পদ্যমালা- প্ৰথম ভাগ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ প্ৰথম পৃষ্ঠা ]

পদ্যমালা।

প্ৰথম ভাগ।

৺পদ্মহাস গোস্বামী কৰ্ত্তৃক

বিৰচিত আৰু সংগৃহীত।

নগাঁও।


অষ্টম সংস্কৰণ।


কলিকাতা

নূতন আৰ্য্য যন্ত্ৰে

মুদ্ৰিত।

চৈত্ৰ ১৮০৫ শক।

[ ভূমিকা ]

প্ৰথম বাৰৰ ভূমিকা।

 মহামান্য লেপ্টেনেম্ণ্ট গবৰ্ণৰ শ্ৰীযুক্ত কাম্বেল সাহাবৰ অনুগ্ৰহত আমাৰ মাতৃভাষা বিদ্যালয় সকলত পঢ়াবলৈ আজ্ঞা দিছে। কিন্তু পুথি নোহোৱা গতিকে লৰা ছোৱালী বিলাকৰ পঢ়াৰ ক্ষতি হোৱা যেন-দেখি (নথকাৎকৈ বেয়াও ভাল এই ভাবি) নগাঁওৰ নৰ্ম্মাল স্কুলৰ পণ্ডিত যুক্ত দীনবন্ধু তৰ্কালঙ্কাৰ মহাশয়ৰ উৎসাহত এই ক্ষুদ্ৰ পুথিখনি স্কুলত ব্যবহাৰ হবা আশায়ে অসমীয়া ভাষাত ৰচনা কৰা গৈছে। ইয়াত অন্য অন্য কোন লোকৰো জ্ঞানগৰ্ভ পদ্য ৰচনা গ্ৰহণ কৰিছোঁ, আৰু যি সকলৰ পদ্য লোৱা হৈছে, তেঁও বিলাকৰ সংক্ষেপ নাম প্ৰত্যেক পদ্যৰ তলত দিয়া গৈছে। মই তেঁও বিলাকৰ পদ্যৰ কোনো অংশ পৰিবৰ্ত্তন অথবা একেবাৰে পৰিত্যাগ কৰিছোঁ। তাক যেন দয়া গুণে তেঁও বিলাকে মাৰ্জ্জনা কৰিব। যদি ক্ষুদ্ৰ পুথিখনিৰ দ্বাৰাই পাঠাৰ্থী লৰা চোৱালী বিলাকৰ অলপমানো উপকাৰ হয়, তেন্তে সকলো পৰিশ্ৰমৰ দুঃখ সফল বোধ কৰিম, ইতি।

নগাঁও।
১৮০০ শক
  শ্ৰীপদ্মহাস গোস্বামী।

[  ]

পদ্যমালা।

প্ৰথম ভাগ।

ঈশ্বৰলৈ সেৱা জনোৱা।

ষি জনে কৰিলে এই সংসাৰ সৃজন।
যিতো জগতৰ পিতৃ অনাদি কাৰণ॥
যাঁহাৰ কৃপাত পাই দুগোট নয়ন।
অপূৰ্ব্ব সংসাৰ এই কৰা দৰশন॥
নাক মুখ অদি কৰি কৰিছে প্ৰদান।
তেঁওৰ মঙ্গল কাৰ্য্য কৰিতে সাধন॥
কৃপা কৰি যি জনে দিলন্ত মতি মন॥
নিতান্তে কৰিছে সিবা বিপদে তাৰণ॥
যাঁহাঙ্ক চিন্তিলে মনে দুঃখ লয় হয়।
কৰিলে যাঁহাঙ্ক প্ৰেম হয় সুখোদয়॥

[  ]

সৰ্ব্বকালে অবিদিত একো নাই যাৰ।
দয়াৰ সাগৰ যিতো জগত আধাৰ॥
যাঁৰ দয়া অবলম্ব কৰি নৰগণ।
সহজে পাৱন্ত সুখে অনন্ত জীবন॥
সৰ্ব্বব্যাপী নিৰ্ব্বিকাৰ সদানন্দ ময়।
যোগীগণে ধ্যানে যাঁক ধৰিতে না পায়॥
পরুৱা পাপৰা আদি যত জীবগণ।
সতত যি জনে সমে কৰিছে পালন॥
যি জনৰ অনুগ্ৰহে লভিয়া জীবন।
সংসাৰত নানা সুখ পোৱা অনুক্ষণ॥
এ হেন প্ৰভুৰ প্ৰতি যুড়ি দুই হাত।
অকপট মনে সদা কৰা প্ৰণিপাত॥

বিনয়।

আপোনাক আপনি প্ৰশংসে যিতো জন।
জ্ঞানী সকলৰ মাঝে নিন্দাৰ ভাজন॥
আপোনাক জানে যিতো কৰিয়া সামান্য।
সভ্য সমাজত হয় সেই অগ্ৰগণ্য॥
যি জনে বিনীত ভাবে কৰে ব্যবহাৰ।
সমাদৰ পায় সিতো আগত সবাৰ॥

[  ]

সদগুণৰ শোভাকৰ হোৱন্ত বিনয়।
বিনয় ন হলে লোক শোভা ন পাৱয়॥
যদি বা হোৱয় লোক সদগুণপূৰিত।
অসামান্য বিদ্যা বুদ্ধি জগতে বিদিত॥
কিন্তু যদি সুবিনয় গুণ না থাকয়।
যত বিদ্যা বুদ্ধি সব ঘৃণিত হোৱয়॥
লোকে যদি প্ৰশংসা কৰন্ত সুবিহিত।
তথাপি বিনীত হোৱা নিতান্ত উচিত॥
সৰ্ব্বগুণ চূড়ামণি বিনয় ভূষণ।
পৰিধান কৰি কৰা সাৰ্থক জীবন॥

মাতৃস্নেহ।

আহা! কি অপূৰ্ব্ব স্নেহ, জননীৰ অন্তৰত,
বৰ্ণিবাক কাৰ সাধ্য আছে সংসাৰত।
মাতৃয়ে অসীম স্নেহ, প্ৰচাৰন্ত অনুক্ষণ,
দেখা কি না উপকাৰ হয় সংসাৰত॥

মাতৃয়ে পুত্ৰৰ হেতু, কত যে যন্ত্ৰণা সহে,
দশ মাস দশ দিন জঠৰত ধৰি।
যদি লৰা প্ৰসবিলে, মাকে তাৰ হেতু সদ',
অমৃত সমান স্তন দেন্ত মুখ ভৰি॥

[  ]

কত যে আখতি কৰে, তাকে। সহি মৰমত,
সৰ্বদা সুখত ৰাখে কৰি যতন।
লবাৰ বয়স যদি, সম্বৎসৰ যায় ভাব,
তিলেক ছাড়িতে তাক নোৱাৰে তেখন॥
টালিভুলি কৰি যেৰে, কন্তু আবাফুটা কথা,
আনন্দে ভবিসা যায মাতৰ হৃদয।
পুত্ৰৰ বাচিত যদি, হয় জ্বৰ নৰিযাদি,
দিনে ৰাতি পৰ দিযা যতন কৰা॥
যি পৰ্য্যন্ত সেই ৰেগ, এড়িযা পুত্ৰৰ দেহ,
নেযৱন্ত নাই সুখ মাতৃৰ মনত।
কিবা ভাত কিবা পাণি নাহি একো সুখশান্তি,
ওজা বেজ বিচাৰিা থকন্ত সতত।
পৰং দৈ7ে মাতৃৰযে, দুখ হন মাঘে ৭,
বাৰ্ণ ক ন পাৰন্ত বুদ্ধিমান জন।
যতন কবিযা তা , ঠ""যে পঠাবন্ত,
পঞ্চম বংসৰ তাৰ হোৱয যেখন॥
নিৰূপিত সময়ত, পুত্ৰ যদি নাসিলন্ত,
স্কুলৰ পৰা-কোন কাৰণ বশত।

[  ]

তেতিয়া মাতৃয়ে দুঃখে, দেখন্ত বাটৰ ফালে,
নেদেখিলে পুনু মগ্ন হোৱয় দুঃখত॥

আহোতে পুত্ৰৰ যদি, দেখন্ত মুখৰ বান,
আছঁলে মুছিয়া কৰে মুখক চুম্বন।
অতি মৰমেৰে পাছে, জলপান কৰাৱন্ত,
নিজ সন্নিধানে ৰাখে প্ৰিয় পুত্ৰ ধন॥

এক পাঠি মুখে বলি, শুনে পুত্ৰ গঢ়ে ভাল,
নিয়মিত সময়ত হয় উপস্থিত।
তেতিয়া মাতৃয়ে মনে প্ৰশংসন্ত আপোনাক,
পুত্ৰৰ স্বভাবে হৈয়া অতি আহলাদিত॥

যদি কাৰো মুখে শুনে, লৰাৰ কুৰীতি কথা,
সীমা ন থাকয় তেবে মাতৃৰ দুঃখৰ।
সেই ৰীতি দূৰহেতু, কত যে যতন কৰে,
কতবাৰ কৰে তাঙ্ক কত তিৰস্কাৰ॥

তথাপিতো পুত্ৰ যদি, নভৈলন্ত শুদ্ধমতি,
মাকে কি বিমুখ হয় স্নেহে কদাচিত।
কাচিত নোহয় সিতো, মাতৃৰ মনত সম,
কুপুত্ৰে সুপুত্ৰে আছে স্নেহ সুবিহিত॥

[  ]

পুত্ৰ যদি দূৰ দেশে, যান্ত কোন কাৰণত,
শৰীৰমাত্ৰক ধৰি থাকন্ত কেবল।
পত্ৰ বা লোকৰ মুখে,লৰাৰ শুভবাতৰি,
শুনিবাক হয় মন অত্যন্ত বিহ্বল॥

যদি অকুশল বাৰ্ত্তা, শুনন্ত লোকৰ মুখে,
নিতান্ত হোৱয় মাতা শোকতে আকুল।
অস্থিৰ হইয়া চিত্ত, দেখে সব শূন্যময়,
মুখৰ আকৃতি হয় যেন বাহি ফুল॥

পুত্ৰৰ কুশল বাৰ্ত্তা, শুনিলে কৰ্ণত তাৰ,
আনন্দে লোতক ধাৰা বহিতে থাকয়।
আনন্দ সাগৰে মজি, হাততে আকাশ পায়,
মনে বাৰম্বাৰ সুখ-সিন্ধু উথলয়॥

এহেন জননী যাঁৰ, বিহীন হোৱন্ত তাৰ,
ইজনম হয় মাত্ৰ বৃথায় ধাৰণ।
বিদ্যাহীনজন যেনে, লোকত ন পান্ত শোভা,
ফলহীনা বৃক্ষ যেনে নোহয় শোভন॥

পতিহীনা তিৰোতাৰ, কিছুমাত্ৰ নাই সুখ,
সুখৰ আকৰ হয় জননী বিশেষ।

[  ]

জননী-বিহীন জন, মহাদুঃখী মন্দভাগী,
চিৰকাল লাগি দুঃখ পৱন্ত অশেষ॥

এতেকে হে শিশুগণ, মাতৃধন বড় ধন,
পৃথিবীতে নাই অন্য মাতৃসম বন।
মাত বিনে মিছা সব, সংসাৰ অৰণ্য সম,
জানি যত্নে সেৱা কৰা মাতৃৰ চৰণ॥

বাল্যকালে বাধ্য হয়, বাল্যকালে বাধ্য হয়,
বৃদ্ধকালে মাতৃক ৰাখিযো সমাদৰে।
মাতৃ ঋণ বড় ঋণ, কোনো নাই পৃথিবীত,
এক দিবসৰ ঋণ পৰিশোধ কৰে॥

সি জনে পাৰন্ত কিছু, মাতৃৰ ধাৰ সুজিব,
সৰ্ব্বকালে থাকে বশম্বদ যেই জন।
আরু মৰণৰ পাছে, প্ৰাৰ্থনা পৰমেশ্বৰে,
কৰিতে পাৰয যিতো সেই মহাজন॥

নীতি কথা।

কৃপণ ধনীৰ পৰা দেশৰ কি সুখ।
থাকোক্‌ পৰৰ কথা নিজে সহে দুঃখ॥

[  ]

জীবন মরণ তাৰ উভযে সমান।
ইহ পৰ কালে তাৰ নাই গুণগান॥
সুখ নাই যদি মিছা কহন্ত সদাই!
সুখ নাই যদি সতী স্ত্ৰীৰ পতি নাই॥
যৌবনত বোগ হলে ন থাকয় সুখ।
অৰ্থহীন হলে হয মানীৰ অসুখ॥
ভোগহীন নিৰোগীৰ একো সুখ নাই।
সুখ নাই যি তিৰীত মনে প্ৰেম নাই॥
পৰাধীন জীবনত কিবা আছে সুখ।
কৃপণৰ সেবা হয় ততোধিক দুঃখ॥
স্বাধীনতা ন থাকয় করিলে চাকৰী।
পৰাপক্ষে ন কৰিবা কখন চাকৰী॥
অসুখৰ হেতু বহু বিবাহত হয়।
যাৰ আছে ভাবি চাওক হয় কি ন হয়॥
পর-গৃহ-বাসী যিতো হোৱয় সতত।
কেতিয়াও সুখ শান্তি না থাকে মনত॥
আনৰ বস্তুক লোভে হৱে অনুক্ষণ।
কেবল হোৱন্ত তাৰ দুঃখ অনুক্ষণ॥
বৃদ্ধৰ যুবতী ভাৰ্য্যা দুঃখৰ কাৰণ।
এতেকতে জানি শুনি কিবা আচৰণ॥

[  ]

জগতত বসতি কৰন্ত যত জন।
সকলোয়ে হয় এক পিতৃৰ নন্দন॥
পৰস্পৰে ভাই ভনী সম্বন্ধ হোৱয়।
সকলোকে প্ৰীতি কৰা উচিত নিশ্চয়॥
সকলোৰে ওচৰত সকলোৰে দোষ।
পৰম্পৰে* সংশোধিবা পৰস্পৰ দোষ॥


প্ৰকৃত মানুহ কাক বোলে?

সদাই মিছা কৈ ফুৰে পৰহিংসা কৰে।
ঈশ্বৰলৈ ভয় নাই ধনকে বিচাৰে॥
দুঃখীয়াৰ দুখ দেখি নকৰে যি দুঃখ।
দিনে ৰাতি ভাবে কেনে হব নিজ সুখ॥
পৰৰ যন্ত্ৰণা দেখি আনন্দ কৰয়।
কদাচিতো নৰ সিতো ন হয় ন হয়॥
ধীৰে ধীৰে খোজ কাঢ়ে মুৰুতি গহীন।
অশুচি শুচিৰ কথা বোলে ৰাতি দিন॥
দেখিলে পৰৰ দোষ নয়ন পকাই।
সিজনে নিজৰ দোষ কদাপি না চাই॥


  • পৰম্পৰ-ইটেসিটে। [ ১০ ]

মানুহক দিয়ে জ্ঞান আপুনি ন লয়।
প্ৰকৃত মানুহ সিতো ন হয় নিশ্চয়॥
চুৰ কৰা পাপ বলি সদা দিয়ে হাক।
ছল দেখিলেহে ঠগে যাকে পায় তাক॥
পেটত বিষৰ বাণ মুখত অমৃত।
ন হয় প্ৰকৃত লোক সিতো কদাচিত॥
মুখত ধম্মৰ কথা পেটত পাপৰ।
মিছা অহঙ্কাৰে কৰে উদৰ ডাঙ্গৰ॥
আনক ঔষধ দিয়ে নিজেই নৰিয়া।
বাজত বিলাই ঘৰে একো নাইকিয়া॥
লোকক যন্ত্ৰণা দিয়া নিজে সুখে ৰয়।
কদাচিতো লোক সিতো ন হয় ন হয়॥
গুরুনাম ধৰি জ্ঞান শিষ্যক নিদিয়ে।
ছলে, বলে, কলে, হ'লে, শিষ্যধন নিযে
আপুনি পাপৰ ৰজা পাপে মতি গতি।
আনৰ জগৰ পালে কৰন্ত দুৰ্গতি*[১]
ভুলাই শিষ্যৰ জ্ঞান চকু ঢাকি থয়।
কেতিয়াও লোক সিতো ন হয় ন হয়॥


  1. দুৰ্গতি-দুৰবস্থা।

[ ১১ ]

এই সংসাৰত আহি তেঁওক নেজানে।
যি কৰে সকলো সৃষ্টি আছে সৰ্ব্ব থানে॥
যি দিলে মৰম কৰি, ভৰি মুখ হাত।
যাৰ মৰমেৰে শুনে দেখে বোলে মাত॥
সি জনক এডি যিতো আন কথা কয়।
প্ৰকৃত মানুহ সিতে কদাপি ন হয়।
 বিঃ।

সৎলোকৰ সৰলতা গুণ এডিব
লগা ন হয়।

যাৰ হৃদয় সৰল,   যাৰ সত্যতা প্ৰবল,
 কৃতঘ্নৰ কাৰ্য্য তেঁও ন হয় বিকল॥
কোন এটা ঢেকুৰায়*   চরুহাড়ী লুৰি খায়,
 সকলো ন হয় তেনে প্ৰাণ যদি যায়॥
যি পায় উপকাৰ,   তাৰ কৰে অপকাৰ,
 সকলো কামতে হিতে বিপৰীত তাৰ॥
নানা যুক্তি দেখুৱাই,   শাস্ত্ৰে কয় ৰিঙ্গিয়াই,
 কৃতঘ্নৰ তুল্য পাপী ভূমণ্ডলে নাই॥

[ ১২ ]

সেই কৃতঘ্ন জনৰ,  চিত্ত অতি শোষকৰ,
 ঠিক্‌ঠাক্‌ কাটে মরুভূমি পটন্তৰ[১]
যত হয় বৰিষণ,  শুষি যায় তেতিক্ষণ,
 সদাই শুকান তাত নাই জলকণ॥
তাত ন জনমে তৃণ,  স্বাদু ফল শস্য হীন,
 মৰীচিকা[২] ভূমে মৃগ ভ্ৰমি অনুদিন॥
ঠিক্‌ তাৰ অনুসাৰ,  অকৃতজ্ঞ দুৰাচাৰ,
 সলাগ ন কৰে যত পায় উপকাৰ॥
শঠে দুৰ্ব্বল সময়,  থাকে আলম্বি আশ্ৰয়,
 পাছে বল বান্ধি কৰে ঘোৰ বিপৰ্য্যয়॥
হেন দুৰ্জ্জন জনাব,  সঙ্গ কৰি পৰিষ্কাৰ,
 সাধুগুণে ধুই চিত্ত কৰা পৰিষ্কাৰ॥
তাত ন হবা বিমন,  তাত ন হবা বিমন,
 ঈশ্বৰৰ প্ৰিয় কাৰ্য্য কৰা অনুক্ষণ॥
যাক কৰা উপকাৰ,  তাক নুবুলিবা ধৰি,
 দুঃখীয়াক কৰা দয়া সাধ্য অনুসাৰ॥
ভাল মন্দ অনুসাৰ,  ফল ভোগ হব তাৰ,
 ৰাপৰ শকতি নাই হাত এড়াইবাৰ॥


  1. পটন্তৰ-উপমা।
  2. মৰীচিকা -ৰদ পড়িলে বালীত জ্বল ভ্ৰম, মৃগতৃষ্ণা।

[ ১৩ ] 

যাৰ নাই ধন ধন,  তাৰ আছে বাক্যধন,
 তাৰেই পৰৰ হিত কৰিব সাধন।
যেয়ে তাকো নিবিলাই,  নিন্দিফুৰে অকথাই,
 তাৰ সম নৰাধম পৃথিবীতে নাই।
তাৰ নাই মুনিষাইʘ  তাৰ নাই মুনিষাই,
কৃতজ্ঞতা-ৰসে যাৰ মন তিতা নাই॥

শ্ৰীবঃ।


সত্যতা।

প্ৰাণপণে সত্য যি* পালন্ত সদাই।
সুখ্যাতিৰ পাত্ৰ হয় যাই যেই ঠাই॥
যি সব ধাৰ্ম্মিক লোক ধৰ্ম্মক পালয়।
ঈশ্বৰৰ প্ৰিয় পুত্ৰ সি সব হোৱয়॥
সত্যক পালোঁতা সাধু লোকৰ জীবন।
অল্প কৰি কওঁ শুনা তাৰ বিবৰণ॥
প্ৰহলাদ দৈত্যেন্দ্ৰ পুত্ৰ † সত্যপৰায়ণ।
কত কষ্ট ভোগিলন্ত সত্যৰ কাৰণ॥


ʘ মুনিষাই-মনুষ্যত্ব।

† দৈত্যেন্দ্ৰ-হিৰণ্যাক্ষ। [ ১৪ ]

সত্যনিষ্ঠ যুধিষ্ঠিৰ ধৰ্ম্মৰ নন্দন।
সত্যৰ নিমিত্তে তেঁৱো ভ্ৰমিলন্ত বন॥
সত্য হেতু যান বনে লক্ষ্মণ সংহতি।
দশৰথ পুত্ৰ ৰামচন্দ্ৰ মহামতি॥
চতুৰ্দ্দশ বৎসৰ ভ্ৰমিয়া বনে বনে।
পালন কৰিলে পিতৃ-বাক্য সযতনে।
শ্ৰীচৈতন্য, নবদ্বীপে হৈয়া আবিৰ্ভূত।
আচৰিলে সত্যধৰ্ম্ম অতি অদভুত॥
ঈশ্বৰৰ গুণামৃতে প্ৰেমিক হইয়া।
সংসাৰৰ মায়ামোহ সমস্ত তেজিয়া॥
দেশে দেশে ভিক্ষা করি কাটিলে জীবন।
হৃদয়ত ভাবি সদা নিত্য নিৰঞ্জন॥
সত্যপৰ যিশুখ্ৰীষ্ট আছিলে সুজন।
সত্যৰ নিমিত্তে তেৱোঁ তেজিলে জীবন॥
মহাদুষ্ট লোকে তাঙ্ক কত কষ্ট দিলে।
তথাপিতো কেতিয়াও সত্যক নেড়িলে॥
এক ৰজা আছিলন্ত বৰ্দ্ধমান ধামে।
সত্যবাদী জিতেন্দ্ৰিয় “ৰামমোহন” নামে।
পিতৃ মাতৃ ভাই বন্ধু গৃহ ৰাজ্য ধন।
সত্যৰ নিমিত্তে সব কৰিলে বৰ্জ্জন॥

[ ১৫ ]

ধন্য সেই ধন্য সাধু ধন্য মহাজন।
সত্যৰ নিমিত্তে যিতো কৰে প্ৰাণপণ॥
সত্যৰ মহিমা কত কৰিবো বৰ্ণন।
সত্যতাই ধৰ্ম্ম হয় জীবৰ ভূষণ॥
সত্যই সুখৰ মূল সত্যই জীবন।
ইহ পৰ কালে নাই সত্য সম ধন॥
সত্যত চলিলে হয় আনন্দ অপাৰ।
সত্যবাদী লোক হয় সুখৰ আধাৰ॥
সত্যতে সবাৰো হয় বিশ্বাসৰ স্থান।
সত্যই দুঃখৰ পৰা কৰে পৰিত্ৰাণ॥
সংসাৰত আছে যত যত নৰগণ।
সত্য বিনে কাৰো কতো নহ'ব তৰণ॥
সত্যৰ নাহিকে নাশ নাহিকতো ক্ষয়।
সকলো ঠাইতে হয় সত্যৰ বিজয়॥
সত্যৰ আধাৰ সেই প্ৰভু নিৰঞ্জন।
আমাসাক কৰিবন্ত সৰ্ব্বদা ৰক্ষণ॥
ভয় কি হে শিশুগণ? সবে সাঁচা সত্য।
প্ৰাণপণে কেতিয়াও ন কৰা অসত্য॥

[ ১৬ ]

দয়া।
দয়া অতি মনোহৰ।
যিতো দিয়ে যিতো লয়,   দুইৰো উপকাৰ হয়,
এহি সে কাৰণে দয়া অতি মনোহৰ॥
দয়া গুণৰ আধাৰ।
সব গুণ থাকে যাৰ,   দয়া যদি নাই তাৰ,
নাই জানা সেই সব গুণৰ আধাৰ।
দয়া সহজেতে পায়॥
আন বস্তু দান দিলে,   ঘূৰি একো নাহি মিলে,
দয়া দিলে জানা দয়া সহজেতে পায়॥
দয়া ঈশ্বৰৰ গুণ।
আমি সেই দয়া গুণে,   সুখ পাঁও পাৰোমানে,
সি কাৰণে হয় দয়া ঈশ্বৰৰ গুণ॥
দয়া মনৰ ভূষণ।
ইসে মন ব্যাপ্ত কৰে,   শত্ৰুকো বান্ধব কৰে,
কিবা চমৎকাৰ দয়া মনৰ ভূষণ॥
দয়া সংসাৰ শিকলি।
ইসে বান্ধে দেশ কাল   একো নাই মন্দ ভাল,
সন্ধি [১] নাই তেও দয়া সংসাৰ-শিকলি॥

জি. ৰ


  1. * সন্ধি-গাঁঠি।

[ ১৭ ]

জ্ঞান বিচার কৰাঁ॥

ধন জন যৌবনৰ গৰ্ব্ব কৰা মন॥
নাজানা নিমেষে হৰে সকলো শমন॥
এহি হেতু ৰিপু সব কৰিয়া দমন।
যাতে জ্ঞানোদয় হয় কৰাহাঁ তেমন॥
দিবাকৰ নিশাকৰ দীপ-শিখা আৰ।
নোৱাৰে নাশিব হৃদয়ৰ অন্ধকাৰ॥
জ্ঞানে পাৰে নাশিবাক মনৰ আন্ধাৰ।
জ্ঞানে সে পৰম জানা সুখৰ আধাৰ॥
হেৰা সখি? জ্ঞান বিনে সকলো অসাৰ।
জ্ঞান হয় সকলোৰে সুখৰ আধাৰ॥
জ্ঞানী লোক লোকান্তৰে কৰিলে গমন।
কীৰ্ত্তি তাৰ পৃথিবীতে কৰন্ত বমণ॥
হেন জ্ঞান শিক্ষা কৰিবাক যত্ন কৰা।
আলাস এড়িয়া জ্ঞানপথ অনুসৰা॥
সুনিৰ্ম্মল ৰত্ন বহু দেখিতে সুনাৰ।
আন্ধাৰ সমুদ্ৰ মাঝে গুপ্ত কলেবৰ॥
ফুটন্ত অনেক ফুল গহন কাননে।
সুগন্ধ বিনষ্ট কৰে বনৰ পবনে॥

[ ১৮ ]

এই রূপে সৰ্ব্বত্ৰেতে জ্ঞান পোৱা যায়।
অনুসন্ধানিলে পায় নহলে নাপায॥

জি.ৰ।




শীতকাল।


আহা শীত ঋতু। তুম মহানন্দ কাৰ।
দল বল লই, কিন্তু অতি সাবধানে॥
অজস্ৰে [১] আহিবা, সুখে নিজ ৰাজ্য লাগি
তুমি দুঃখ কৰা আসি, বৰিষার দুঃখ॥
আশা আমাসার এই, শীত মহামতি।
নদী অতি ভয়ঙ্কৰ, বৃষ্টি, জলধাৰা॥
পথ ধান্ ক্লেশকৰ, পৃথিবীত অতি।
তোমাৰ জানিয়া বাৰ্ত্তা, সমস্ত প্ৰকৃতি,[২]
থৰ থৰ কম্পমান হাসি মোৰ মনে॥
বৃষ্টি, মেঘ, বিযুলি থাকিছে আকাশত
পলাল,পীপৰা মহডাঁহ শঙ্কা কৰি॥
শালি ধানে পথাৰত, দেখাহি হাঁহিছে।
প্ৰফুল্লিত মন, কলা, মূলা, তৰকাৰী॥


  1. * অজস্ৰে-সদাই বা সহজে।
  2. † প্ৰকৃতি স্বভাব।

[ ১৯ ]

সুফল আমৰা আরু কমলা বগৰি।
দেখা বিতোপন, গছ, ভৰিয়া ৰহিছে॥
সূৰ্য্যকান্তি, গেন্ধাই বনজ কত ফুল।
বহিছে, পৰম হৰ্ষে, হাঁসি ফুলি ফুলি॥
নিব'ৰিব প্ৰতাপ, তোমাৰ, সুখী লোকে,
ধৰিয়া, কাপৰ জানা এড়িয়া কমলী॥
মহা বলবান্ তুমি, দুঃখীয়াৰ প্ৰতি।
‘‘জানু ভানু কৃষাণু” [১] ভৰসামাত্ৰ তাৰ॥
ৰাত্ৰিৰ প্ৰমাণ বড়, দিনৰ টাকৰ॥
বিৰহিৰ অসুখ, নতুবা মহা সুখী॥
শয্যা এড়া, মহাকষ্ট, প্ৰভাতৰ বেলা।
প্ৰভাতে যেতিয়া, দেখা, বিশেষ কুঁৱলী॥
অসম দেশত শীত! তুমি হোৱা বলী।
এই শীতে, দীৰ্ঘৰাত্ৰি পঢ়িবৰ কাল॥
ৰোগ পীড়া আদি দু খ, নেথাকে সমূলি।
হয় ভাল ই কালত, বোৱা কটা আদি॥
উদৰত ক্ষুধা সুসন্তোষ হৃদয়ত।
আহাঁ শীত! তোমাৰ ৰাজত্ব, মহাসুখী॥


  1. * জানু, ভানু, কৃষানু=আঠু, সূৰ্য্য, জুই।

[ ২০ ]

কিন্তু কোনো বৃক্ষ ই কালত, দুঃখী অতি।
পত্ৰ এড়ি এড়ি হয়, জীৰ্ণ কলেবৰ॥
আসিব বসন্ত ৰজা, মহানন্দ কৰি।
তাৰ বাৰ্ত্তা জানি তুমি, গৰ্ব্ব ন কৰিবা॥
বিষম দৈবৰ গতি এই সংসাৰত।
আহা! চিৰকাল প্ৰাণী একত্ৰে নেথাকে॥
আক দেখি, শিক্ষালোৱা, সকল জিজ্ঞাসু, [১]
জগদীশ মাত্ৰ বল, সমস্ত প্ৰকৃতি॥

জি, ব,।




বিদ্যা।


রূপতো অধিক বিদ্যা মানুহৰ হয়।
বিদ্যা হ'লে অসুন্দৰে সুন্দৰ হোৱয়॥
বিদ্যা হয় ভোগ যশ কল্যাণ আলয়।
পৰম গুরুৰ গুরু বিদ্যা হে নিশ্চয়।
পৰম দেবতা বিদ্যা কৰা আৰাধন।
বিদ্যা বিদেশ স্থানত হয় বন্ধুজন॥
ৰজাৰ আগত বিদ্যা দিয়ন্ত মৰ্য্যতা।
ধনৰ শকতি নাই জানা সাৰ কথা॥


  1. * জিজ্ঞাসু - সুধাৰু।

[ ২১ ]

ভাই ভাগী থাকিলেও অংশ নোহৱয়।
হাজাৰ লোককো দিলে তেও নাই ক্ষয়॥
চোৰেও নোৱাৰে যাক চুৰি কৰিবাক।
লোকত বিলালে হয জানিবা অনেক॥
সকলোত হন্তে হয় বিদ্যা তে প্ৰধান।
আরু কোন জ্ঞান নাই বিদ্যাৰ সমান॥
পশু তুল্য হয় হ'লে বিদ্যাহীন জন।
হেন জানি বিদ্যা শিক্ষা কৰা শিশুগণ॥

ঈশ্বৰ সৰ্ব্বজান।

মিছা কথা কোৱা যদি লোকে বুজ পায়।
সকলোৰ ওচৰত অবিশ্বাসী হয়॥
চুৰ কৰি কেনেবাকৈ যদি ধৰা পৰে।
দণ্ডনীয় হয় সিতো ৰজাৰ বিচাৰে॥
পৰধন পৰতিৰী কৰিলে হৰণ।
দেখা পালে দণ্ড যোগ্য হব সি কাৰণ॥
ধৰ্ম্মকৰ্ম্ম একো যদি নামানে কিঞ্চিত।
জানলে নাস্তিক বুলি নিন্দে যথোচিত॥
কিন্তু ঘোৰ মাঝনিশা নিৰ্জ্জন কালত।
নিদ্ৰাত থাকন্ত যেবে সমস্ত জগত॥

[ ২২ ]

তেতিয়া তো নাই ৰাজভয় লোক ভয়।
অবশ্যে কৰিব পাৰে যি যি ইচ্ছা হয়॥
ভাই বন্ধু আদি কৰি কেৱে নেদেখয়।
মাঝ নিশা কুকৰ্ম্মত কোৱা কিবা ভয়॥
কিন্তু মূঢ়মতি মন' হোৱা সাবধান।
সেই সময়ত আছে জাগ্ৰত এজন॥
সৰ্ব্বজান হয় তেঁও সকলোকে জানে।
তাৰ চকু আছে ঘোৰ নিৰ্জ্জন কাননে॥
সমস্ত সংসাৰ মাঝে যি ঘটনা হয়।
সকলোকে জানে সেই প্ৰভু দয়াময়॥
দোষীও নিৰ্দ্দোষী হয় ৰাজ বিচাৰত।
নিদ্দোষীও দোষী হয় ফাঁ‌কিৰ বলত॥
কত লোকে ঘোৰ মহা পাপ কৰ্ম্ম কৰি।
মিছা সাক্ষী দিয়া যায় বিচাৰত সাৰি।
কিন্তু মিছা সাক্ষী প্ৰবঞ্চনা আদি যত
নাখাটন্ত ঈশ্বৰৰ ন্যায় বিচাৰত॥
নিৰ্দোষী যি হব সিতো সুখক পাৱয়।
পাপীৰ উচিত শাস্তি অন্যথা নহয়॥
কাৰ সাধ্য সাৰে ঈশ্বৰৰ বিচাৰত।
এতেকতে সত্যপথ ধৰিযো সতত॥

[ ২৩ ]

শিক্ষকলৈ ভক্তি প্ৰকাশ কৰা।

প্ৰাণপণে কৰি যত্ন, প্ৰাণপণে কৰি যত্ন,
শিখাৱন্ত বিদ্যা ৰত্ন যিতো অনুক্ষণ।
কেবল তেঁওৰ শ্ৰমে, কেবল তেঁওৰ শ্ৰমে,
লভিয়াছা বিদ্যাৰত্ন যিতো মহাধন॥
তোমাৰ কুশল হেতু, তোমাৰ কুশল হেতু,
জ্ঞানযুক্ত হিতকাৰী দেন্ত উপদেশ॥
জ্ঞান লভি যাঁৰ মুখে, জ্ঞান লভি যাঁৰ মুখে,
শান্তি সুখ পোৱা তুমি মনত অশেষ॥
পিতৃয়ে জনম দিযে, পিতৃয়ে জনম দিয়ে,
কিন্তু হিতাহিত জ্ঞান শিক্ষকে দিৱয়।
জ্ঞান বিনে সংসাৰত, জ্ঞান বিনে সংসাৰত,
মনুষ্য জীবনে সুখ কদাপি নোহয়॥
হেন জ্ঞান দিয়ে যিতো হেন জ্ঞান দিয়ে যিতো,
কেতিয়াও নাজানিবা সাধাৰণ জন।
উপকাৰ মনে স্মৰি, উপকাৰ মনে স্মৰি,
কৃতজ্ঞতা ফুল তাঙ্ক কৰিয়ো অৰ্পণ॥
সংসাৰত দেখা তুমি, সংসাৰত দেখা তুমি,
জ্ঞানৰ অভাবে কত ঘটিছে যন্ত্ৰণা।
পিতৃ মাতৃ নাহি মানে, পিতৃ মাতৃ নাহি মানে,
নৰহত্যা আত্মহত্যা কত যে ঘটনা॥

[ ২৪ ]

যিবা জ্ঞান শিকি তুমি, যিবা জ্ঞান শিকি তুমি,
ই সবৰ হাত সাৰি কটোৱা জীবন॥
হেন জ্ঞানদাতা জনে, হেন জ্ঞানদাতা জনে
কেতিয়াও নহবাহাঁ অকৃতজ্ঞ [১]
মন॥



কানি বা আফিঙ্গ।


আফিং অতি মন্দ বস্তু খাৱন্ত অজ্ঞানী।
তাৰ ফল দেখোহোঁ কেবল মাত্ৰ হানি॥
সকলোযে জানে বেয়া বস্তু হয় কানি।
কানিয়াৰ কথা হয় প্ৰায় অপ্ৰমাণি॥
কানি, ভাঙ্গ ফটিকা, এই সকলো নষ্ট।
তাক যি যি লোকে খায় পায় মহকষ্ট॥
অল্প অল্প কৰি খান্ত নুশুনে মনত।
পিছে হাত দিয়ে তাৰ সঞ্চিত ধনত॥
একো লাভ ন পাৱন্ত ৰাগি থাকে ধৰি।
বন বাৰি ন কৰি কেবল থাকে পড়ি॥
এই রূপে খাৱন্তে ধনৰ পৰে ওৰ।
একো উপায নেপাই পিছে হয় চোৰ॥


  1. * অকৃতজ্ঞ−উপকাৰ অস্বীকাৰী।

[ ২৫ ]

চোৰ কৰ্ম্ম কৰি পাছে এই ফল পায়।
ৰাজ বিচাৰত সিতো ফাটকক যায়॥
কিছু দিন থাকে তাত অতি দুঃখ খায়।
অনেক যাতনা পাই কতো মৰি যায়॥
পৰকালে গতি তাৰ কি হব বিলাই [১]
যথোচিত ফল পাব ঈশ্বৰৰ ঠাই॥
কানি আদি ৰাগি বস্তু খালে এহি ফল।
আক খাই ন কৰিবা জীবন নিষ্ফল॥
জানি যত্নে কেতিয়াও নাদৰিবা কানি।
ঈশ্বৰৰ আজ্ঞা পালা এহি সত্য বাণী॥
পৃথিবীতে জ্ঞানী হবা পাবা সাধু সঙ্গ।
প্ৰেমত ঈশ্বৰ ভজি পাবা মহা ৰঙ্গ॥
মৰণত নাথাকিব ভয়ক নিশ্চয়।
অনন্ত সুখক পাবা পৰকালে যায়॥



ঈশ্বৰৰ মাহাত্ম্য।


সৃজন পালন লয়,  যি জনৰ পৰা হয়,
  যিতো শুদ্ধ নিত্য নিৰঞ্জন।


  1. * বিলাই − দশা।

[ ২৬ ]

তেঁওৰ আজ্ঞাক ধৰি   সূৰ্য্যে সংসাৰক পূৰি,
  ৰশ্মি দিয়া কৰন্ত ৰঞ্জন।
চন্দ্ৰ আদি গ্ৰহ যত,   সদা তাঁৰ নিয়মত,
  আকাশত ভ্ৰমে অনুক্ষণ।
এতেকে হে মূঢ় মন।   স্মৰা তাঙ্ক প্ৰতিক্ষণ,
  সেই জন জগত-কাৰণ॥১॥
ছয় ঋতু কাল ক্ৰমে,   যাঁৰ নিয়মত ভ্ৰমে
  পৃথিবী ঘুৰিছে অনুক্ষণ।
যাঁৰ কৌশলৰ বলে,   জীবগণ সদা চলে,
  বাঢ়ন্ত অচল জীবগণ॥
দেখা যাৰ অনুগ্ৰহে,   এই ক্ষুদ্ৰ নৰ দেহে,
  থাকে বল বুদ্ধি বিদ্যমান।
এতেকে হে মূঢ় মন!   স্মৰা তাঙ্ক প্ৰতিক্ষণ,
  সেইজন জগত প্ৰধান॥২॥
মানুহৰ সাজা যদি,   দেখে কল যন্ত্ৰ আদি,
  প্ৰশংসন্ত কৰোতা জনক।
কিন্তু ই ব্ৰহ্মাণ্ড কল,   দেখিয়াও জীব দল,
  কিয়নু পূজয় ঈশ্বৰক॥
এহেন ক্ষমতা আৰ,   কোৱাচোন্ আছে কাৰ,
  বিনে সেই করুণা-নিধান।

[ ২৭ ]

এতেকে হে মূঢ় মন!   স্মৰা তাঙ্ক প্ৰতিক্ষণ,
  সেই জন জগত প্ৰধান॥৩॥
পুত্ৰাদিৰ স্নেহৰস,   যি হতে জগত বশ,
  আৰু দিবা ৰাতি আহে যায়।
বিষয় সুখৰ আশে,   স্ত্ৰী পুরুষ সহবাসে,
  দেহ সমে জীব জন্ম হয়॥
আশ্চৰিত এই সব,   ভাবিলে যি জ্ঞান হব,
  প্ৰকাশিব নোৱাৰোঁ কখন।
এতেকে হে মুঢ় মন!   স্মৰা তাঙ্ক প্ৰতিক্ষণ,
  সেই জন জগত কাৰণ॥৪॥
সাকাৰ বুলিয়া আঙ্ক,   স্মৰণ কৰিলে তাঙ্ক,
  অনাদি অনন্ত বোলা টান।
যদি কাশী বৃন্দাবন,   ঘৰ তাঁৰ হয় মন
  সৰ্ব্বব্যাপী নাহয় কখন॥
তীৰ্থ যাত্ৰা পৰিশ্ৰম,   সকলো মনৰ ভ্ৰম,
  সাৰ মাত্ৰ প্ৰভু নিৰঞ্জন।
এতেকে হে মূঢ় মন!   স্মৰা তাঙ্ক প্ৰতিক্ষণ,
  সেই জন জগত কাৰণ॥৫॥
যাঁৰ শুভ আদেশত,   জুই জ্বলি জগতত,
  মানুহৰ সাধে উপকাৰ।

[ ২৮ ]

সৰ্ব্বদা বতাহ বয়,   ফল শস্য জন্ম হয়,
  পৃথিবীৰ মাঝে নিৰন্তৰ॥
পিতৃ মাতৃৰ মনত,   স্নেহ দিলে যথাবত,
  যি স্নেহত পালিত সন্তান।
এতেকে হে মূঢ় মন!   স্মৰা তাঙ্ক প্ৰতিক্ষণ,
  সেই জন জগত প্ৰধান॥৬॥
গেন্ধাই যুতি বকুল,   আদি যত আছে ফুল,
  ফুলি ফুলি গুণ প্ৰকাশয়।
পক্ষি সবে মাতমাতি,   মৃদু স্বৰে দিনে ৰাতি,
  ব্ৰহ্ম গুণ দিয়ে পৰিচয়॥
প্ৰত্যেকৰ অন্তৰত,   স্নেহ দিছে নীতিমত,
  তাঙ্ক জানিবাক আরু জ্ঞান।
এতেকে হে মূঢ় মন!   স্মৰা তাঙ্ক প্ৰতিক্ষণ,
  সেই জন জগত প্ৰধান॥৭॥



ধাৰ্ম্মিক লোকৰ দুঃখতো সুখ।


যি সব পৰম ভক্ত ঈশ্বৰৰ হয়।
তাঁৰ আজ্ঞা শিৰে ধৰি থাকিব নিশ্চয়॥
মৰণতো সি সবৰ ন হব সংশয়।
মুক্তিৰ আহলাদে সিতো থাকিব নিৰ্ভয়॥

[ ২৯ ]

ঈশ্বৰৰ হেতু যদি ভুঞ্জি থাকে দুঃখ।
তাকো সহি সিতো জনে কৰিৱন্ত সুখ॥
পৰম আনন্দ কথা মনত পড়িব।
প্ৰভুৰ প্ৰেমত মন মজিয়া থাকিব॥
অকপট প্ৰেমে যিতো ভক্তিত থাকিব।
অনন্ত সুখক পৰকালত লভিব॥
ভুঞ্জোক অনেক দুঃখ পড়ি সংসাৰত।
তথাপি ধৰ্ম্মৰ সুখ পাৱন্ত মনত॥
ঈশ্বৰত যাৰ মন সৰ্ব্বদা থাকয়।
সাংসাৰিক দুঃখে কিবা কৰিতে পাৰয়॥

যথাৰ্থ বন্ধু।

যি জনে পাপৰ পৰা কৰি নিবাৰণ।
শুভকাৰ্য্য কৰিবলৈ দেন্ত অনুক্ষণ॥
দোষক গুপুত কৰি গুণ প্ৰকাশয়।
বিনয় ভাৱেৰে সদা দোষ সংশোধয়॥
দুঃখে দুঃখী সুখে সুখী হোৱন্ত যি জিন।
কপট এড়িয়া কৰে মঙ্গল সাধন॥
প্ৰাণান্তে বিপদে নেড়ে একে ভাবে ৰয়।
পৃথিবী মাঝতে সত্য বন্ধু সেই হয়॥

[ ৩০ ]

হেন বন্ধু সঙ্গে যাৰ বসতি সদাই।
প্ৰতি দিন সুকমলমে[১]দিন তাৰ যাই॥

পরাধীন আৰু স্বাধীন।

পৰাধীন জীবনৰ হয় অতি দুঃখ।
তিলেকো মনত তাৰ নাথাকয় সুখ॥
সময়ত খোৱা বোৱা পিন্ধা উৰা কৰি।
থাকিব নোৱাৰে সিতো ইচ্ছা অনুসৰি॥
বিশ্বাসৰ অনুসাৰে কামক কৰিব।
নোৱাৰিয়া মনোদুঃখে দিনক যাপিব॥
সি জনে সত্যক সত্য বুলিব নোৱাৰে।
লোকৰ মনক চাই ”হুই নুই” কৰে॥
সুখৰ না থাকে সীমা হইলে স্বাধীন।
আত্মবশে থাকি সদা কটাৱন্ত দিন॥
বিশ্বাসৰ মতে চলি সত্যৰ পথত।
ইহ পৰ কালে সুখ লভে যথাবত॥
কাম ক্ৰোধ লোভ আদি যত ৰিপুচয়।
নিজ বশে ৰাখি ভুঞ্জে [২] সুখক অক্ষয়॥

[ ৩১ ]

লাজ বা লজ্জা।

লজ্জাৰ মহিমা সব জগত বিদিত।
লজ্জাৰ গুণত হয় মানুহ শোভিত॥
বলিয়াৰ মাঝে গণ্য লজ্জাহীন জন।
লজ্জা হয় মানুহৰ শৰীৰ ভূষণ॥
সব গুণ আছে যদি ন থাকয় লাজ।
সভ্য সমাজৰ পৰা সিতো হয বাজ॥
লাজ যাৰ নাই— তাৰ না থাকে সদগুণ।
কুকৰ্ম্ম কৰিতে মাত্ৰ হোৱয় নিপুণ॥
লজ্জাহীন হ’লে সভ্য কদাপি নোহয়।
বেয়া ব্যবহাৰ ক্ৰমে দিনে দিনে হয়॥
কেতিয়াও সুখ নাই নিলাজ যি জন।
কুকৰ্ম্মত অনুৰক্তি বাঢ়ে অনুক্ষণ॥
যি মানুহে লাজ ভয় না ৰাখে কিঞ্চিৎ
সি কি জ্ঞান লভি সুখী হব কদাচিত?
কুকৰ্ম্ম-বাধক লজ্জা জানিবা নিশ্চয়।
আক এড়ি মহাপাপী দুৰাচাৰী হয়॥
অযুক্ত অকাৰ্য্য কৰি হোৱা যে লজ্জিত।
লাজৰ তাৎপৰ্য্য ইতো নোহয় নিশ্চিত॥

[ ৩২ ]

লাজ হানি হব পাৰে কৰিলে যি কৰ্ম্ম।
তাত হন্তে ক্ষান্ত থাকা লজ্জাৰ সুমৰ্ম্ম॥
বেয়া কথা মুখে আনি একো ন কহিব।
মিটা কথা মুখে কই লাজক ৰাখিব॥
সকলো কামতে লজ্জা কৰা অবিহিত।
বুঝি লাজ ৰাখি কাৰ্য্য কৰা নিয়মিত॥
যদ্যপিও লজ্জা হয় নৰৰ ভূষণ।
কিন্তু অনুচিত লজ্জা নিতান্ত দূষণ॥

বুদ্ধি আৰু বিবেচনা।

বস্ত বিলাকৰ মূল তত্ত্ব জানিবাক।
বুদ্ধি বিবেচনা হয় অতি আবশ্যক॥
এই বিবেচনা কৰি জগতকাৰণে [৩]
বুদ্ধি বিবেচনা দিলে মানুহৰ মনে॥
দোষযুক্ত বুদ্ধিকেই বোলে দুষ্ট-বুদ্ধি।
যাৰ ক্ষয় হলে হয় সুবুদ্ধিৰ বৃদ্ধি॥
বুদ্ধিৰ উন্নতি বহু কাৰণত হয়।
পুথীক পড়িলে যেন জ্ঞানৰ উদয়॥


  1. * সুকমলমে-নিৰ্ব্বিয়ে।
  2. † ভুঞ্জে -ভোগ কৰে।
  3. * জগতকারণে=ঈশ্বৰে।

[ ৩৩ ]

বহুদৰ্শী সুধীৰ জনৰ উপদেশ।
উন্নতি হোৱয় ললে বুদ্ধিৰ অশেষ॥
সাধুসঙ্গ গন্থপাঠে হয জ্ঞান বৃদ্ধি।
মাৰ্জ্জিত হইলে পাছে হয বুদ্ধি শুদ্ধি॥
এলাহাদি হলে বুদ্ধি ক্ৰমে নষ্ট হয়।
সব বিদ্যা বুদ্ধি আৰু জ্ঞান হ্ৰাস পায়॥
নিয়মিত তৰ্ক আৰু কৰিযা বিচাৰ।
বুদ্ধিৰ উন্নতি হয অশেষ প্ৰকাৰ॥
উন্নতি হইযা যেবে বুদ্ধি স্থিৰ হব।
জানিতে পাৰিব তেবে বেযা ভাল সব॥
জগতৰ কাৰ্য্য সব কৰি আলোচন।
বুদ্ধি বিবেচনা দুইকো কৰিব চালন॥
অভ্ৰান্ত [১]সংসাৰ শাস্ত্ৰ পঢ়ি অনুক্ষণ।
বৃদ্ধিক কৰিব তীক্ষ্ণ বুদ্ধিমন্ত জন॥



ঈশ্বৰৰ নিয়ম লঙ্ঘিলে মূৰ্খত্ব প্ৰকাশ পায।


স্ৰজন পালন কৰ্ত্তা ব্ৰহ্ম সনাতন।
নিযমে সবাকো ৰাখি কৰন্ত পালন॥


  1. * অভ্ৰান্ত—ভুল নোহোৱা

[ ৩৪ ]

জগতত যি নিয়ম কৰিলে স্থাপন।
সেই অপুসাৰে চলি আছে জীবগণ॥
ভৌতিক [১] নিয়মে ৰাখি আচন্ত সবাক।
কাৰো শক্তি নাই সেই বিধি লঙ্ঘিবাক।
একেভাৱে আছে কত হাজাৰ বৎসৰ॥
তথাপি তিলেকো তাত নাই ব্যভিচাৰ।
মানুহ স্বাধীন ভৈল সবাৰো মাঝত।
উচিত সতত থকা তাঁৰ নিয়মত॥
কাৰ সাধ্য সেই বিধি কৰিতে লঙ্ঘন।
লঙ্ঘিলে স্বাধীন বলে দুঃখ অনুক্ষণ॥
তেওৰ নিয়ম সব কৰিলে পালন।
সন্তোষত মগ্ন হয় মানুহৰ মন॥
হেন বিধি লঙ্ঘিবাক যি কৰে যতন।
মূৰ্খত্ব প্ৰকাশ মাত্ৰ পায় প্ৰতিক্ষণ॥



অহঙ্কাৰ।


মষ বড় ময় বড় কোনো নাই আৰ।
মোৰ সম কোন আছে পৃথিবী ভিতৰ॥


  1. * ভৌতিক—পৃথিবী, অপ্ তেজঃ মৰুৎ, ব্যোম এই
    পঞ্চভূত সম্বন্ধীয়।

[ ৩৫ ]

বিদ্যা বুদ্ধি জ্ঞান আছে কাৰ মোৰ সম।
মোৰ ওচৰত হয় সকলো অধম॥
অহঙ্কাৰী এই কথা ভাবন্ত মনত।
জগতক তৃণ সম মানয় সতত॥
সৰ্ব্বদা ফুৰন্ত গাক চাই আপোনাৰ।
গুরুজন দেখিও ন কৰে নমস্কাৰ॥
কাৰো সঙ্গে ন কৰন্ত কথোপকথন।
ধৰ্ম্ম কৰ্ম্ম একো মনে ন কৰে চিন্তন॥
এনে লোকে যদি ভাগ্যে পান্ত উচ্চ পদ।
শত লক্ষ গুণে বাঢ়ে তাৰ গৰ্ব্বমদ॥
হেন অহঙ্কাৰী লোক জগতে নিন্দিত।
সবাৰো অপ্ৰিয় হৈয়া থাকে পৃথিবীত॥
ঈশ্বৰৰ আগে দোষী অহঙ্কাৰী জন।
তাৰ ফল পাব মৃত্যু মিলিবে যেখন॥
অহঙ্কাৰ মহাৰিপু শাস্ত্ৰৰ বচন।
আক জানি অহঙ্কাৰ এড়া অনুক্ষণ॥

অহিংসা।

যত জীব জন্তুগণ আছে পৃথিবীত।
কাৰো প্ৰতি দ্বেষ কৰা নোহয় উচিত॥

[ ৩৬ ]

যত অতি ক্ষুদ্ৰ প্ৰাণী আছে অগণন।
কেতিয়াও হিংসা ন কৰিবা অকাৰণ॥
সকলো প্ৰাণীৰ আছে সাংসাৰিক জ্ঞান।
সকলোয়ে সুখ দুঃখ ভোগন্ত সমান॥
বলিষ্ঠ বুলিয়া মনে যদি কদাচিত।
দুৰ্ব্বল প্ৰাণীক বধা হইয়া গৰ্ব্বিত॥
তেন্তে এই বিবেচনা ভাবিচোৱা মনে।
তেতিয়ানো তুমি কিবা ভাবিবা সঘনে॥
যদি কোন আসি মহা বলৱন্ত জন।
তোমাসাৰ প্ৰতি কৰে এনে আচৰণ॥
এতেকতে এই চিন্তা কৰি অনুক্ষণ।
কেতিয়াও ন কৰিবা হিংসা অকাৰণ॥
হিংসাভাব এড়ি সদা কৰা ব্যবহাৰ।
সকলো লোকক দেখা সম আপনাৰ॥
হিংসা অতি মহাপাপ জানিবা নিশ্চয়।
আপনা আপুনি তাৰ প্ৰতিফল পায়॥
দেখিলে পৰৰ শ্ৰী অন্তৰ দহয়।
দিনে ৰাতি সুখ নাই হিংসাত মৰয়॥
আত কৰি আছে আরু কিবা প্ৰতিফল।
যেনে পাপ তেনে তাৰ পায় প্ৰতিফল॥

[ ৩৭ ]

পৰস্পৰে শাস্ত্ৰৰ নাহিক এক মত।
কিন্তু এক মত হয় এই বিষযত
“অহিংসা পৰমোধৰ্ম্মঃ” এই সত্য হয
কায মনে অহিংসাক কৰিযো আশ্ৰয [১]


সমাপ্ত।


  1. * মানুহ শ্ৰেষ্ঠ জীব এতেকে মানুহৰ কোনো কাৰ্য্যত
    বিশেষ প্ৰয়োজন হলে প্ৰাণী হত্যা কৰাত একো দোষ
    দেখা নাযায়। কিন্তু অকাৰণত প্ৰাণী বধ কৰা হ'লে
    দূষণীয।

PRINT AND PUBLISHED BY G. M. Doss AT THE NEW ARYA PRESS,
13 I Bhowana Churn Dutt's Lane Calcutta.

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )