পৃষ্ঠা:মৰমিয়াল পৰীজনী.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
মৰমিয়াল পৰী জনী


দিশে গৈ এখন কাজলী নামৰ নৈ পাবা। তাৰ পাৰতে থকা হৰিহৰণ নামৰ কৃপণ বামুণজনৰ ঘৰত লগুৱা হোৱাগৈ। শোণিত, তুমি দক্ষিণ দিশে থকা জয়া নগৰলৈ যোৱা৷ তাত এজন অতি ধনী কিন্তু অকলশৰীয়া লোক আছে, তাতে থাকি তেওঁক সহায় কৰাগৈ। মই তোমালোকক তিনি মাহ সময় দিলোঁ। তিনি মাহৰ শেষত তোমালোক মোৰ ওচৰলৈ আহিবা।”

 গুৰুৰ দিহামতে তিনিও তিনি ফালে গ'ল।

 তিনিওজনে তিনি ঠাইত দিনবোৰ কটাবলৈ ধৰিলে। সনক নামৰ শিষ্যজনে ৰজাৰ জীৱন দেখি অকণো সুখী নহ’ল। সোণৰ পালেঙত শুইও নিশা ভাল টোপনি নাই। কোন সময়ত শত্ৰুৱে ৰাজ্য দখল কৰিবলৈ আহে তাৰে চিন্তা। পৰিয়ালৰ মাজতে ৰাজ সিংহাসনলৈ চকু। কোন দিনা ৰজাক বধি সিংহাসন লয় ঠিক নাই। নিতৌ এশটা কথা লৈ প্ৰজা সকল আহে। খাওঁতে বহোঁতে গাৰক্ষীৰ পহৰা। মহামন্ত্ৰীৰ কথামতে কাম কৰিব লাগে।

 কুশলেও কৃপণ বামুণৰ ঘৰত থাকি আচৰিত হ’ল। দান-দক্ষিণাৰে ঘৰ ভৰি থাকিলেও সদায় ফটা-ছিটা কাপোৰ আৰু লোণ-তেলেৰে ভাত মুঠি খায়। কয়– এতিয়াই খাই শেষ কৰিলে পিছলৈ কি কৰিবি। পিছ সদায় পিছ হৈ গৈয়ে থাকে। বাপেকৰ লগত মিলিব নোৱাৰি ডাঙৰ পুতেক দুটাই ঘৰ এৰি গুচি গৈছে। সৰু কেইটাক লৈ বামুণনীয়ে বৰ যাতনাকৰ জীৱন কটাব লগীয়াত পৰিছে।

 শোণিতৰো একে দশা। তাৰ চকু কপালত উঠিল– যদিও ধনী মহাজন বুলি সকলোৱে জানে– ঘৰৰ ভিতৰৰ বিলৈ নোহোৱা। মানুহজন ইমানেই এলেহুৱা যে ঘৰৰ লগুৱাটোৱে দিলে এমুঠি খায় নহ’লে লঘোনত কটায়। শোণিতে সোধাত ক’লে খেতি- মাটি থাকিলে কি হ’ব? বছৰি খেতি নোহোৱা হৈ আহিছে। গোহালিত গৰু পিছে গাখীৰ কিয় নাই বুলি ক’লে কয়– গৰুৱে গাখীৰ দিবলৈ এৰিছে। সেইদৰে গম পালে বাৰীৰ তামোল-পাণ বজাৰত বিকিবলৈ নিলেও দাম নেপায়।

 শোণিতৰ বুজিবলৈ বাকী নেথাকিল এলাহতে আনৰ ওপৰত এৰি দিয়াৰ কাৰণে ধনী হৈও বেচেৰাই ভিক্ষাৰী জীৱন কটাইছে। এনে জীৱনক শোনিতে ধিক্কাৰ দিলে।