পৃষ্ঠা:মৰমিয়াল পৰীজনী.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰমলা পেহী

 ৰৰৈয়া গাঁৱৰ ৰমলা পেহীক সকলোৱে চিনি পায়৷ পেহী বৰ ৰঙিয়াল আৰু মৰমিয়াল। টকা-পইচা, মাটিবাৰী দেধাৰ, পিছে খাওঁতাহে নাই। পেহী বৰ কামিলা। খেতি কৰিবলৈ দিয়া মানুহৰ লগত লাগি-ভাগি পথাৰত কাম কৰে। আম, লিচু আদি ফলৰ বাৰীখন নিজেই চোৱা-চিতা কৰে। বছৰটোলৈ খাবলৈ থৈ বাকীবোৰ বিক্ৰী কৰে। বিক্ৰী কৰি পোৱা ধন বোৰ সাঁচি থয়। কোনোবা বিপদত পৰিলে দি সহায় কৰে। সেয়ে সকলোৱে পেহীক বৰ ভাল পায়।

 ঘাট-মাউৰা মাখন, ভদিয়া আৰু বাবন নামৰ গাঁৱৰে তিনিওটা নলেগলে লগা সখি। তিনিওটাক পেহীয়ে বৰ চেনেহ কৰে। সিহঁতেও পেহীৰ লগতে দিনৰ দিনটো থাকে। কাম-বনত সহায় কৰি দিয়ে৷ পেহীয়ে এদিন ভাবিলে, মই বুঢ়ী হৈ আহিছোঁ। মোৰ ধন-ধান সোপা কাৰ হাতত পৰি কি বিলৈ হয় ঠিক নাই।