সমললৈ যাওক

পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৯ )

দয়া।
দয়া অতি মনোহৰ।
যিতো দিয়ে যিতো লয়,   দুইৰো উপকাৰ হয়,
এহি সে কাৰণে দয়া অতি মনোহৰ॥
দয়া গুণৰ আধাৰ।
সব গুণ থাকে যাৰ,   দয়া যদি নাই তাৰ,
নাই জানা সেই সব গুণৰ আধাৰ।
দয়া সহজেতে পায়॥
আন বস্তু দান দিলে,   ঘূৰি একো নাহি মিলে,
দয়া দিলে জানা দয়া সহজেতে পায়॥
দয়া ঈশ্বৰৰ গুণ।
আমি সেই দয়া গুণে,   সুখ পাঁও পাৰোমানে,
সি কাৰণে হয় দয়া ঈশ্বৰৰ গুণ॥
দয়া মনৰ ভূষণ।
ইসে মন ব্যাপ্ত কৰে,   শত্ৰুকো বান্ধব কৰে,
কিবা চমৎকাৰ দয়া মনৰ ভূষণ॥
দয়া সংসাৰ শিকলি।
ইসে বান্ধে দেশ কাল   একো নাই মন্দ ভাল,
সন্ধি [] নাই তেও দয়া সংসাৰ-শিকলি॥

জি. ৰ


  1. * সন্ধি-গাঁঠি।