পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৫)

ধন্য সেই ধন্য সাধু ধন্য মহাজন।
সত্যৰ নিমিত্তে যিতো কৰে প্ৰাণপণ॥
সত্যৰ মহিমা কত কৰিবো বৰ্ণন।
সত্যতাই ধৰ্ম্ম হয় জীবৰ ভূষণ॥
সত্যই সুখৰ মূল সত্যই জীবন।
ইহ পৰ কালে নাই সত্য সম ধন॥
সত্যত চলিলে হয় আনন্দ অপাৰ।
সত্যবাদী লোক হয় সুখৰ আধাৰ॥
সত্যতে সবাৰো হয় বিশ্বাসৰ স্থান।
সত্যই দুঃখৰ পৰা কৰে পৰিত্ৰাণ॥
সংসাৰত আছে যত যত নৰগণ।
সত্য বিনে কাৰো কতো নহ'ব তৰণ॥
সত্যৰ নাহিকে নাশ নাহিকতো ক্ষয়।
সকলো ঠাইতে হয় সত্যৰ বিজয়॥
সত্যৰ আধাৰ সেই প্ৰভু নিৰঞ্জন।
আমাসাক কৰিবন্ত সৰ্ব্বদা ৰক্ষণ॥
ভয় কি হে শিশুগণ? সবে সাঁচা সত্য।
প্ৰাণপণে কেতিয়াও ন কৰা অসত্য॥