পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৪ )

সত্যনিষ্ঠ যুধিষ্ঠিৰ ধৰ্ম্মৰ নন্দন।
সত্যৰ নিমিত্তে তেঁৱো ভ্ৰমিলন্ত বন॥
সত্য হেতু যান বনে লক্ষ্মণ সংহতি।
দশৰথ পুত্ৰ ৰামচন্দ্ৰ মহামতি॥
চতুৰ্দ্দশ বৎসৰ ভ্ৰমিয়া বনে বনে।
পালন কৰিলে পিতৃ-বাক্য সযতনে।
শ্ৰীচৈতন্য, নবদ্বীপে হৈয়া আবিৰ্ভূত।
আচৰিলে সত্যধৰ্ম্ম অতি অদভুত॥
ঈশ্বৰৰ গুণামৃতে প্ৰেমিক হইয়া।
সংসাৰৰ মায়ামোহ সমস্ত তেজিয়া॥
দেশে দেশে ভিক্ষা করি কাটিলে জীবন।
হৃদয়ত ভাবি সদা নিত্য নিৰঞ্জন॥
সত্যপৰ যিশুখ্ৰীষ্ট আছিলে সুজন।
সত্যৰ নিমিত্তে তেৱোঁ তেজিলে জীবন॥
মহাদুষ্ট লোকে তাঙ্ক কত কষ্ট দিলে।
তথাপিতো কেতিয়াও সত্যক নেড়িলে॥
এক ৰজা আছিলন্ত বৰ্দ্ধমান ধামে।
সত্যবাদী জিতেন্দ্ৰিয় “ৰামমোহন” নামে।
পিতৃ মাতৃ ভাই বন্ধু গৃহ ৰাজ্য ধন।
সত্যৰ নিমিত্তে সব কৰিলে বৰ্জ্জন॥