পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২)

সেই কৃতঘ্ন জনৰ,  চিত্ত অতি শোষকৰ,
 ঠিক্‌ঠাক্‌ কাটে মরুভূমি পটন্তৰ[১]
যত হয় বৰিষণ,  শুষি যায় তেতিক্ষণ,
 সদাই শুকান তাত নাই জলকণ॥
তাত ন জনমে তৃণ,  স্বাদু ফল শস্য হীন,
 মৰীচিকা[২] ভূমে মৃগ ভ্ৰমি অনুদিন॥
ঠিক্‌ তাৰ অনুসাৰ,  অকৃতজ্ঞ দুৰাচাৰ,
 সলাগ ন কৰে যত পায় উপকাৰ॥
শঠে দুৰ্ব্বল সময়,  থাকে আলম্বি আশ্ৰয়,
 পাছে বল বান্ধি কৰে ঘোৰ বিপৰ্য্যয়॥
হেন দুৰ্জ্জন জনাব,  সঙ্গ কৰি পৰিষ্কাৰ,
 সাধুগুণে ধুই চিত্ত কৰা পৰিষ্কাৰ॥
তাত ন হবা বিমন,  তাত ন হবা বিমন,
 ঈশ্বৰৰ প্ৰিয় কাৰ্য্য কৰা অনুক্ষণ॥
যাক কৰা উপকাৰ,  তাক নুবুলিবা ধৰি,
 দুঃখীয়াক কৰা দয়া সাধ্য অনুসাৰ॥
ভাল মন্দ অনুসাৰ,  ফল ভোগ হব তাৰ,
 ৰাপৰ শকতি নাই হাত এড়াইবাৰ॥


  1. পটন্তৰ-উপমা।
  2. মৰীচিকা -ৰদ পড়িলে বালীত জ্বল ভ্ৰম, মৃগতৃষ্ণা।