পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩২)

লাজ হানি হব পাৰে কৰিলে যি কৰ্ম্ম।
তাত হন্তে ক্ষান্ত থাকা লজ্জাৰ সুমৰ্ম্ম॥
বেয়া কথা মুখে আনি একো ন কহিব।
মিটা কথা মুখে কই লাজক ৰাখিব॥
সকলো কামতে লজ্জা কৰা অবিহিত।
বুঝি লাজ ৰাখি কাৰ্য্য কৰা নিয়মিত॥
যদ্যপিও লজ্জা হয় নৰৰ ভূষণ।
কিন্তু অনুচিত লজ্জা নিতান্ত দূষণ॥

বুদ্ধি আৰু বিবেচনা।

বস্ত বিলাকৰ মূল তত্ত্ব জানিবাক।
বুদ্ধি বিবেচনা হয় অতি আবশ্যক॥
এই বিবেচনা কৰি জগতকাৰণে [১]
বুদ্ধি বিবেচনা দিলে মানুহৰ মনে॥
দোষযুক্ত বুদ্ধিকেই বোলে দুষ্ট-বুদ্ধি।
যাৰ ক্ষয় হলে হয় সুবুদ্ধিৰ বৃদ্ধি॥
বুদ্ধিৰ উন্নতি বহু কাৰণত হয়।
পুথীক পড়িলে যেন জ্ঞানৰ উদয়॥


  1. * জগতকারণে=ঈশ্বৰে।