে এগাল মাছ খোৱাৰ আশাত সেপ ঢুকি থাকিল।

 কেইবাদিনো পাৰ হ’ল। চকচকী আকৌ কণামুচৰিৰ আগত পৰিল। উপায় নেপাই নিজে মাত লগালে–“ককাইটি কেনে আছা, দেখিছা এই গাল মোৰ পোনা।” কণামুচৰিয়ে ক’লে–“তেনে এতিয়া খোৱাহে কথা।”

 চক্‌চকী জিকাৰ খাই উঠিল—“কি কোৱাহে, মই তোমাক দেখুৱাবলৈহে আনিছোঁ। ঠোঁটত নলগা এই কিটা খাই কি জুতি পাবা? দুদিন ৰোৱা, মোৰ দৰে পূৰঠ হৈ একোজনী হ’ব। এমাহ খাইও অন্ত কৰিব নোৱাৰিবা।”

 কণামুচৰিয়ে ক’লে–“তেনেহ’লে তোকে খাই লওঁ।” চক্‌চকী চক্ খাই উঠিল। ক’লে– “মোক খাই থ’লে ইহঁতক ডাঙৰ কৰিব কোনে? আনে পালে খাই নথ'বনে?”

 কণামুচৰিয়ে ভাবিলে– ‘এৰাটো। পিছত গোটেই জাকক খোৱাই ভাল হ'ব। সি তাইক এৰি দিলে। পোৱালিহঁতক লৈ তাই কোনোবা খিনি পালেগৈ। বৰ সাৱধানেৰে তাই পোৱালিহঁতক লৈ ফুৰিল। লাহে-লাহে সিহঁত ডাঙৰ হৈ আহিল। ইফালে বাৰিষাও আহিল। ধাৰাষাৰে বৰষুণ অহাত পুখুৰীৰ পানী নৈৰ পানী একাকাৰ হ’ল। চক্‌চকী পোৱালি জাকৰ সৈতে উজাই গৈ নৈ পালেগৈ। আৰু সোঁতত বহু দূৰলৈ গুচি গ'ল। বিপদত পৰিও সাহ নেহেৰুৱাই চক্‌চকী তেনেকৈয়ে বুধিৰে সাৰি গ'ল।

 ইফালে কণামুচৰিয়ে তেজাল পুঠিমাছৰ সপোন দেখি নিতৌ পুখুৰী পাৰত ৰৈ থাকিলহি।