পৃষ্ঠা:মৰমিয়াল পৰীজনী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
মৰমিয়াল পৰী জনী


সেই মানুহটোৰ কান্ধত উঠিয়ে বাটটো মই পাৰ হৈ যাম।”

 ধৰ্মই ক’লে –“দেখা নাইনে মানুহজন কেনে নিশকতীয়া৷ তাৰ সলনি দুয়ো পথটোৰ ডাল-পাতবোৰ আঁতৰাই লওঁ আহা।

 -–“এনেবোৰ কামত মোক লগ নধৰাই ভাল।” এইবুলি অধৰ্ম গৈ মানুহজনৰ কান্ধত বহি ল’লে। ধৰ্মই ডাল-পাত আঁতৰাই পথটো সুচল কৰিবলৈ ধৰিলে।

 ডাল-পাত আঁতৰাই বোকা মাটি গুচাই দিয়াত জুৰিৰ পানী কল্‌কলাই বৈ আহি বাটটো পৰিষ্কাৰ কৰি পেলালে। জুৰিৰ পানীৰে হাত-মুখ ধুই ধৰ্মই হেঁপাহ পলুৱাই শীতল পানী পি ল’লে।

 ধৰ্মই গৈ দেখিলে অধৰ্ম কেতিয়াবাতে গৈ ৰৈ আছে। অধৰ্মই মাত লগালে– “তুমি বৰ পলম কৰিলা।”

 ধৰ্মই ক’লে-“পথটো সুচল কৰোঁতে সময় লাগিল।”

 অধৰ্মই ক'লে– “মোলৈ চোৱা, লোকৰ পিঠিত আৰামত আহিলোঁ। তাৰ টোপোলাৰ জলপানেৰে পেট পূৰালোঁ জিৰণিও ল’লো।

 ধৰ্মই ক’লে– “পলম হ’লেও মই এটা ভাল কাম সমাধা কৰিলোঁ৷ জুৰিৰ শীতলপানীৰে শৰীৰ জুৰ পেলালোঁ। মই বৰ সুখ অনুভৱ কৰিছোঁ।

 অধৰ্মই ক’লে– “সেইবাবে তুমি সদায় পলম হোৱা।”

 ধৰ্মই বুজালে – “হক্ কামে সময় নোজোখে, ফলহে জোখে। ভাবি চোৱা, অকণমান হলেও মই যি কাম কৰিলোঁ সেই কামৰ ফলত লোক সকলে অহা-যোৱা কৰাত সুবিধা পাব।

 ইফালে তুমি মানুহজনক কষ্টও দিলা, আনৰ বাবেও নেভাবিলা।”

 ইতিকিং কৰি অধৰ্মই ক’লে– “তুমি সুখ ল’বই নেজানা। সুখ যেনেতেনে ল’বলৈ সুযোগ চাব লাগে।”

 হাঁহি মাৰি ধৰ্মই ক’লে– “তোমাৰ সুখ আৰু মোৰ সুখৰ পাৰ্থক্য তাতেই। মোৰ সুখ নিৰ্ভৰ কৰে দহজনৰ সুখৰ ওপৰত। তোমাৰ সুখ নিৰ্ভৰ কৰে দহ জনৰ দুখৰ ওপৰত”। লাজ আৰু খঙত অধৰ্মই ফোঁ-ফোৱাই অইন ফালে খোজ ল'লে।