এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মৰমিয়াল পৰীজনী
বহুযুগৰ আগৰ কথা। এখন গাঁৱত এহাল বুঢ়া-বুঢ়ী আছিল। তেওঁলোকৰ একো অভাৱ নাছিল। পিছে ল’ৰা-ছোৱালীহে নাছিল। নিতৌ ল’ৰা এটিৰ বাবে গোঁসাইক খাটে। অৱশেষত তেওঁলোকৰ বৰ শুৱনি ল’ৰা এটি উপজিল। চেনেহতে ল’ৰাটিক জীউমণি বুলি মাতিবলৈ ল’লে।
জীউমণি মৰমত ডাঙৰ হৈ আছিল। মূৰত ল’লে ওকনিয়ে খায় মাটিত থ’লে পৰুৱাই খায় যেন হ’ল৷ যিমানে জীউমণি ডাঙৰ হৈ আহিল সিমানে কূটা এগছকে কৰিবলৈ নিদিয়াত এলেহুৱা হৈ আহিল। আনকি পিয়াহৰ পানীটোপা আনে হাতত তুলি দিলেহে খায়। পিছে জীউমণিয়ে বৰ সুৰীয়াকৈ বাঁহী বজাবলৈ শিকিলে। পদূলিত থকা সোণাৰু জোপাৰ তলত জোনাক নিশা বহু পৰলৈ বহি বাঁহী বজায়। বাঁহীৰ মাততে গাঁৱৰ মানুহবোৰ টোপনি যায়। মাক-বাপেকেও শুনি বৰ সুখ পায়।