পৃষ্ঠা:মৰমিয়াল পৰীজনী.pdf/১০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভেকুলীৰ ভয়

 গাঁও এখনৰ এমূৰত এটা পাহাৰ আছিল। পাহাৰটোৰ কাষতে এটা জুপুৰি। তাতে এজনী বেজিনী জধলী বুঢ়ী থাকে। বুঢ়ীৰ লগ মাথো পোৱালি এটাৰ স’তে কুকুৰ এজনী।

 বুঢ়ীৰ ক’লা-বগা জুটুলা জুটুল এমূৰ চুলি। চকু কোটৰত সোমোৱা। নাকটো চুটি আৰু চেপেটা। চালবোৰ শুকান।

 ৰাতি পুৱাতে পিঠিত মলিয়ন মোনা এটা আৰু হাতত লাখুটিডাল লৈ সদায় ওলাই যায়। হাবি, পাহাৰ, বননিত গছৰ শিপা, লতা, পাত এইবোৰ বিচাৰি ফুৰে। বুঢ়ী পিছে জাৰৰ দিনতহে ওলায়। ৰ’দ বুঢ়ীৰ দেহাই অকণো সহিব নোৱাৰে। বুঢ়ীৰ ৰূপহী হ’বলৈ মন। সেয়েহে ঔষধি গছ-লতাবোৰ বিচাৰি ফুৰে।

 বুঢ়ীৰ গিৰিয়েকে বেজালি কৰি মানুহৰ পৰা বহুত ধন পাইছিল। এদিন হঠাতে