পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১৩ )

যাৰ নাই ধান ধন,  তাৰ আছে বাক্যধন,
 তাৰেই পৰৰ হিত কৰিব সাধন।
যেয়ে তাকো নিবিলাই,  নিন্দিফুৰে অকথাই,
 তাৰ সম নৰাধম পৃথিবীতে নাই।
তাৰ নাই মুনিষাই[১]  তাৰ নাই মুনিষাই,
 কৃতজ্ঞতা-ৰসে যাৰ মন তিতা নাই॥

শ্ৰীবঃ।


সত্যতা।

প্ৰাণপণে সত্য যি পালন্ত সদাই।
সুখ্যাতিৰ পাত্ৰ হয় যাই যেই ঠাই॥
যি সব ধাৰ্ম্মিক লোক ধৰ্ম্মক পালয়।
ঈশ্বৰৰ প্ৰিয় পুত্ৰ সি সব হোৱয়॥
সত্যক পালোঁতা সাধু লোকৰ জীবন।
অল্প কৰি কওঁ শুনা তাৰ বিবৰণ॥
প্ৰহলাদ দৈত্যেন্দ্ৰ পুত্ৰ [২] সত্যপৰায়ণ।
কত কষ্ট ভোগিলন্ত সত্যৰ কাৰণ॥

  1. মুনিষাই-মনুষ্যত্ব।
  2. দৈত্যেন্দ্ৰ-হিৰণ্যাক্ষ।