পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰথম বাৰৰ ভূমিকা।

 মহামান্য লেপ্টেনেম্ণ্ট গবৰ্ণৰ শ্ৰীযুক্ত কাম্বেল সাহাবৰ অনুগ্ৰহত আমাৰ মাতৃভাষা বিদ্যালয় সকলত পঢ়াবলৈ আজ্ঞা দিছে। কিন্তু পুথি নোহোৱা গতিকে লৰা ছোৱালী বিলাকৰ পঢ়াৰ ক্ষতি হোৱা যেন-দেখি (নথকাৎকৈ বেয়াও ভাল এই ভাবি) নগাঁওৰ নৰ্ম্মাল স্কুলৰ পণ্ডিত যুক্ত দীনবন্ধু তৰ্কালঙ্কাৰ মহাশয়ৰ উৎসাহত এই ক্ষুদ্ৰ পুথিখনি স্কুলত ব্যবহাৰ হবা আশায়ে অসমীয়া ভাষাত ৰচনা কৰা গৈছে। ইয়াত অন্য অন্য কোন লোকৰো জ্ঞানগৰ্ভ পদ্য ৰচনা গ্ৰহণ কৰিছোঁ, আৰু যি সকলৰ পদ্য লোৱা হৈছে, তেঁও বিলাকৰ সংক্ষেপ নাম প্ৰত্যেক পদ্যৰ তলত দিয়া গৈছে। মই তেঁও বিলাকৰ পদ্যৰ কোনো অংশ পৰিবৰ্ত্তন অথবা একেবাৰে পৰিত্যাগ কৰিছোঁ। তাক যেন দয়া গুণে তেঁও বিলাকে মাৰ্জ্জনা কৰিব। যদি ক্ষুদ্ৰ পুথিখনিৰ দ্বাৰাই পাঠাৰ্থী লৰা চোৱালী বিলাকৰ অলপমানো উপকাৰ হয়, তেন্তে সকলো পৰিশ্ৰমৰ দুঃখ সফল বোধ কৰিম, ইতি।

নগাঁও।
১৮০০ শক
  শ্ৰীপদ্মহাস গোস্বামী।