পৃষ্ঠা:মৰমিয়াল পৰীজনী.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তিনিটা ভূত আৰু মনকোঁৱৰ

 সদাগৰ এজনৰ ঘৰত কাম কৰিবলৈ অহা লগুৱা এজনৰ আছিল এটা ল’ৰা। নাম মনকোঁৱৰ, নামটো মাকে দিয়া। দুখীয়া হ'লেও মনকোঁৱৰ সাহসী আৰু বৰ ৰঙিয়াল ল’ৰা আছিল। মনটোও বৰ ভাল। গাঁওখনৰ সকলোৰে লগত তাৰ ভাল। সৰু হ’লেও মনকোঁৱৰে বৰ ডাঙৰ ডাঙৰ কথাবোৰ জানিবলৈ আগ্ৰহ কৰে। মাকে তাক সজ কথাবোৰ শিকায়। পিতাকে মনকোঁৱৰৰ মাকক কয়- “তুমি লগুৱাৰ পো এটাক কোঁৱৰ নাম দি লৈছা।” মাকে কয়– “চাব, মোৰ বোপাইয়ে নিজৰ সৎ গুণত এদিন ৰজাৰ কোঁৱৰৰ সুখ ল’ব।

 এবাৰ চহৰলৈ বৰ ডাঙৰ মেলা আহিল। মেলা চাবলৈ সদাগৰৰ ঘৰৰ সকলো ওলাল। তেতিয়াৰ দিনত গাড়ী-মটৰ নাছিল। ম'হৰ গাড়ীত চৈ দি ঠিক কৰা হ’ল। বাট দূৰণি বাবে নিশা কটাবলৈ কাপোৰ-কানিও এখন গাড়ীত ল’লে। মনকোঁৱৰৰো যাবলৈ