পৃষ্ঠা:মৰমিয়াল পৰীজনী.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
মৰমিয়াল পৰী জনী


 ধুনীয়া পৃথিৱীখন চাবলৈ আকাশৰ পৰা মাজে মাজে পৰীবোৰ আহে। এদিন জোনাক নিশা ডাৱৰৰ মাজে মাজে পৰী এজনী ঘূৰি ফুৰিছিল। জীউমণিৰ বাঁহীৰ মাত শুনি একেবাৰে ওচৰ পালেহি। সোণাৰু জোপাত মনে মনে বহি বাঁহী বজোৱা শুনি থাকিল। পৰীজনী বাঁহী শুনিবলৈ সদায় অহা হ’ল।

 এদিন জীউমণিৰ বুঢ়া মাক-বাপেক হাল মৰি থাকিল। জীউমণি তেনেই অকলশৰীয়া হৈ পৰিল। কাম-বন কৰিব নজনা এলেহুৱা জীউমণিয়ে কিছু দিনলৈ একো নোখোৱাকৈ থাকিল। সি বাঁহীকে বজাই থাকিল। দিনে দিনে সি বল নোপোৱা হৈ আহিল। এদিন বিচনাত পৰিব লগা হ'লগৈ। সি বাঁহীও বজাব নোৱাৰা হ’ল।

 ইফালে বাঁহীৰ মাত নুশুনি পৰীজনীৰ বৰ বেয়া লাগিল। কিনো হৈছে বুলি বুঢ়ী এজনীৰ বেশলৈ চাবলৈ আহিল। তাৰ বিলৈ দেখি বৰ বেজাৰ পালে। মাক-বাপেকে এলেহুৱা কৰি থৈ যোৱাত খঙো উঠিল। জীউমণিক ভাল কৰি তুলিবলৈ পৰীয়ে মনতে ভাবিলে। তাক মাত দি ক’লে—“বোপাই, মই বৰ অকলশৰীয়া। বহু দূৰৰ পৰা আহিছোঁ, খাবলৈ কিবা এমুঠি দিবানে?”

 জীউমণিয়ে কলে– “আই, মই নিজেই খাবলৈ পোৱা নাই। ভিতৰত কি আছে চাওক গৈ।”

 পৰীয়ে দেখিলে টেকেলিত চিৰা, পিঠাগুৰি ভৰি আছে। জীউমণিক আনি খাবলৈ দিলেহি।দুদিনতে জীউমণি ভাল হৈ উঠিল। সি ভাবিলে ভালেই হ’ল আই মৰি গ’ল, এৱে মোৰ আই হৈ থাকক।

 এদিন বুঢ়ী বেশী পৰীয়ে বেমাৰৰ ভাও জুৰিলে। জীউমণিয়ে বৰ ভয় খালে। মাকৰ নিচিনাকৈ মৰি থাকে বুলি আল্‌-পৈচান্ ধৰিবলৈ ল’লে। এদিন বুঢ়ীয়ে বোলে– “যাচোন বোপাই, বাৰীত থকা কল আনগৈ, মোৰ বৰ কল খাবলৈ মন গৈছে।”

 জীউমণিয়ে ক’লে–“ হাবিৰে গোটেইখন জাৰণি হৈ আছে। যাওঁ কেনেকৈ?” বুঢ়ীয়ে ক’লে–“আকোঁৰা দা খন লৈ যা। হাবিবোৰ কাটি বাটটো উলিয়াই ল।”

 উপাই নেপায় সি তাকে কৰিলে। হাবিবন কাটি দিয়াত বাৰীখনত লোমালোমে লাগি থকা আম, কঠাল, লেতেকু আদি তাৰ চকুত পৰিল। কলগছত পকা-পকা কল