পৃষ্ঠা:মৰমিয়াল পৰীজনী.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
মৰমিয়াল পৰী জনী


 বান্দৰে ক'লে— “তেনেহলে কি কৰোঁ? গুচি যাওঁ বল।”

 বান্দৰী দাং খাই উঠিল –“গুচি যাম কিয়? ইয়াতে আমি দুটা থাকি মজা কৰি খাম।

 বান্দৰে ক’লে– “অকলে অকলে কেনেকৈ থাকোঁ?”

 বান্দৰীয়ে বোলে– “মই থাকোঁতে অকলে হলিনে?”

 বান্দৰ অৱশেষত সৈমান হ’ল। বান্দৰীয়ে ক’লে– “ব’ল পথাৰৰ পৰা পাক এটা মাৰি আহোঁ।”

 দুয়োটা পথাৰত সোমাই হেঁপাহ পলুৱাই কোমল মাকৈবোৰ খালে। হাবিলৈ আহি ভাল গছ এজোপা চাই ল’লে।

 দুদিনমান সিহঁতৰ ভালেৰে পাৰ হ’ল। পিছে কথাটো গৃহস্থৰ চকুত পৰিল। গৃহস্থই জাল পাতি থ’লে। এদিন দুয়োটা ৰঙ মনে পথাৰত সোমাইছিলহে, পাতি থোৱা জালত বান্দৰ পৰিল৷ সি যিমানে এৰুৱাবলৈ যত্ন কৰিলে সিমানে পাক খাবলৈহে ধৰিলে। বান্দৰীয়ে বৰ ভয় খালে। জোঁটপোত খোৱা বান্দৰলৈ চাই চাই চট্‌ফটাবলৈ ধৰিলে। লগৰ কাৰোবাক দেখে নেকি চাবলৈ ধৰিলে। পিছে নেদেখিলে।

 এটা সময়ত গৃহস্থ আহি জালৰ সৈতে বান্দৰক বস্তাত ভৰাই লৈ গুচি গ'ল। বান্দৰী তাতে ৰৈ গধূলিলৈকে বাট চালে। বান্দৰ পিছে উভটি নাহিল। তাই দুখমনে হাবিলৈ ঘূৰি গ’ল। সদায় তাই গৈ পথাৰৰ কাষত ৰৈ চাই থাকিবলৈ ল’লে।

 অকলে অকলে বান্দৰীৰ বৰ ভয় লাগিল। মুখৰ লোভত পৰি আগপিছ নুগুনি বিপদমাতি অনাত নিজৰ ওপৰতে খঙ উঠিল। আপোন-পেটীয়া হৈ লগৰমখাক খবৰ নিদিয়াটো যে কিমান বেয়া কথা হ’ল এতিয়াহে বুজি পালে। দুদিন মানৰ পিছত তাই লগৰ জাকক বিচাৰি যাবলৈকে ঠিক কৰিলে। পিছে অকলে বাটকুৰি বাই যাবলৈহে চিন্তা হ’ল। তেনেতে- ফোঁপাই জোপাই বান্দৰ আহি ওলালহি। বান্দৰীক চৰ দুটামান দি ক’লে– “জাননে, কেনে বিপদৰ পৰা সাৰি আহিছোঁ। তই থাক। মই লগৰ মখা বিচাৰি যাওঁ।” এইবুলি আগৰ ঠাইৰ ফালে খোজ ল’লে।

 মুখেৰে এষাৰো নেমাতি পিছে পিছে বান্দৰীয়েও খোজ ল’লে।