পৃষ্ঠা:মৰমিয়াল পৰীজনী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
মৰমিয়াল পৰী জনী


 পেহীয়ে এটা বুদ্ধি পাঙিলে। এদিন মাখনক বাকী দুটাই নশুনাকৈ ক'লে– “তহঁত কেইটাৰ বৰ মিল নহয়নে?”

 মাখনে ক’লে–“সেইটোনো সুধিব লগা কথানে? সিহঁত দুটাৰ লগত মই জীৱন দিব পাৰো।” পেহীয়ে হাঁহি মাৰি ক’লে–“বৰ ভাল কথা। মই মোৰ মাটি-বাৰী সোপা সিহঁতৰ নামতে লিখি দিওঁ বুলি ভাবিছোঁ। এতিয়াৰ দৰে সিহঁতৰ সহায় সাৰথি হৈ থাকিবি। তই পিছে কেনে দেখ?”

 মাখনে একো নামাতিলে৷ তাৰ মনটো মৰি গ’ল। মাটিবাৰীৰ আশাতহে সি দিনে-নিশাই খাটি মৰিছিল। সি ভাবিলে–“বুঢ়ী কম নহয়।’ সেই দিনাৰ পৰা সি সেইফালে মুখকে নকৰা হ’ল। পেহীয়ে বাবনকো কৈ চালে। বাবনৰো পেটে পেটে বৰ খঙ উঠিল। ভদিয়া আৰু মাখনৰ নামত মাটিবাৰী দিবলৈ ওলোৱাত সিও নহা হ’ল।

 পেহীয়ে ভদাইকো কৈ চালে, “বোপাই, মইনো কেইদিন জীয়াই থাকিম। সম্পত্তি সোপা মাখন আৰু বাবনৰ নামতে লিখি দিওঁ। তই সিহঁতৰ লগতে লাগি ভাগি থাকিবি।” ভদাইয়ে বোলে–“পেহী বৰ ভাল কথা কৈছা। মই যিমান পাৰো সিহঁতক চাই দিম, চিন্তা নকৰিবা।” পেহীয়ে সুধিলে– “তোৰ আপত্তি আছে যদি ক। তোৰ নামতে লিখি দিওঁ।” ভদাইয়ে ক’লে–“মনত পৰা দিনৰে পৰা তুমি আইৰ দৰে চেনেহ দি আহিছা। লাগ বুলিলেই সকলো দিয়া। আৰু কি লাগিছে?”

 ৰমলা পেহীয়ে বৰ সন্তোষ পালে। ৰমলা পেহী আৰু বহু কাল জীয়াই থাকিল। এদিন গাঁৱৰ মুখিয়ালক মাতি আনি ৰাইজৰ আগত সম্পত্তি সোপাকে ভদিয়াৰ নামত লিখি দিলে। ভদাইয়ে বোলে–“পেহী, মোক অকলে গুৰু ভাৰটো দিয়া কিয়?” পেহীয়ে হাঁহি মাৰি ক’লে–“ধনৰ -মোহ থাকিলে মানুহে সৎ কাম কৰিব নোৱাৰে। সিহঁত দুটাই ধন সম্পত্তি সোপাহে চালে, কোনটো ঠিক কোনটো বিঠিক চাবই নেজানিলে।”

 ভদাইয়ে পেহীৰ নিচিনাকৈয়ে পেহীৰ মাটি-বাৰীবোৰ নিয়াৰিকৈ চলায় থাকিল। ভাল ছোৱালী এজনী চাই পেহীয়ে ভদাইৰ বিয়াখনো পাতি দিলে। সকলোটি সুখেৰে

খাই বৈ থাকিবলৈ ধৰিলে।♦