এইটোনো কি হাতী? পেটত থকা পুখুৰীটো বা কেনেকুৱা? তাৰ সেই পুখুৰীটোত সাঁতুৰিবলৈ বৰ মন গ'ল। কথাটো বাকীজাককো ক’লে আৰু মাকে গম নোপোৱাকৈ হাতীজনীৰ ওচৰ পালেগৈ।
হাতীজনীয়ে গাটো ধুই ল’লে। তাৰ পিছত পানী-দুনি খাই ঘৰত থকা পোৱালিটোলৈ পানী নিওঁ বুলি পানীত সোহা মাৰিলে। সেই সোহাত গোটেইজাক পোৱালি গৈ হাতীৰ পেটত সোমালগৈ।
মাছজনীয়ে হায়ৈ-বিয়ৈ কৰি ক'লে–
“মোৰ পোৱালিহঁতক উলিয়াই দে।” তাই আগ ভেঁটি ধৰিলে। হাতীজনীয়ে বোলে–
“এনেয়ে মোৰ দেৰি হৈছে, ঘৰত পোৱালিটো থৈ আহিছোঁ। দিগ্দাৰখন নকৰিবি।”
মাছজনীয়ে ক’লে– “ক’লেই হ’বনে? কত লালন-পালন কৰি তুলিছো। দেখা নাইনে, বুজন হ’বলৈ এতিয়াও বাকী।”
হাতীজনীৰ খঙ উঠিল। ক’লে–
–“পানীত বোকাই আছেনে মাছে আছে মোৰ চাবলৈ কিহৰ গৰজ পৰিছে।” তাই পানীৰ পৰা উঠি আহিবলৈ ওলাল।
ভকুৱাজনীৰ খঙে মূৰ পালেগৈ। বোলে–
“সেইটোনো ভাবিব নোৱাৰনে? তোৰ এটা পোৱালিৰ কাৰণে মোৰ শ টা পোৱালি মাৰিবিনে? পাৰোতেনো গোসাঁয়ে ভীম হেন শৰীৰটোত লাও হেন মূৰটো দিছেনে।” হাতীজনীয়ে কথাটো গমি চালে৷ তাই পানী সোপা উগাৰি উলিয়াই দিলে। পোৱালি মখা ওলাই আহি মাকৰ ওচৰ পালেহি।
মাকে সিহঁতক ভালকৈ ধমক্ দিলে। কজলাই বোলে– ‘তয়ে দেখোন কৈছিলি, তাত এটা পুখুৰী আছে। তাক চাবলৈহে গৈছিলোঁ।” মাক মনে মনে থাকিল। ভাবিলে– এৰা, তাই নভবা নিচিন্তাকৈ কথাবোৰ ক’ব নেলাগিছিল। কণমানিবোৰে কথাবোৰ পোনকৈ ভাবে।⬩
⸻